মডেলিঙৰে আকাশ চুব খোজে বালিপৰা চাহ বাগিছাৰ প্ৰিয়ংকাই

নৰ্থ ইষ্ট গুৱাহাটী টিন দ্বিতীয় ৰানাৰছ আপৰ লগতে একাধিক ৰাষ্ট্ৰীয় বঁটা লাভ

0 24

জামুগুৰিহাট : ২২ জুনঃ এগৰাকী চাহ বাগিছাৰ যুৱতী ।IMG 20220621 WA0060 যুৱতীগৰাকীৰ নাম প্ৰিয়ংকা চাহানি । শোণিতপুৰ জিলা তথা ৰঙাপৰা সমষ্টিৰ অন্তৰ্গত বালিপৰা চাহ বাগিছাৰ নিবাসী সুভাষ চাহানি আৰু হেমলতা চাহানীৰ সু-কন্যা প্ৰিয়ংকাই সৰুৰে পৰা মডেলিঙৰ প্ৰতি আগ্ৰহী আছিল । প্ৰতিভাসম্পন্ন প্ৰিয়ংকাই ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বিভিন্ন ৰেম্পত মডেলিঙেৰে ৰাইজৰ মাজত চমক সৃষ্টি কৰি মৰম বুটলিবলৈ সক্ষম হয় । ২০১৯ চনৰ পৰা মডেলিঙৰ জগতখনত খোজ পেলোৱা প্ৰিয়ংকা হৈছে বালিপৰাৰ চাহ বাগিছাৰ যুৱতী তথা লক্ষৰা কেন্দ্ৰীয় বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰী । ১৬ বছৰীয়া প্ৰিয়ংকাই মডেলিঙৰ জৰিয়তে নৰ্থ ইষ্ট গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰৰ মঞ্চত অনুষ্ঠিত কৰা গুৱাহাটী নৰ্থ ইষ্টত দ্বিতীয় ৰানাৰছ আপ পাবলৈ সক্ষম হোৱাৰ লগতে বহুকেইটা ৰাষ্ট্ৰীয় পৰ্যায়ত বঁটা পাবলৈ সক্ষম হৈছে । নিজৰ ঘৰুৱা কাম-বন কৰিও এনেদৰে মডেলিঙৰ সাধনাৰ জৰিয়তে সফলতা লাভ কৰিবলৈ সক্ষম হোৱাত অঞ্চলবাসীয়ে শলাগ লোৱাৰ লগতে তেজপুৰ আৰু বালিপৰাৰ আটছাৰ বিষয়ববীয়া, আথুৱা মহিলা সংগঠনৰ বিষয়ববীয়াসকলে ফুলাম গামোচৰে উস্ম আদৰণি জনায় ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More