মথাউৰি ভঙাক লৈ তৎপৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ মঙ্গলদৈৰ শাকতোলা মথাউৰি পৰিদৰ্শন

শীঘ্ৰে মথাউৰিৰ ভঙা অংশত বান্ধ বনাবলৈ নিৰ্দেশ

0 21
শতাব্দ প্ৰতিনিধি, মঙ্গলদৈ, ১৭ মে’: দৰং জিলাৰ মঙ্গলদৈ সমষ্টিৰ অন্তৰ্গত বৰ আঠিয়াবাৰীৰ শাকতোলা নদীৰ বাওঁফালৰ মথাউৰিৰ প্ৰায় ১২ মিটাৰ অংশ পুৱতি নিশা নদীৰ ধলে খহাই নিয়াৰ খবৰ পাই অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই ততাতৈয়াকৈ আজি অঞ্চলটোত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। প্ৰবল বৰষুণৰ ফলত হঠাৎ নদীৰ ধলে পুৱতি নিশা শাকতোলা নদীৰ মথাউৰি ভাঙি কাষৰীয়া অঞ্চলত বানপানীৰ সৃষ্টি কৰি সমস্যাৰ সৃষ্টি কৰাত বিশেষভাৱে চিন্তিত হৈ মন্ত্ৰীগৰাকীয়ে জলসম্পদ বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ উপস্থিতিত ভগ্ন মথাউৰিৰ অংশ পৰিদৰ্শন কৰি পানী কম হোৱাৰ লগে লগে সাময়িক ভাৱে এই চিগা অংশ বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে। উপস্থিত সাংবাদিকক উদ্দেশ্যি মন্ত্ৰীগৰাকীয়ে কয় যে হঠাৎ মথাউৰি ভাঙি যোৱাৰ বাবে বিভাগীয়ভাৱে একো কৰিব পৰা ন’গল; যদি ক্ৰমান্নয়ে মথাউৰিটো খহি ভাঙিবলৈ আৰম্ভ কৰিলেহেঁতেন, তেতিয়া ৰাজ্যখনৰ আন অঞ্চলত কৰি থকাৰ দৰে জলসম্পদ বিভাগে মথাউৰিটো নভঙাকৈ ৰাখিবলৈ প্ৰয়াস কৰিব পাৰিলেহেঁতেন। মন্ত্ৰী গৰাকীয়ে কয়, “মথাউৰি সাধাৰণতে দুই ধৰণে ভাঙে, এটা হ’ল অকস্মাৎ এদিনতে আৰু আন এটা লাহে লাহে কেইবাদিনো ধৰি। অকস্মাৎ মথাউৰি ভাঙিলে কৰিব লগা বিশেষ একো নাথাকে আনহাতে লাহে লাহে ভাঙিবলৈ আৰম্ভ কৰা মথাউৰি বিভাগে প্ৰচেষ্টা কৰি ৰাখিবলৈ সক্ষম হয়, যিদৰে বিগত বৰ্ষত প্ৰায় ১৫ টামান মথাউৰি ৰাখিবলৈ সক্ষম হৈছিল।” পানী কমি যোৱাৰ লগে লগে সপ্তাহ দহদিনৰ ভিতৰত সাময়িকভাৱে কাম কৰি মথাউৰিৰ ভগ্ন অংশত বান্ধ বনাবলৈও মন্ত্ৰীগৰাকীয়ে বিভাগীয় অভিযন্তাক নিৰ্দেশ দিয়ে যাতে অনাগত চাৰি মাহত পুনৰ পানী সোমাই অঞ্চলটোত বানপানীৰ সৃষ্টি নহয়। আনহাতে স্থানীয় একাংশ ৰাইজে অভিযোগ দিয়া অনুসৰি ট্ৰেক্টৰেৰে মথাউৰিৰ ভিতৰৰ ফালে মাটি কটাৰ ফলত মথাউৰি দুৰ্বল হৈছে নেকি বুলি সাংবাদিকে সোধা এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে এই ক্ষেত্ৰত স্থানীয় ৰাইজেও বিষয়টো মন কৰি বিভাগক সহযোগিতা কৰিলে ভাল। এটাও মথাউৰি যাতে নাভাঙে তাৰ বাবেই চৰকাৰ তথা বিভাগে অহৰহ প্ৰচেষ্টা কৰি থকা বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয় যে শাকতোলাৰ মথাউৰিটোৰ কথা আগতীয়াকৈ গম পোৱা হ’লে অথবা হঠাৎ নাভাঙি লাহে লাহে ভঙা হ’লেও অসমৰ আন দহটা স্থানৰ দৰে এই মথাউৰিটো ৰাখিবলৈও বিভাগে প্ৰয়াস কৰিলেহেঁতেন। আনহাতে দুৰ্ভাগ্যজনকভাৱে কেতিয়াবা কোনো দুষ্কৃতিকাৰীয়েও  মথাউৰিত মাটি কাটি মথাউৰি ভাঙি দিয়ে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে অসমৰ ৰাইজক এই ক্ষেত্ৰত IMG 20220517 WA0013সচেতন হৈ থাকি প্ৰশাসনক সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনায়। অঞ্চলটোত বানৰ প্ৰকোপত পৰা সাধাৰণ ৰাইজক তাৎক্ষণিকভাৱে সকলো ধৰণৰ সাহাৰ্য সামগ্ৰী প্ৰদানৰ ব্যৱস্থা কৰিবলৈও মন্ত্ৰীগৰাকীয়ে জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীক তেখেতৰ এই পৰিদৰ্শন কালত স্থানীয় বিধায়ক বসন্ত দাসেও সংগ দিয়ে। মঙ্গলদৈৰ পৰা পোনে পোনে মন্ত্ৰীগৰাকীয়ে ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড° পৰমানন্দ ৰাজবংশী, জিলা উপায়ুক্ত আৰু এছ. ডি. আৰ. এফ. জোৱানসকলৰ সৈতে পাথৰিঘাট ৰাজহ চক্ৰৰ অধীনৰ কেইবাটাও স্থানত বৰনদী আৰু কালাপানী নদীৰ বানে প্লাৱিত কৰা অঞ্চল পৰিদৰ্শন কৰি বান পৰিস্থিতিৰ বুজ লয় আৰু বানাক্ৰান্তসকললৈ সকলো ধৰণৰ সাহাৰ্য আগবঢ়াবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More