মধ্যপ্রদেশত ঘূৰিছিল ডাইনোছৰঃ  সন্ধান পোৱা গ’ল ১০টা প্রাগৈতিহাসিক কণীৰ

0 26

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৫ জুন : মধ্যপ্রদেশত উদ্ধাৰ হ’ল ডাইনোছৰৰ ১০টা কণী। দিল্লী বিশ্ববিদ্যালয়ৰ এটা গৱেষক দলে এই কণীবোৰ আৱিষ্কাৰ কৰিছে। ডাইনোছৰ ফচিল নেচনেল পার্কত উদ্ধাৰ হোৱা কণীবোৰ টাইটানোছৰাছয় এটা প্রজাতিৰ। ইয়াৰ ভিতৰত এটা কণী বিশেষ ধৰণৰ। দেখা গৈছে যে, ইয়াৰ ভিতৰত আছে আৰু এটা কণী! সম্ভৱতঃ এনে ধৰণৰ কোনো কণী এই প্রথম আৱিষ্কৃত হ’ল। Scientific Reports নামৰ এখন জার্নালত প্রকাশিত হৈছে এই বিষয়ৰ গৱেষণাপত্রখন। তাত কোৱা হৈছে যে, এই বিশেষ কণীটোৰ আৱিষ্কাৰে পৰিষ্কাৰ কৰি দিছে যে, ভাৰতত বসবাস কৰা ডাইনোছৰৰ এই প্রজাতিটোৱে চৰাইৰ দৰেই প্রজনন কৰিছিল। গৱেষকসকলে জনাইছে যে, এই ধৰণৰ কণীক কোৱা হয় ‘ওভাম-ইন-ওভো’। যি ডাইনোছৰৰ প্রজনন সম্পর্কে অতদিনৰ ধাৰণালৈয়ো পৰিৱৰ্তন আনিছে। অতদিনে ধাৰণা কৰা হৈছিল যে, ডাইনোছৰবোৰে প্রজনন কৰিছিল কাছ আৰু অন্যান্য সৰীসৃপৰ দৰে। কিন্তু এই কণীটোৰ আৱিষ্কাৰৰ পৰা অনুমান কৰা হৈছে কুম্ভীৰ কিম্বা চৰাইৰ দৰেও প্রজনন কৰিছিল কোনো কোনো ডাইনোছৰ প্রজাতিয়ে। ২০০৭ চনত প্রথমবাৰ এই অঞ্চলত টাইটানোছৰাছৰ ফচিল পোৱা গৈছিল। তেতিয়াৰ পৰাই জনা যায় যে, প্রাগৈতিহাসিক কালত মধ্যপ্রদেশত ঘূৰি ফুৰিছিল এই প্রজাতিৰ ডাইনোছৰবোৰ। তাৰ পিছৰ পৰাই এতিয়ালৈকে প্রত্নতত্ত্ববিদসকলে নানা খননকার্য চলাইছে। এইবাৰ তেওঁলোকে উদ্ধাৰ কৰিলে ১০টা কণী। সাম্প্রতিক আৱিষ্কাৰৰ পিছত গৱেষকসকলে জনাইছে যে, ইয়াৰ আগেয়ে এই ঠাইত পোৱা ফচিলৰ পৰা বুজা গৈছিল যে, টাইটানোছৰাছবোৰে যেনেদৰে বাহ তৈয়াৰ কৰে কিম্বা সিহঁতৰ সন্তানক যিদৰে ডাঙৰ কৰে, তাৰ লগত মিল আছে চৰাইৰ। এইবাৰ এই কণীৰ সন্ধানৰ পৰা সেই সম্ভাৱনা আৰু স্পষ্ট হ’ল। প্রথম ডাইনোছৰৰ বিৱর্তন হৈছিল আনুমানিক ২৩ কোটি বছৰ পূর্বে। এসময়ত এই পৃথিৱীত ৰাজত্ব কৰিছিল ডাইনোছৰেই। এতিয়ালৈকে ১৩টা প্রজাতিৰ ডাইনোছৰৰ সন্ধান পোৱা গৈছে যিবোৰ ভাৰতত বসবাস কৰিছিল। অৱশ্যে দীর্ঘদিন ধৰি গৱেষণা চলিলেও এতিয়াও ডাইনোছৰ সম্পর্কে যে বহু তথ্য জানিবলৈ বাকী সেয়া বুজাই দিলে সাম্প্রতিক এই আৱিষ্কাৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More