মঙ্গলৰ মাটি-শিল পৃথিৱীলৈ আনিব চীনে

নাছাতকৈ আগুৱাব প্রায় ২ বছৰ

0 23

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৪ জুন : মহাকাশ গৱেষণাত একচুলিও পিছ পৰি ৰোৱা নাই চীন। ইতিমধ্যেই মঙ্গল গ্রহলৈ অৰবিটাৰ, লেণ্ডাৰ আৰু ৰ’ভাৰ পঠিয়াইছে দেশখনে। এইবাৰ জনা গৈছে যে, ৰঙা গ্রহৰ পৰা মাটি, শিল সংগ্রহ কৰি পৃথিৱীলৈ আনিব তেওঁলোকে। এই নমুনা অনাৰ মিছন হ’ব ২০৩১ চনত। এই কাম নাছা আৰু ইউৰোপীয়ান স্পেচ এজেন্সিয়েও কৰিব; কিন্তু চীনে কৰিব তেওঁলোকতকৈ প্রায় দুবছৰ আগেয়ে। অর্থাৎ, নাছা আৰু ইউৰোপীয়ান স্পেচ এজেন্সিতকৈ আগুৱাই গৈছে এছিয়াৰ দেশখন। নানজিং ইউনিভার্চিটিৰ চেমিনাৰত টিয়ানৱেন-১ মার্চ অৰবিটাৰ আৰু ৰ’ভাৰ মিছনৰ প্রধান চুন জেঝৌৱে ইঙ্গিত দিয়ে যে, ২০২৮ চনত অভিযান চলিব মঙ্গলত, নমুনা সংগ্রহ কৰি পৃথিৱীলৈ ঘূৰি আহিব ২০৩১ চনত। জনা গৈছে যে, চীনৰ এই মিছনৰ মহাকাশযান গঠনগত দিশৰ পৰা নাছা আৰু ইউৰোপীয়ান স্পেচ এজেন্সিৰ যানতকৈ সৰল হ’ব। চীনৰ যানত কোনো ৰ’ভাৰ নাথাকিব, থাকিব এখন লেণ্ডাৰ আৰু এটা ৰিটার্ন মডিউল। ২০২৮ত যাত্রা কৰিবলগীয়া মহাকাশযানখন মঙ্গলৰ মাটিত অৱতৰণ কৰিব ২০২৯ চনত। চীনৰ এই অগ্রগতিত নাছাই নতুন কোনো পদক্ষেপ লয় নেকি সেয়াহে লক্ষণীয় হ’ব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More