মই বিদেশতো অসমীয়াতে ভাষণ দিওঁঃ যাদৱ পায়েং

কেন্দ্ৰীয় ৰঙালী উৎসৱৰ সমন্বয় সাংস্কৃতিক শোভাযাত্ৰাৰে উখল-মাখল লখিমপুৰ

0 72

 শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৫ মেঃ ‘মই বিদেশতো অসমীয়া ভাষাত ভাষণ দিওঁ। সেই ভাষা কোনোৱাই জানিলেও জানক, নাজানিলেও মোৰ দৰকাৰ নাই। আমি অসমীয়া ভাষাটোক লৈ গৌৰৱ কৰিব লাগে। অসমীয়া ভাষা, সংস্কৃতি অবিহনে দেশৰ উত্তৰণ হ’ব নোৱাৰে। — এই মন্তব্য অৰণ্য মানব যাদব পায়েঙৰ। আজি উত্তৰ লখিমপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত একাদশ বার্ষিক কেন্দ্রীয় ৰঙালী উৎসৱ লখিমপুৰ ২০২২ৰ সমন্বয় সাংস্কৃতিক শোভাযাত্রা উদ্বোধন কৰিবলৈ আহি তেওঁ এনেদৰে মন্তব্য কৰে। তেওঁ আৰু কয় আমি ভাষা-সংস্কৃতি জীয়াই ৰখাৰ ক্ষেত্ৰত প্রত্যেকেই অংগীকাৰবদ্ধ হ’ব লাগে। বিশ্বৰ ১৩ খন দেশেহে ইংৰাজী কয়। বাকী সকলে নিজৰ মাতৃভাষাত কথা কয়। চৰকাৰে মাতৃভাষাত দশম শ্রেণীলৈকে শিক্ষা দিব লাগে। ভাৰত চৰকাৰে শেহতীয়াকৈ যি ৰাষ্ট্ৰীয় শিক্ষানীতি গ্রহণ কৰিছে সেয়া প্রশংসনীয়। কিন্তু আমাৰ চৰকাৰে অসমীয়া; হিন্দী, সংস্কৃত, বঙালী সকলোবোৰ জাপি দিছে। আজিকালি লৰা-ছোৱালীয়ে কেইটামান ইংলিছ শিকি ফাডাৰ, মাদাৰ, পাপা-মামা বুলি মাক-দেউতাকক পাহৰি গৈছে। আমাৰ শিক্ষানীতি সংস্কাৰ কৰি নতুনকৈ অধ্যয়ন কৰিবলৈ ১২ বছৰ সময়ৰ প্ৰয়োজন হ’ব।Jadav Payeng

বিহু উপলক্ষে আজি তেওঁ লখিমপুৰ কমাৰ্চ কলেজৰ প্ৰাংগণত গছ পুলি ৰোপণ কৰি কয় যে আগৰ দিনত একোজোপা গছৰ তলত ঋষি মুনিয়ে যি শিক্ষা দিছিল সেই শিক্ষা আছিল প্রকৃত শিক্ষা। গছপুলি ৰোপণৰ ক্ষেত্ৰত তেওঁ কয় যে গছপুলি ৰোপণ কৰিলেই নহব, কি পুলি ৰোপণ কৰিব লাগিব তাক সঠিক ভাবে নির্বাচন কৰাৰ উপৰি উপযুক্ত ভাৱে প্রতিপালন কৰিব জানিব লাগিব। উল্লেখ যে বৃক্ষ ৰোপনৰ পিছতে আজি কেন্দ্রীয় ৰঙালী উৎসৱৰ আটকধুনীয়া সাংস্কৃতিক শোভাযাত্রা উদ্বোধন কৰে অৰণ্য মানৱ যাদৱ পায়েঙে। আজিৰ সাংস্কৃতিক শোভাযাত্ৰাত লখিমপুৰৰ বিভিন্ন সাংস্কৃতিক দলে অংশগ্রহণ কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More