মইনাৰ মৌমাতেৰে মুখৰিত হ’ল তেজপুৰ 

তেজপুৰত অসম সাহিত্য সভাৰ যুৱ সংসদৰ উদ্যোগত আৰু অপৰাজিতা মইনা পাৰিজাতৰ সহযোগত মনোৰম অনুষ্ঠান

0 21
শতাব্দ প্ৰতিনিধি ,তেজপুৰ, ১৮ জুলাইঃ সাহিত্য-শিল্প-কলা আৰু সংস্কৃতিয়েই হ’ল এটা জাতিৰ স্বকীয় পৰিচয়। শক্তিশালী সাহিত্য-সংস্কৃতি-শিল্পকলা অবিহনে জাতিৰ শক্তিশালী আত্মপ্ৰকাশ নঘটে বুলি আজি তেজপুৰত মন্তব্য কৰে অসম সাহিত্য সভাৰ উপ-সভাপতি মৃণালিনী দেৱীয়ে। উল্লেখ্য যে, অসম সাহিত্য সভাৰ যুৱ সংসদ উপ সমিতিৰ উদ্যোগত আৰু তেজপুৰৰ অপৰাজিতা মইনা পাৰিজাতৰ সহযোগত আজি অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসমৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠানটিৰ উপ সভাপতি মৃণালিনী দেৱীয়ে সাহিত্য বা সংস্কৃতিয়েহে সমাজখনক এক বৌদ্ধিক বাতাবৰণ সৃষ্টিৰে বা সূচনাৰে চিন্তন আৰু মনন জগতখনক প্ৰভাৱিত কৰি সমৃদ্ধিশালী কৰি তোলে বুলি মন্তব্য কৰে। ভাষণ প্ৰসংগত অসম সাহিত্য সভাৰ উপ-সভাপতিগৰাকীয়ে ইতিহাস তথা বৰ্তমান আৰু ভৱিষ্যতৰ সংযোগ সাধনেৰে মানুহৰ মন তথা মানসিক আত্মাক আলোড়িত কৰাৰ ক্ষেত্ৰত সাহ্যিতই অপৰিসীম শক্তি যোগাই বুলি মন্তব্য কৰে। সাহিত্যৰ যি সৌন্দৰ্য, সেই সৌন্দৰ্যৰ মাজেৰে মানুহৰ জীৱন যাত্ৰাক গতি প্ৰদান কৰি জীৱনমুখী চেতনাক ব্যক্ত কৰি তোলে বুলিও মন্তব্য কৰে। উল্লেখ্য যে, মইনাৰ মৌ মাত আদিৰে মুখৰিতে মনোৰম এই অনুষ্ঠানটিত অসম সাহিত্য সভাৰ আজীৱন সদস্যা তথা অপৰাজিতা মইনা পাৰিজাতৰ সম্পাদিকা বিউতি বেজবৰুৱাৰ ‘অনুৰণন’ শীৰ্ষক আবৃত্তিৰ এটি এলবামো মুকলি কৰি অশীতিপৰ মৃণালিনী দেৱীয়ে অতি মননশীল ভাষণ প্ৰদান কৰি উপস্থিত ৰাইজক মুগ্ধ কৰি তোলে। ‘মা নিষাদ প্ৰতিষ্ঠাং ত্বমগম শ্বাশ্বতী সমা্‌’ শীৰ্ষক শ্লোকেৰে ভাষণ আৰম্ভ কৰি কবিতাৰ পংক্তিসমূহে পাঠক আৰু কবিগৰাকীৰ মাজত এক মহাসেতুৰ সন্ধান দিয়ে বুলি কৈ কবিসকলক সেয়েহে স্ৰষ্টা আৰু দ্ৰষ্টা বুলি কোৱা হয় বুলি মন্তব্য কৰি কবিতাসমূহত কবিৰ প্ৰাণৰ স্পন্দন, আংগিক অলংকাৰ, ব্যঞ্জনা, চিত্ৰ, উপমা, ৰূপক, বা প্ৰতিকী কল্পনাসমূহত বাস্তৱ সত্যৰ নিহীত হৈ থাকে বুলিও কয়। আনহাতে প্ৰাচীন আৰু আধুনিক কবিতাত কল্পনাৰ অন্তৰ্নিহিত উদ্দেশ্য তথা বৈদিক সাহিত্যত উপমাৰ প্ৰয়োগৰ বিষয়েও আলোকপাত কৰে। অসম সাহিত্য সভাৰ উপ-সভাপতি মৃণালিনী দেৱীক অপৰাজিতা মইনা পাৰিজাতৰ তৰফৰ পৰা প্ৰশস্তি পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰা তথা তেজপুৰ বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰী ৰ’দালী শৰ্মাই আঁত ধৰা অতি মনোৰম অনুষ্ঠানটিত আদৰণি ভাষণ দাঙি ধৰে অপৰাজিতা মইনা পাৰিজাতৰ সম্পাদিকা বিউতি বেজবৰুৱাই। অপৰাজিতা মইনা পাৰিজাতৰ সদস্যাসকলৰ ‘চিৰ চেনেহী মোৰ ভাষা জননী’ শীৰ্ষক গীতেৰে আৰম্ভ হোৱা অনুষ্ঠানটিৰ প্ৰাকমুহূৰ্তত মুখ্য অতিথি মৃণালিনী দেৱীয়ে কেইবাটিও মইনাৰ IMG 20220718 WA0055সহযোগত বন্তি প্ৰজ্বলন কৰে। তেজপুৰ চহৰৰ উত্তৰ অসম বণিক সন্থাৰ সন্মিলন কক্ষত অনুষ্ঠিত এই অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰা তেজপুৰ সাহিত্য সভাৰ সভাপতি ডঃ ভূপেন শইকীয়াই একোটি কবিতা সুন্দৰ শৈলীৰে আবৃত্তিৰ পৰ্যায়লৈ উন্নীত হ’লে কবিতাটিয়ে প্ৰকৃত মৰ্যাদা লাভ কৰে বুলি মন্তব্য কৰি কবিতা মানুহৰ সুপ্ত অনুভূতিৰ কলাসুলভ বহিঃপ্ৰকাশ বুলি মন্তব্য কৰে। অপৰাজিতা মইনা পাৰিজাতৰ কেবাটিও কণ কণ মইনাই নিজেই নাগাৰা আৰু তাল বাদন কৰি দিহানাম পৰিৱেশন কৰা অনুষ্ঠানটিত বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মাই চমু ভাষণ প্ৰদান কৰি আবৃত্তি এক উৎকৃষ্ট কলা বুলি মন্তব্য কৰি এই কলা শুদ্ধ শৈলীৰে আয়ত্ত কৰিব পাৰিলে কবিতাৰ লগতে আবৃত্তি কলাইও পূৰ্ণতা পাই বুলি মন্তব্য কৰে। অসম সাহিত্য সভাৰ প্ৰচাৰ সম্পাদক পংকজ বৰুৱা, শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি বাসুদেৱ শৰ্মা, সম্পাদক দুলাল নাথ, দৰং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ অৱণী কুমাৰ শৰ্মাই সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰা অপৰাজিতা মইনা পাৰিজাতৰ মইনা নিকিতা শইকীয়াই অনুষ্ঠানটিত মৃণালিনী দেৱীৰ এখন সুন্দৰ প্ৰতিছবি অংকন কৰি নিজে অৰ্পন কৰাৰ মুহূৰ্তত ছবিখন প্ৰত্যক্ষ কৰি অভিভূত হৈ পৰে মৃণালিনী দেৱীৰ লগতে উপস্থিত অতিথিবৃন্দ। উল্লেখ্য যে,এইগৰাকী মইনাই অপৰাজিতা মইনা পাৰিজাতৰ ইতিহাস আৰু কামকাজ অতি সুন্দৰ ৰূপত বাগ্মিতাৰে আলোকপাত কৰা অনুষ্ঠানটিত ডঃ ভবেন্দ্ৰনাথ শইকীয়াৰ ‘গছ ভালপোৱা ককাৰ খং’ শীৰ্ষক শিশু কবিতাটি সুন্দৰ ৰূপত মইনা প্ৰণাক্ষী বৰাই আবৃত্তি কৰাৰ লগতে আন এগৰাকী মইনা প্ৰতিষ্ঠা দেৱীয়েও এটি শিশু কবিতা অ’ কুলি অ’ কুলি আবৃত্তি কৰে। অপৰাজিতা মইনা পাৰিজাতৰ সদস্যা নিতা শৰ্মাই বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত পৰিৱেশন কৰা এই অনুষ্ঠানত বিগত হাইস্কুল শিক্ষান্ত পৰীক্ষাত দশম স্থানেৰে তেজপুৰলৈ সুনাম কঢ়িয়াই অনা কল্লোল বিশ্বাসক অপৰাজিতা মইনা পাৰিজাতে বিশেষভাৱে অভিনন্দন পত্ৰৰে অভিনন্দন জনোৱাৰ লগতে  ‘অনুৰণন’ শীৰ্ষক আবৃত্তিৰ এলবামটিৰ সংগীত ব্যৱস্থাপক সীমান্ত কাকতিকো সন্মান প্ৰদান কৰে। আনহাতে অপৰাজিতা মইনা পাৰিজাতৰ সভানেত্ৰী বন্দনা হাজৰিকাই শ’লাগ জ্ঞাপন কৰা অনুষ্ঠানটিত অসম সাহিত্য সভাৰ যুৱ সংসদ উপ-সমিতিৰ আহ্বায়ক সিদ্ধাৰ্থ শংকৰ বেজবৰুৱাই ভাষণ প্ৰদান কৰি সমগ্ৰ বিশ্বৰ ভিতৰতেই জিলিকি থকা সৰ্ববৃহৎ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাই বৌদ্ধিক আন্দোলন আগবঢ়াই নিয়াৰ প্ৰতিশ্ৰুতিৰে যুৱ সংসদে ৰাজ্যজুৰি এনেদৰে বৌদ্ধিক অনুষ্ঠানৰ আয়োজন কৰি অহাৰ কথা সদৰি কৰে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More