‘মনালিছা’ৰ ওপৰত আক্ৰমণঃ এইবাৰো দৈৱক্ৰমে ৰক্ষা !

0 63

শতাব্দ বিশেষ প্ৰতিনিধি, ১ জুন : আকৌ আক্ৰমণ চলিল ‘মনালিছা’ৰ ওপৰত ! অৱশ্যে এইবাৰলৈ কথমপিহে কোনো আঘাত নোপোৱাকৈ ৰক্ষা পৰিল। পৃথিৱী ৰক্ষা কৰিবলৈ আহি কোনো এজন অচিনাক্ত ব্যক্তিয়ে যোৱা দেওবাৰে পেৰিছৰ বিখ্যাত লুভ সংগ্ৰহালয়ত আক্ৰমণৰ লক্ষ্য কৰি লৈছিল লিও নাৰ্ডো ডা ভিন্সিৰ অমৰ সৃষ্টি ‘মনালিছা’ চিত্ৰখন। বৃদ্ধ মহিলাৰ বেশভূষাৰে ওঁঠত লিপষ্টিক আৰু শিৰত উইগ পৰিধান কৰি এখন হুইল চেয়াৰত আহি অতৰ্কিতে লোকজনে ক্ৰীম মিশ্ৰিত কেকেৰে চিত্ৰখন বুলাই দিয়ে। উপস্থিত দৰ্শকৰ সহযোগত তেওঁক আৰক্ষীয়ে লগে লগেই গ্ৰেপ্তাৰ কৰে। উপস্থিত দৰ্শক সকলে সংবাদ মাধ্যমক জনোৱা মতে, মহিলাৰ বেশভূষাৰে অহা পুৰুষজনে চিত্ৰশিল্পখনৰ ওপৰত আক্ৰমণ কৰি ফৰাছী ভাষাত চিঞৰি কৈছিল, “পৃথিৱীখনৰ কথা চিন্তা কৰা শিল্পীসকল, মানুহেই পৃথিৱীখন ধ্বংস কৰিবলৈ উদ্যত হৈছে।2022 05 30T093328Z 1973975114 RC2LHU9QU1PY RTRMADP 3 FRANCE MONALISA কিবা এটা কৰা। আৰু সেয়েই মই এয়া কৰিলোঁ।” আৰক্ষীয়ে ৩৬ বছৰীয়া এই লোকজনৰ পৰিচয় গোপনে ৰাখি তেওঁক আৰক্ষীৰ মনোবৈজ্ঞানিক নিৰীক্ষণত ৰাখিছে। আচম্বিতে হোৱা এই ঘটনাই বিশ্বৰ কলাৰসিক সকলৰ মাজত চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখযোগ্য যে, ১৬০০ শতিকাৰ ৰেনেছাঁ যুগৰ এই অপূৰ্ব চিত্ৰখনৰ ওপৰত ইতিমধ্যে কেইবাবাৰো আক্ৰমণ চলিছে। সৌভাগ্যৰ কথা যে, কোনো গুৰুতৰ ক্ষতিৰ সন্মুখীন নোহোৱাকৈ ‘মনালিছা’ই এতিয়াও বিশ্বৰ লক্ষ লক্ষজনক মায়াময় হাঁহিটোৰে সম্ভাষণ জনাই আহিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More