“মধ্যাহ্ন ভোজন আঁচনি” সলনি হব “প্ৰধানমন্ত্ৰী পোষণ শক্তি নিৰ্মাণ আঁচনি”লৈ

শিক্ষাৰ্থীৰ দুপৰীয়াৰ আহাৰৰ ওপৰত এতিয়াৰে পৰা হ'ব অধিক পৰ্যবেক্ষণ

0 157

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ, ৩ জানুৱাৰী : বিদ্যালয় সমূহত শিশুৰ দুপৰীয়া আহাৰৰ ক্ষেত্ৰত এতিয়াৰে পৰা বিদ্যালয় কৰ্তৃপক্ষ সমূহ অধিক সচেষ্ট হ’ব লাগিব। কেন্দ্ৰীয় চৰকাৰৰ “প্ৰধানমন্ত্ৰী পোষণ শক্তি নিৰ্মাণ আঁচনি” ৰ অধীনত এতিয়াৰে পৰা বিদ্যালয় সমূহৰ মধ্যাহ্ন ভোজনত বিশুদ্ধতাৰ ক্ষেত্ৰত বা কেন্দ্ৰীয় চৰকাৰৰ নীতি-নিৰ্দেশনাৰ ক্ষেত্ৰত কোনোধৰণৰ ত্ৰুটি পৰিলক্ষিত নহয় তাৰ বাবে আজি শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত জিলাখনৰ এই আঁচনিৰ মুখ্য সমল ব্যক্তিসকলৰ এক প্ৰশিক্ষণ কৰ্মশালা উপায়ুক্ত কাৰ্যালয়ৰ নতুন সভাকক্ষত অনুষ্ঠিত হয়।শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই মুখ্য অতিথিৰূপে অংশ গ্ৰহণ কৰা আজিৰ এই বিশেষ প্ৰশিক্ষণ কৰ্মশালাৰ শুভাৰম্ভণি অনুষ্ঠানটি পৌৰোহিত্য কৰে শিক্ষা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত দ্যোতিভা বৰাই ।জিলা আঁচনি বিষয়া কৃষ্ণকান্ত ডেকাই আঁত ধৰা শুভাৰম্ভণি অনুষ্ঠানটিত বিশিষ্ট অতিথি ৰূপে শোণিতপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কৰবী শইকীয়া কৰণ আৰু সমল ব্যক্তিৰূপে অংশ গ্ৰহণ কৰে যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ জিয়া উদ্দিন আহমেদে, মহকুমা স্বাস্থ্য বিষয়া ডাঃ সুনন্দ তামুলী, ডাঃ প্ৰদীপ কুমাৰ শৰ্মা আৰু শোণিতপুৰ প্ৰেছ ক্লাবৰ ভাৰপ্ৰাপ্ত সম্পাদক পংকজ বৰুৱাই। শুভাৰম্ভণি অনুষ্ঠানটিত মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰি শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই এই আঁচনি এতিয়াৰে পৰা জিলাখনৰ বিদ্যালয়সমূহত কেন্দ্ৰীয় চৰকাৰৰ সম্পূৰ্ণ নীতি – নিৰ্দেশনা অনুসৰি কোনো ধৰণৰ ত্ৰুটি নৰখাকৈ সম্পন্ন হয় তাৰ সঠিক পৰ্যবেক্ষণৰ বাবেই এই প্ৰশিক্ষণ-কৰ্মশালাৰ আয়োজন কৰা হৈছে আৰু সংশ্লিষ্ট সকলো পক্ষই প্ৰশিক্ষণ-কৰ্মশালাৰ সকলো দিশ আয়ত্ত কৰি জিলাখনত সফলকাম কৰি তুলিবলৈ আহ্বান জনায়। আনহাতে এই আঁচনিৰ সফলতাৰ প্ৰতি লক্ষ্য ৰাখি সকলো বিদ্যালয়তে যাতে একেধৰণৰ বিশুদ্ধ আহাৰ সুন্দৰ পৰিবেশত শিশু সকলক যোগান ধৰিব পাৰি, ৰাজ্যখনৰ আন একাংশ জিলাৰ দৰে শোণিতপুৰতো “অক্ষয় পাত্ৰ” আঁচনিৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু এই ব্যৱস্থা কাৰ্যকৰী কৰিবলৈ জিলাখনৰ দুৰুং চাহ বাগিচাৰ সিংৰীজান ডিভিজনে শোণিতপুৰ জিলা প্ৰশাসনক ১১ বিঘা মাটি প্ৰদান কৰিছে বুলিও উপায়ুক্ত গৰাকীয়ে ভাষণ প্ৰসংগত সদৰী কৰে। আনহাতে শুভাৰম্ভণি অনুষ্ঠানটিত উপস্থিত থকা শোণিতপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কৰবী শইকীয়া কৰণে ভাষণ প্ৰসংগত এই আঁচনিখন জিলাখনত সফল কৰি তুলিবলৈ সংশ্লিষ্ট সকলো পক্ষই শিশুৰ কল্যানৰ কথা চিন্তা কৰি মানৱতাৰ দৃষ্টিভংগীৰে গ্ৰহণ কৰিবলৈ আহ্বান জনাই সকলোৱে এই কাম নিজৰ মনৰ পৰা কৰিলে কেতিয়াও এই ক্ষেত্ৰত ত্ৰুটি নাথাকিব বুলি মন্তব্য কৰে। সকলোৱে যাতে শিশুৰ মাজত সোমাই পৰ্যবেক্ষণ কৰে তেতিয়া এই আঁচনি সফল হোৱাত বিসংগতি নহ’ব বুলি কৈ মুখ্য কাৰ্যবাহী বিষয়া গৰাকীয়ে পৰিস্কাৰ-পৰিচ্ছন্নতা আৰু বিশুদ্ধতাৰ দিশটোত গুৰুত্ব দিবলৈ সকলোৰে প্ৰতি আহ্বান জনায়। অনুষ্ঠানটিত বিশিষ্ট অতিথিৰূপে অংশ গ্ৰহণ কৰা শোণিতপুৰ প্ৰেছ ক্লাব, তেজপুৰৰ ভাৰপ্ৰাপ্ত সম্পাদক পংকজ বৰুৱাই এনে এখন আঁচনি সফল হ’বলৈ প্ৰথমেই ইয়াৰ লগত জড়িত থকা বিদ্যালয় প্ৰধানৰ পৰা পৰিচালনা সমিতিৰ সভাপতি, বিষয়ববীয়া, বা আন সকলো লোকৰে মানসিকতাৰ দিশটো প্ৰথমেই আহিব বুলি কৈ শিশুক “দেৱ শিশু” হিচাপে গণ্য কৰা কোনো লোকে যাতে শিশুৰ আহাৰৰ বাবে অহা ধনৰ প্ৰতি প্ৰলোভিত নহয় সেইটো প্ৰধান কথা বুলি মন্তব্য কৰে।শুভাৰম্ভণি অনুষ্ঠানটিত বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰা জিলাখনৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ যুটীয়া সঞ্চালক ডাঃ জিয়াউদ্দিন আহমেদ ভাষণ প্ৰদান কৰি আঁচনিখনৰ সকলো দিশৰ ওপৰত আলোকপাত কৰে। জিলাখনৰ ১৬ গৰাকী বি আৰ পি, চাৰিগৰাকী বি পি এমসহ ১২০ গৰাকীকৈ চি আৰ চি চিৰ উপস্থিতিত প্ৰশিক্ষণ কৰ্মশালাত প্ৰথমেই মহকুমা স্বাস্থ্য বিষয়া ডাঃ প্ৰদীপ শৰ্মাই শিশুৰ স্বাস্থ্যজনিত দিশটোৰ ওপৰত দৃশ্য শ্ৰাব্য মাধ্যমেৰে প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে আন এগৰাকী সমল ব্যক্তি মহকুমা স্বাস্থ্য বিষয়া ডাঃ সুনন্দ তামুলীয়েও শিশু শিক্ষাৰ্থী সকলৰ বিভিন্ন স্বাস্থ্যজনিত দিশ পুষ্টিকৰ খাদ্যৰ প্ৰয়োজনীয়তাৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰে। প্ৰধান মন্ত্ৰী পোষণ শক্তি নিৰ্মাণ আঁচনিৰ জিলা আঁচনি প্ৰবন্ধক নিপুমণি বৰুৱাৰ তৎপৰতাত অনুষ্ঠিত আজিৰ প্ৰশিক্ষণ কৰ্মশালাখনত গাভৰুৰ বি আৰ পি পংকজকান্তি দেৱৰয়ৰ লগতে আটাইকেইগৰাকী সমল ব্যক্তিয়ে প্ৰশিক্ষণ প্ৰদান কৰে। উল্লেখ্য যে, বিগত দুটা বছৰত দেশখনত ক’ভিড সৃষ্ট পৰিস্থিতিৰ বাবে আমাৰ দেশত ভোকাতুৰ শিশু (হাংগাৰ ইনডেক্স) বিশ্বৰ তালিকাত ২০২০ চনৰ ৯৪ স্হানৰ পৰা ১০১ স্হানলৈ গতি কৰাৰ পিছতেই প্ৰধানমন্ত্ৰী গৰাকীয়ে পূৰ্বৰ “মধ্যাহ্ন ভোজন আঁচনি”খনত হস্তক্ষেপ কৰি ২০২১ চনৰ চেপ্তেম্বৰ মাহৰ পৰা এই আঁচনিক “প্ৰধান মন্ত্ৰী পোষণ শক্তি নিৰ্মাণ আঁচনি” শীৰ্ষক নামেৰে সমগ্ৰ দেশতে কাৰ্যকৰী কৰিবলৈ বিশেষ তৎপৰতা আৰম্ভ কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More