মডেলিঙৰ ক্ষেত্ৰখনত উজলিছে আৰক্ষী জোৱান তেজপুৰৰ মানস কেওঁট

0 23

শতাব্দ প্ৰতিনিধি,তেজপুৰ,২২ছেপ্টেম্বৰ: অসম আৰক্ষীৰ এজন জোৱান তথা তেজপুৰৰ মানস কেওঁটে নিজা দায়িত্ব পালনৰ লগতে ৰাজ্যলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে তেওঁৰ প্ৰতিভাৰ জৰিয়তে৷তেজপুৰৰ ডেকাৰগাঁও বৰুৱাচুবুৰীৰ মানস কেওঁটে সম্প্ৰতি মডেলিঙৰ ক্ষেত্ৰত খনত জড়িত থাকি ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ত ক্ৰমান্বয়ে উজলি উঠাৰ লগতে সম্প্ৰতি তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়তো প্ৰতিযোগিতাত অৱত্তীৰ্ণ হোৱাৰ বাবে প্ৰস্তুতি অব্যাহত ৰাখিছে৷ উল্লেখযোগ্য যে সোন্তি কেওঁট আৰু মঞ্জু কেওঁটৰ পুত্ৰ মানস সৰুৰে পৰাই সাংস্কৃতিক ক্ষেত্ৰখনৰে জড়িত আছিল৷সুদৰ্শন যুৱকজনে ইতিমধ্যেই বিভিন্ন নাটক আৰু অংকীয়া ভাওনাত অভিনয় কৰাৰ লগতে কবিতাৰ চৰ্চা অব্যাহত ৰাখিছে৷তদুপৰি তেওঁ এজন দক্ষ ভলীবল খেলুৱৈ৷২০১৩ চনত শোণিতপুৰ জিলা ভলীবল দলৰ অধিনায়কৰ দায়িত্বও পালন কৰিছিল মানসে৷ডেকাৰ গাঁও উচ্চ মাধ্যমিকৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱা মানসে পৰৱৰ্তী সময়ত দৰং মহাবিদ্যালয়ৰ পৰা ইংৰাজীত সন্মান সহ উত্তীৰ্ণ হৈ গুৱাহাটী বিশ্ববিদ্যালয়ত গণসংযোগ বিভাগত নাম ভৰ্ত্তি কৰিছিল যদিও ২০১৫ৰ ২৬ডিচেম্বৰত অসম আৰক্ষীত যোগদান কৰে৷বৰ্তমান আৰক্ষীৰ বিশেষ শাখাত কাহিলিপাৰত কৰ্মৰত মানসে দায়িত্ব পালনৰ মাজতে ২০২০ত মডেলিং আৰম্ভ কৰে৷এগৰাকী বন্ধুৰ পৰামৰ্শ অনুসৰি এই নতুন জগতখনত ভৰি থৈয়েই সফলতাৰ মুখ দেখে প্ৰতিভাশালী মানসে৷ইতিমধ্যেই এক সৃষ্টিশীল মনৰ অধিকাৰী এইজন যুৱকৰ খাকী পোচাকৰ আঁৰত থকা প্ৰতিভাক দৰ্শকে আদৰি লোৱাৰ লগে লগে তেওঁ মেডেলিঙৰ ক্ষেত্ৰত আগবাঢ়িবলৈ সক্ষম হয়৷ প্ৰথমে জিলা পৰ্যায়ত সফলতা লাভ কৰাৰ লগতে খিতাপ অৰ্জন কৰা মানসে পৰৱৰ্তী সময়ত ৰাজ্যিক পৰ্যায়তো খিতাপ অৰ্জন কৰে৷ এনেদৰে কেবাখনো প্ৰতিযোগিতাত ক্ৰমান্বয়ে সফলতাৰ মুখ দেখা মানসে অলপতে উত্তৰ প্ৰদেশত ইউনিব্ৰেণ্ড ফেচন হাবৰ উদ্যোগত অনুষ্ঠিত হৈ যোৱা মিষ্টাৰ,মিছ,মিচেছ এণ্ড কীডছ প্ৰতিযোগিতাত দ্বিতীয় স্হান অৰ্জন কৰিবলৈ সক্ষম হয়৷এই ফলাফলৰ বাবে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তয়ো অভিনন্দন জ্ঞাপন কৰে৷এই সাফল্যই দুগুণে উৎসাহিত কৰা মানসে সম্প্ৰতি আন দুখন বৃহৎ প্ৰতিযোগিতাৰ বাবে সাজু হৈছে৷ ইয়াৰে ভিতৰত এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতা মুম্বাইত আৰু আনখন ডুবাইত অনুষ্ঠিত হ’ব৷তেজপুৰৰ এক গ্ৰামাঞ্চলৰ পৰা মডেলিঙৰ ক্ষেত্ৰখনত ৰাষ্ট্ৰীয় তথা আন্তৰাষ্ট্ৰীয় পৰ্যায়লৈ আগবাঢ়ি যোৱা মানসে কয় যে,আৰক্ষী বিভাগত কৰ্মৰত অৱস্থাত আহৰি সময় যদিও কম পোৱা যায় তাৰ মাজতে যিকণ আহৰি সময় লাভ কৰে তেওঁ সেই সময়তে মডেলিঙৰ প্ৰয়োজনীয় চৰ্চা অব্যাহত ৰাখিছে৷ই য়াৰ সমান্তৰাল ভাবে সুযোগ পালেই তেওঁ নাটক, ভাওনা, কাব্য চৰ্চা কৰি যোৱাৰ লগতে ভলীবলো খেলি গৈছে

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More