মঙলদৈত পলিথিনৰ তলত জীৱন কটোৱা বণিয়া দম্পতিলৈ বিভিন্নজনৰ সহায়ৰ হাত 

0 77
শতাব্দ প্ৰতিনিধি,  মঙলদৈ, ২৭ এপ্ৰিল : দৰং জিলাৰ মঙলদৈ নগৰত বৃদ্ধ বয়সত এহাল স্বামী-স্ত্ৰীয়ে অঘৰী জীৱন নিৰ্বাহ কৰি ৰাস্তাই-ঘাটে অবৰ্ণনীয় এক কদৰ্য পৰিবেশত দিন অতিবাহিত কৰা এক হৃদয়স্পৰ্শী ঘটনাই বিবেকবান ৰাইজৰ হৃদয় সেমেকাই তুলিছে । ঘটনাৰ বিষয়ে জানিব পৰা মতে এই বৃদ্ধ দম্পত্তি হালে  জীৱনৰ বিয়লি বেলাত  এটি পলিথিনৰ জৰাৰ্জীণ গৃহত অমূল্য জীৱনৰ প্ৰতিটো মুহূৰ্ত অতিক্ৰম কৰিবলৈ বাধ্য হৈছে । এসাঁজ খাই এসাজ লঘোণে কটোৱা এই বৃদ্ধ দম্পত্তি হাল হৈছে আদিত বণিয়া(৭৫) আৰু সাবিত্ৰী বণিয়া (৬২) । আজি দুয়োৰে থাকিবলৈ নাই বাসগৃহ, নাই কোনো জীৱিকাৰ পথ। মঙ্গলদৈৰ নিকটৱৰ্তী চপাই গাওঁ পঞ্চায়তৰ অন্তৰ্গত চপাই নগৰবাহী পথৰ দাঁতিত এটি জৰাজীৰ্ণ পলিথিনৰ তলত বৰ্তমান  দুয়ো পাৰ কৰিছে জীৱনৰ কঠিন দিনবোৰ । এই ঘটনা ইতিমধ্যে সমগ্ৰ ৰাজ্যতে  ৰাষ্ট্ৰ হৈ পৰাত ইয়াৰ  পিছতে বৃদ্ধ দম্পত্তিক  সহায়ৰ বাবে আগবাঢ়ি আহিছে বিভিন্নজন। এইক্ষেত্ৰত সদৌ দৰং জিলা ছাত্ৰ সন্থাই দম্পতিহালৰ খা-খবৰ লৈ আৱশ্যকীয় সামগ্ৰী সমূহ যোগান ধৰিছে । জিলা আছুৰ সভাপতি পৰাগ চহৰীয়া, সাধাৰণ সম্পাদক সম্পাদক সত্য ৰঞ্জন ডেকাৰ নেতৃত্বত এটি দলে টিনপাত, চাউল আৰু নগদ ধন আগবঢ়ায় । তেঁওলোকে অস্থায়ী ঘৰটো নিৰ্মাণ কৰি দিয়াৰ দায়িত্ব লয় । আনহাতে ঘটনাৰ খবৰ পায় জিলা উপায়ুক্ত প্ৰনব কুমাৰ শৰ্মাই  দৰং জিলা পৰিষদক এটি প্ৰধান মন্ত্ৰী আবাস যোজনা গৃহ শীঘ্ৰেই নিৰ্মাণ কৰি দিবলৈ নিৰ্দেশ দিয়ে । সেই অনুসৰি জিলা পৰিষদৰ মুখ্য কায্যবাহী অভিযন্তা ভবেন বৰ্মনে গৈ প্ৰয়োজনীয় ব্যবস্থা গ্ৰহণ কৰিছে। আনহাতে অবিচি বৰ্ডৰ অধ্যক্ষ জিন্তু মনি বৰুৱাই বনিয়া পৰিয়ালত উপস্থিত হৈ পানী ফিল্টাৰ দিয়াৰ লগতে সাহায্য দিয়াৰ কথা ঘোষণা কৰে । ইপিনে আজি আকৌ মানৱতাৰ হকে অনুসূচিত জাতি ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা যুগল কিশোৰ বণিয়াৰ সৈতে অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক সুশীল সূত্ৰধাৰ, জিলাৰ নেতা সাগৰ বৈশ্য, মণিন্দ্ৰ বৈশ্য সহিতে এটা প্ৰতিনিধি দল উপস্থিত হৈ তেওঁলোকৰ গৃহ নিৰ্মাণ কৰাৰ বাবে ৩ বাণ্ডিল টিনপাত, ২৫ কেজি চাউল, এটা বিশুদ্ধ পানী খোৱা ফিল্টাৰ আৰু নগদ ৫ হাজাৰ টকা আৰ্থিক সাহায্য হিচাপে আগবঢ়ায়। এইক্ষেত্ৰত ছাত্ৰ নেতা বণিয়াই  চৰকাৰৰ সহায়-সহযোগিতা কামনা কৰে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More