মইনাক সুন্দৰৰ পূজাৰী হিচাপে গঢ়ি তুলিবলৈ তেজপুৰৰ বাৰহলীয়া মইনা পাৰিজাতৰ তৎপৰতা

বিশিষ্ট সমল ব্যক্তিৰ দ্বাৰা বক্তৃতা, কবিতা আবৃত্তি, যোগাসন, জ্যোতি সংগীত আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতৰ কৰ্মশালা সম্পন্ন

0 15

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৪ এপ্ৰিল : “আমি পোহৰ বিচাৰি যাওঁ” শীৰ্ষক মন্ত্ৰেৰে শিশু সকলক নিজৰ নিজৰ সুকুমাৰ কলা বিকাশেৰে সমাজৰ একোগৰাকী সুন্দৰৰ পূজাৰী হিচাপে গঢ়ি তুলিবলৈ গঠন হোৱা সদৌ অসম মইনা পাৰিজাতৰ তেজপুৰৰ বাৰহলীয়া শাখাইও চহৰখনৰ শিশুসলৰ প্ৰতিভা বিকাশৰ বাবে কেতবোৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰি আহিছে। এনে পদক্ষেপৰ অংশ হিচাপেই বাৰহলীয়া মইনা পাৰিজাতে এইবাৰ আয়োজন কৰে শিশু সকলৰ সুকুমাৰ কলা বিকাশৰ বাবে এক বিশেষ কৰ্মশালাৰ। তেজপুৰৰ ৰংমহল বিবাহ ভৱনত কালি আয়োজন কৰা এই কৰ্মশালাত এইবাৰ বক্তৃতা, কবিতা আবৃত্তি, যোগাসন আৰু জ্যোতি সংগীত আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতৰ চাৰিটা দিশৰ ওপৰত মইনা সকলক পাৰদৰ্শী কৰি তোলাৰ লক্ষ্যৰে ইয়াৰ আদিপাঠ দিয়া হয়। বিশিষ্ট অনাতাঁৰ শিল্পী দুৰ্গাময়ী বৰাই জ্যোতি সংগীত আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত শুদ্ধ শৈলীৰে পৰিৱেশন কৰাৰ পাঠদান কৰাৰ লগতে আবৃত্তিকাৰ ৰুবী বৰাই কবিতা আবৃত্তিৰ বিভিন্ন শৈলী, যোগ প্ৰশিক্ষিকা নমিতা ডেকা লহকৰে যোগাসনৰ আৰু শিশু সাহিত্যিক দিলীপ কুমাৰ বৰুৱাই বক্তৃতা প্ৰদানৰ বিভিন্ন দিশৰ ওপৰত প্ৰায় একুৰি মইনাক পাঠদান কৰি মইনা সকলক সেই নিৰ্দিষ্ট বিষয় সমূহত পাৰদৰ্শী কৰি তুলিবলৈ চেষ্টা চলায়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More