মই সৰ্পই কৈছোঁ,

মানুহৰ আয়ুস সাপৰদ্বাৰাহে নিয়ন্ত্ৰিত

0 612

ডাঃ সুৰজিত গিৰি
“আজি মোৰ দিৱস। আমাক যুগ যুগ ধৰি ভুলকৈ উপস্থাপন কৰা হৈছে।সেইবাবে মোৰ বিষয়ে ৰাইজে ভালদৰে জানক বুলিয়েই গোটেই বিশ্বতে আজি দিনটো(১৬ জুলাই) বিশ্ব সৰ্প দিৱস হিচাপে পালন কৰা হয়।
আপোনালোকে  জানেনে গোটেই বিশ্বতে ৩৫০০০ প্ৰজাতিৰ সাপ আছে।আপোনালোকে জানি আচৰিত হ’ব গোটেই বিশ্বত মাত্ৰ ২০০ প্ৰজাতিৰ সাপহে  বিষাক্ত।তথাপি কিন্তু আমাক দেখিলেই ৰাইজে দহ জাপ মাৰে। আমিও আপোনালোকক দেখিলে পলাই পত্ৰং দিওঁ। যুগ যুগ ধৰি আপোনালোকৰ  সমাজত প্ৰচলিত বিভিন্ন অন্ধবিশ্বাসবোৰৰ কাৰণে আপোনালোকে আমাক দেখিলেই মাৰিবলৈ খেদি আহে আৰু কেতিয়াবা আকৌ আপোনালোকে আমাক পূজাও কৰে।
আপোনালোকৰ ভুল নাই।সৰুৰে পৰা আমাৰ বিষয়ে আপোনালোকক অহেতুক ভয় খুওৱা হৈছে।বিভিন্ন আখ্যান, কাহিনী, চিনেমা, টিভি ধাৰাবাহিক আদিত আমাক ভুলকৈ উপস্থাপন কৰা হৈছে।সেয়েহে ডাক্তৰ গিৰিৰ এই লেখাৰ দ্বাৰা আপোনালোকক আজি আমাৰ দিৱসৰ দিনটোতেই মানৱ সমাজত যুগ যুগ ধৰি প্ৰচলিত কিছুমান অন্ধ বিশ্বাসবোৰ জনাবলৈ আগবাঢ়ি আহিছো।”images
১) সাপ মানেই কাল নহয়।আমাৰ বাকী প্ৰাণীৰ দৰে হাত, ভৰি নাই।আপুনি ভাবকচোন আপোনাৰ হাত ভৰি নাথাকিলে কেনে আলাই  আথানি হ’ব?দেহাটোৰে বগাই যাব লাগে।আমাতকৈ ডাঙৰ প্ৰাণীৰ ভৰিৰ তলত পৰিলে আমাৰ প্ৰাণ বায়ু যায়গৈ।আজি কালি আকৌ ৰাস্তা পাৰ হওঁতে গাড়ীৰ চেপাত আমাৰ বহু সাপৰ মৃত্যু হৈছে।আপোনাক কোনোবাই আক্ৰমণ কৰিলে যেনেকৈ আপুনি আক্ৰমণকাৰীক চৰ বা গোৰ মাৰি নিজক ৰক্ষা কৰিবলৈ হাত বা ভৰি আছে, তেনেকৈ আমি নিজকে ৰক্ষা কৰিব নোৱাৰো।আপোনালোক আৰু পৃথিৱীৰ সকলো জীৱৰ দৰে মোৰো মৰিবলৈ ভয় লাগে।যিহেতু মই নিজকে ৰক্ষা কৰিবলৈ  মোৰ কোনো হাত ভৰি আদি নাই বাবে মোক  ভগৱানে আমাক আক্ৰমণ হিচাপে দংশন কৰিবলৈ গঢ় দিছে।অৰ্থাৎ প্ৰত্যাক্ৰমণতহে মানুহ জাতিটোক আমি দংশন কৰোঁ।  সকলো সৰ্প বিষাক্ত নহয়।অসমত পোৱা প্ৰায় ১০০ টা প্ৰজাতিৰ ভিতৰত মাত্ৰ ৬ বিধ সাপহে বিষাক্ত।এই ৬ বিধ সাপ ভালকৈ চিনি পাওঁক আৰু এওঁলোকৰ পৰা দূৰৈত থাকক। ডাঃ গিৰিৰ তথ্য মতে মাত্ৰ ১৯% ব্যক্তিকহে বিষাক্ত সাপে দংশন কৰে।অৰ্থাৎ আমি কাল নহয়।যুগ যুগ ধৰি আমাক ভুলকৈ আপোনালোকৰ আগত উপস্থাপন কৰা হৈছে।ডাঃ গিৰিৰ তথ্যমতে আমাৰ সাপবোৰ যিমানেই বিষাক্ত নহওঁক কিয়, ইয়াৰ সম্পূৰ্ণ মেডিকেল চিকিৎসা আছে।

২)নাগিন চিনেমাত আমাক উপস্থাপন কৰাৰ দৰে আমি প্ৰতিশোধ লব নোৱাৰো।imagesআমাৰ কাৰোবাৰ লগৰীক আপুনি মাৰিলে, আপোনাক বিচাৰি বিচাৰি মাইকী সাপডালে আপোনাক দংশন কৰিছে আৰু লগৰীৰ হত্যা কৰাৰ পোতক লৈছে।মনত ৰাখিব আমাৰ বাকী প্ৰাণীৰ দৰে কোনো স্মৃতি শক্তি নাই।অৰ্থাৎ স্মৃতি শক্তি ধৰি ৰাখিব পৰা মগজুৰ সেই বিশেষ অংশ আমাৰ পুৰঠ নহয়।বেলেগ প্ৰাণীৰ দৰে আমি আনকি আমাৰ সন্তান বোৰকো চিনি নাপাওঁ।জন্মৰ লগে লগে আমাৰ সন্তানবোৰ দিহিঙে দিপাঙে যায়গৈ।জন্মৰ লগে লগে সিহঁতি একো একোজন চিকাৰী হ’ব লাগিব, নহলে সিহঁতি কাৰোবাৰ চিকাৰ হৈ মৃত্যুবৰণ কৰে।মাত্ৰ সংগমৰ সময়তহে আমি একেলগ হওঁ।তাৰপাছত আনকি মোৰ লগৰীকো মই চিনি নাপাওঁ।যদি আমি আমাৰ সন্তানকে চিনি নাপাওঁ, মোৰ স্ত্ৰীকে চিনি নাপাওঁ,তেনেহলে মোৰ লগৰীক মৰা মানুহজনক কেনেকৈ চিনি পাম?কথাটো অলপ ভাবকচোন?

৩) গাখীৰ আমাৰ প্ৰিয়
আমি স্তন্যপায়ী জীৱ নহয়।আমি গাখীৰ হজম কৰিব নোৱাৰো।আমি গাখীৰ খালে,হজম কৰিব নোৱাৰি আমাৰ বিভিন্ন পেটৰ বেমাৰ হৈ আমাৰ বহু সাপৰ মৃত্যু মুখত পৰিছে।তেনে হলে আপুনি ইণ্টাৰনেটত ফেঁটী সাপে গাখীৰ খোৱা দৃশ্যটো মিছা নেকি?মিছা নহয়।সাপ ধৰি ভেল্কী বাজি দেখুৱা মানুহবোৰে আমাক ধৰি বাকচ এটাত ভৰাই দিয়ে আৰু ১০-১৫ দিনলৈকে একো পানী খাদ্য আদি খাব নিদিয়ে।যিদিনাখন ভিডিঅ’ বনায়,সেই দিনাখন আমাৰ সন্মুখত গাখীৰৰ বাতি এটা থৈ দিয়ে।বেচেৰা আমাৰ লগৰজন ভোক আৰু পিয়াহত আতুৰ হৈ সন্মুখত যিয়ে পায় তাকে খায়।অৰ্থাৎ আমাৰ লগৰজনে গাখীৰক পানীয় বুলি হে খায়।সেই সময়ত আমাৰ লগৰজনৰ সন্মুখত বিয়েৰ থলেও খাব।১৫ দিন ভোকত আৰু পিয়াহত থকা মানুহ এজনক আপুনি যি খাব দিয়ে,সি খাবই, নহয় জানো!

ঠিক তেনেদৰে গোৱাল সাপে গৰুৰ স্তন চুপি গাখীৰ খোৱা কথাটোও সম্পূৰ্ণৰূপে মিছা।যেনেকৈ আজি জন্ম হোৱা নৱজাতকক মাকৰ স্তনৰ পৰা গাখীৰ চুপিবলৈ ট্ৰেইনিং দিয়া হয়,তেনেকৈ আমাৰ সন্তানোকো গাখীৰ চুপিবলৈ ট্ৰেইনিং দিব লাগে।আমি তেনেকুৱা কোনো ট্ৰেইনিং নিদিওঁ।আপোনালোকে কোনোবাই দিয়ে যদি নাজানো।লগতে গাখীৰ চুপিবলৈ মানুহৰ নিচিনাকৈ আমাৰ তালু আৰু জিভা থাকিব লাগিব।মানুহৰ বা অন্য স্তন্যপায়ী প্ৰাণীৰ নিচিনাকৈ আমাৰ তেনে তালু নাই আৰু আমাৰ জিভাডালো সৰু আৰু ফটা।ফটা জিভাৰে আমি কেনেদৰে গাখীৰ চুপিম, আপোনালোকেই কওঁকচোন?
৪)আমি সংগীতৰ তালে তালে নাচো
গোকাট মিছা।আমাৰ বাকী জীৱৰ দৰে আমাৰ কোনো বহিঃ কৰ্ণ নাই।তেনেহলে সাপধৰা মানুহবোৰে বীণ বজালে আমাৰ লগৰ ফেঁটী সাপবোৰ বীণৰ তালে তালে নচা বা নাগিন চিনেমাত দেখুৱাৰ দৰে সাপডালে নচা দৃশ্যবোৰ মিছা নেকি?

সকলো প্ৰাণীৰে যেনেকৈ ভাৰসাম্য ৰক্ষা কৰিবলৈ চেৰেবেলাম বোলা মগজু থাকে, আমাৰো আছে।কিন্তু আমাৰ ফেঁটী সাপডালৰ এই মগজুটো অত্যন্ত সক্ৰিয়।সেই বাবে ফেঁটী সাপৰ সন্মুখত যিকোনো বস্তু লৰচৰ হৈ থাকে, ফেঁটী সাপডালে সেই লৰচৰ কৰা বস্তুটোহে অনুসৰণ কৰি মূৰটোও তেনেদৰেই লৰচৰ কৰে।বীণটো স্থিৰ কৰি থলে সাপডালো স্থিৰ হৈ থাকে। অৰ্থাৎ আমি গীতৰ তালে তালে নানাচো।সাপ ধৰা মানুহবোৰে বা নাগিন চিনেমাত আপোনালোকক ভেল্কী বাজীবোৰহে দেখুৱাইছিল।

৫)কিছুমান সাপৰ বিহ নেজত থাকে।
সম্পূৰ্ণ মিছা।বিষাক্ত সাপৰ বিহ, সাপৰ মুখত থকা বিহ গ্ৰন্থিত থাকে।দংশনৰ সময়ত বিহ গ্ৰন্থিৰ সংকোচন হৈ মুখত থকা বিহ দাঁতলৈ আহে আৰু বিহ দাঁত কেইটাৰে কামুৰি দি আমি বিহ এৰি দিওঁ।নেজত বিহ দাঁত,বিহ গ্ৰন্থি থকাৰ কোনো অৱকাশেই নাই।

৬)বহু মূৰ থকা সাপ

সকলো জীৱৰ যেনেদৰে মাত্ৰ এটা মূৰ আছে, আমাৰো এটাই মূৰ থাকে।কোনোবা সাপৰ যদি একাধিক মূৰ দেখিছে, তেনেহলে সেইটো এটা জন্মগত বিসংগতি।এনেকুৱা বিসংগতিৰ সাপবোৰ বেছি দিনলৈ জীয়াই নাথাকে।

৭)উৰণীয়া সাপ
পৃথিৱীত কোনো উৰণীয়া সাপ নাই।আমাৰ লগৰ লাহী কিছুমান সাপ ওখ গছৰ পাতে পাতে বগাওঁতে তলৰপৰা উৰি যোৱা নিচিনা লাগে।
৮) এডাল সাপ মাৰিলে, পিছদিনা সেই একে ঠাইতে ৬-৭ ডাল সাপে প্ৰতিশোধ লবলৈ আহে।

আচলতে তেনে কথা নহয়।যিডাল সাপ মানুহজনে মাৰিছিল, সেইডাল মাইকী সাপ আছিল। যেতিয়া মানুহজনে মৰিয়াই মৰিয়াই সাপডাল মাৰিছিল, সাপডালৰ দেহৰ পৰা সেই পৰিৱেশৰ বায়ুমণ্ডলত পুৰুষ সাপক আকৰ্ষিত কৰিব পৰা হৰমোন নি:সৰিত হৈছিল।সেই ফেৰমনৰ গোন্ধৰ প্ৰতি আকৰ্ষিত হৈ তাৰ  উৎস বিচাৰি ওচৰে পাজৰে থকা পুৰুষ সাপবোৰৰ সেই স্থানলৈ আগমন হৈছিল।কিন্তু আপোনালোকে/মানুহ সমাজে সাপে প্ৰতিশোধ লবলৈ আহিছে বুলি ভাবে।আপোনালোকৰ দোষ নাই।আমাৰ নাগিন চিনেমাত কথাবোৰ তেনেকৈয়ে প্ৰক্ষেপ কৰা হৈছিল।মনত ৰাখিব আমাৰ আপোনালোকৰ দৰে পুৰঠ মগজু নাই।কাৰোবাক দেখাৰ পাছত, আপোনালোকৰ দৰে আমি মগজুত সেই স্মৃতি ধৰি ৰাখিব নোৱাৰো।আমাৰ কোনো স্মৃতি শক্তি নাই।

৯)নাগমণি
চিনেমা, টিভি আদিত সঘনে দেখিবলৈ পোৱা নাগমণি পাবলৈ হাবাথুৰি খোৱা, নাগমণি পালে শক্তিশালী হোৱা,ধন-ঐশ্বৰ্যৰ আগমন হোৱা আদি সম্পূৰ্ণ ভিত্তিহীন উপস্থাপন।কোনো সাপৰ মূৰত তেনে মণি নাই।

১০)কিছুমান সাপে চকু ফুটাই দিয়ে।
হা ! হা ! ভাইন সাপৰ মূৰটো জোঙা বাবে বহুতে চকু ফুটাই বুলি কয়।কিন্তু সেয়া সম্পূৰ্ণৰূপে মিছা।এই সাপে, বাকী  সাপৰ দৰেই দংশন কৰে।চকু ফুটাব নোৱাৰে।মাত্ৰ মূৰটো জোঙা হোৱা বাবে সমাজত এই সাপডালৰ বিষয়ে এটা ভ্ৰান্ত ধাৰণা প্ৰচলিত হৈ আছে।

সাপৰ মানৱ সমাজত ভূমিকা

এযোৰ এন্দুৰে বছৰি ৪০০ এন্দুৰ জন্ম দিব পাৰে।এটা এন্দুৰ ১৫ কেজি ধান/শস্য ধ্বংস কৰিব পাৰে।৪০০ টা এন্দুৰে ৬০০০ কেজি ধান নষ্ট কৰিব পাৰে।ধৰা হওক ৪০০ টা এন্দুৰৰ ভিতৰত ১৭৫ টা স্ত্ৰী আৰু ১৭৫ টা পুৰুষ এন্দুৰ আছিল।আকৌ তেওঁলোকৰ মিলন হৈ বছৰি ৭০,০০০ নিগনি হব পাৰে।এই  ৭০,০০০ এন্দুৰ কেইটাই ১০লাখ ৫০ হেজাৰ ধান/শস্য নষ্ট কৰিব পাৰে।

কিন্তু আমাৰ পৰিৱেশত থকা সাপবোৰে এই এন্দুৰবোৰ ভক্ষণ কৰি, এন্দুৰৰ সংখ্যা নিয়ন্ত্ৰণ কৰি আছে বাবে আজি আমি মানৱ জাতিটোৱে পেটে ভাতে খাই জীয়াই আছো। অর্থাৎ সাপেহে আমি মানৱ জাতিটোক জীয়াই ৰাখিছে।

এটা গৱেষণাৰ মতে পৰিবেশত সাপ নাথাকিলে এজন মানুহ মাত্ৰ ১৯ বছৰহে জীয়াই থাকিব পাৰে।অৰ্থাৎ সাপেহেহ আমাক জীয়াই ৰাখিছে!

কিন্তু আমি সাপ দেখিলেই মাৰিবলৈ উদ্যত হৈছোঁ।আমি বাৰু নিজকে জীৱ শ্রেষ্ঠ বুলি কব পাৰিমনে?

উত্তৰ আপোনালোকলৈ থলোঁ।

লেখকৰ ঠিকনাঃ সংজ্ঞাহাৰক বিশেষজ্ঞ(Anaesthesiologist)
ডিমৌ গ্ৰাম্য চিকিৎসালয়
ICU বিশেষজ্ঞ
সৰ্প দংশনৰ সামাজিক কৰ্মকর্তা
শিৱসাগৰ
ফোন: ৯৪৩৫০৫৬৬২৭

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More