মন্ত্ৰী কিষাণৰ বাধাত স্তিমিত তিনিচুকীয়াৰ উচ্ছেদ অভিযান

বহিৰাগতৰ স্বাৰ্থ বিঘ্নিত হোৱাৰ লগে লগে কঁপি উঠিল দিছপুৰ

0 10
শতাব্দ প্ৰতিনিধি‍, তিনিচুকীয়া, ২৪ জুনঃ অৱশেষত ৰাজনৈতিক পাকচক্ৰত স্তব্ধ হ’ল বেদখল আৰু অবৈধ নিৰ্মাণৰ বিৰুদ্ধে চলা তিনিচুকীয়া জিলা প্ৰশাসন আৰু পৌৰসভাৰ উচ্ছেদ অভিযান । বহিৰাগত ব্যৱসায়ীৰ স্বাৰ্থ বিঘ্নিত হোৱাৰ লগে লগে কঁপি উঠিল দিছপুৰ। উচ্ছেদ অভিযান হাতত লোৱা কৰ্তৃপক্ষলৈ আহিবলৈ ধৰিলে ইটোৰ পাছত সিটো ফোন। আহিল উচ্ছেদ অভিযান বন্ধৰ মৌখিক নিৰ্দেশ। স্থানীয় বিধায়ক তথা মন্ত্ৰী সঞ্জয় কিষাণৰ বাধা আৰু ওপৰৰ হেঁচাত উপায়ন্তৰ হৈ উচ্ছেদ স্তিমিত কৰিবলৈ বাধ্য হ’ল তিনিচুকীয়া জিলা প্ৰশাসন আৰু পৌৰসভা। উল্লেখ্য যে সমগ্ৰ তিনিচুকীয়া চহৰ এফালৰ পৰা অবৈধ নিৰ্মাণ আৰু বেদখলে গ্ৰাস কৰি অহাৰ পাছতো প্ৰশাসনে মুকবধিৰৰ ভূমিকা গ্ৰহণ কৰা বুলি অভিযোগ উত্থাপিত হৈ অহাৰ সময়তে যোৱা ১১ জুনত তিনিচুকীয়া জিলা প্ৰশাসনে নিজৰ শক্তি প্ৰদৰ্শন কৰি মাকুম পথৰ ১৪ অবৈধ নিৰ্মাণ বুলডজাৰ চলাই চুৰমাৰ কৰি দিছিল। এইসমূহৰ ভিতৰত আছিল এজন অসমীয়া যুৱকে খোলা অপু’জ নামৰ এখন সুদৃশ্য ধাবা । ইয়াৰ পূৰ্বে ২ জুনত উক্ত ধাবাখনৰ পৰা প্ৰশাসনে এক অভিযানত জব্দ কৰিছিল অবৈধভাৱে মজুত ৰখা বিলাতী সুৰা আৰু কেইবাটাও ঘৰুৱাভাৱে ব্যৱহৃত ৰন্ধন গেছৰ চিলিণ্ডাৰ। কিন্তু অভিযানৰ পূৰ্বে ধাবাখনৰ ভিতৰত বহি দুজন চৰকাৰী বিষয়াই সুৰাপান কৰাৰ দৃশ্য ভাইৰেল হৈ পৰাৰ পাছত সৰ্বত্ৰ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় আৰু চৰম অস্বস্তিত পৰা তিনিচুকীয়াৰ প্ৰশাসনে ১১ জুনত উক্ত ধাবাখনকে ধৰি ১৪ খন সৰুসুৰা দোকান, হোটেল বুলডজাৰ চলাই সম্পূৰ্ণৰূপে ধ্বংস কৰি দিয়ে। একাধিক দল, সংগঠনে চৌদিশে অবৈধ নিৰ্মাণ আৰু বেদখলে গ্ৰাস কৰি অহা তিনিচুকীয়া চহৰত অনুৰূপ ধৰণে উচ্ছেদ অভিযান চলাবলৈ প্ৰশাসনক দাবী জনায়। চেগাচোৰোকাকৈ কিছুমান অঞ্চলত প্ৰশাসনে উচ্ছেদ চলাই যদিও এইবাৰ উচ্ছেদৰ বিৰুদ্ধে সৰৱ হৈ উঠে মন্ত্ৰী সঞ্জয় কিষাণ । ২১ জুনৰ দিনা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ উপস্থিতিত তিনিচুকীয়াত এক ৰাজহুৱা সভাতে মন্ত্ৰী কিষাণে উচ্ছেদক লৈ উপায়ুক্ত নৰসিং পৱাৰৰ বিৰুদ্ধে ক্ষোভ জাহিৰ কৰে । উচ্ছেদ অভিযানৰ প্ৰসংগ টানি কিষাণে কয় যে সেইসকল লোকে বিজেপিক নিৰ্বাচনত সহায় কৰিছিল আৰু পাছতো কৰিব, কিন্তু উপায়ুক্ত আজি আছে কালি যাবগৈ । মন্ত্ৰীয়ে আনকি ’এনে ন’হব’ বুলি উপায়ুক্তক সাৱধানবাণী শুনোৱাৰ উপৰি ’শুদাই নেৰো’ বুলিও উপায়ুক্তক হুমকি দিয়ে। শেহতীয়াকৈ ২২ জুনত তিনিচুকীয়া চহৰৰ পদপথকে ধৰি ঘাইপথৰ কাষৰ এছোৱা বেদখল কৰি ব্যৱসায় কৰি থকা একাংশ ব্যৱসায়িক প্ৰতিষ্ঠান পৌৰসভাই উচ্ছেদ কৰাৰ পাছতে তিনিচুকীয়াৰ পৰা দিছপুৰলৈকে সক্ৰিয় হৈ পৰে অনাঅসমীয়া লবীটো । এচাম হিন্দুত্ববাদী সংগঠনৰ সদস্যই পৌৰসভাৰ ওপৰত হেঁচা প্ৰয়োগ কৰি পদপথ আৰু ঘাইপথ বেদখল কৰি থকা বহিৰাগত ব্যৱসায়ীসকলক ৰক্ষণাবেক্ষণৰ অপচেষ্টা চলায়। তিনিচুকীয়া চহৰৰ কেওদিশে চলা অবৈধ নিৰ্মাণ আৰু বেদখলৰ বিৰুদ্ধে উচ্ছেদ চলোৱাৰ বাবে জাতীয়, জনগোষ্ঠীয় দল-সংগঠনসমূহে জনাই অহা দাবী কার্যতঃ ফুটুকাৰ ফেনত পৰিণত হোৱাৰ উপক্ৰম হৈছে ।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More