মন্ত্ৰী পীযূষ হাজৰিকাক সাক্ষাৎ অসম বাৰ্তাজীৱী সংঘ-কামৰূপ জিলা সাংবাদিক সন্থাৰ

সাংবাদিকৰ বিভিন্ন সমস্যা সন্দৰ্ভত পদক্ষেপ গ্ৰহণৰ প্ৰতিশ্ৰুতি

0 44

গুৱাহাটী,৩১ আগষ্ট: গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যম আৰু ইয়াৰ সৈতে জড়িত সাংবাদিকসকলৰ সমস্যা সমুহ সমাধানৰ উদ্দেশ্য অসম বাৰ্তাজীৱী সংঘ আৰু কামৰূপ জিলা সাংবাদিক সন্থাৰ এটি প্ৰতিনিধি দলে যৌথভাৱে কালি সন্ধিয়া তথ্য আৰু জনসংযোগ মন্ত্ৰী পীয়ুষ হাজৰিকাক অসম সচিবালয়ত সাক্ষাৎ কৰি বিভিন্ন দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰে। উল্লেখ্য যে ৰাজ্যখনৰ সাংবাদিকসকলৰ বিভিন্ন সমস্যা সন্দৰ্ভত হোৱা সৌহাৰ্দ্যমূলক আলোচনাত অসম বাৰ্তাজীৱী সংঘৰ তৰফৰ পৰা প্ৰদান কৰা স্মাৰক পত্ৰ গ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ সমস্যা সমুহ সমাধান কৰাত বিশেষ পদক্ষেপ লোৱা হ’ব বুলি প্ৰতিশ্ৰুতি দিয়ে। অসম বাৰ্তাজীৱী সংঘৰ উপ-সভাপতি মণি মহন্ত, সাধাৰণ সম্পাদক মুকুটৰাজ শৰ্মা আৰু কামৰূপ জিলা সাংবাদিক সন্থাৰ সভাপতি মধুসূধন মেধিয়ে ৰাজ্যখনৰ সাংবাদিকসকলে ভোগ কৰি থকা সমস্যা সমুহ আলোকপাত কৰি ৰাজ্য চৰকাৰে সাংবাদিক কল্যাণ আঁচনিৰ অধীনত বৰ্তমান সাংবাদিকসকলক প্ৰদান কৰি থকা ধনৰ পৰিমান এক লাখৰ পৰা পাঁচ লাখ টকালৈ বৃদ্ধি কৰা অথবা বীমাৰ জৰিয়তে ”কেচলেচ কাৰ্ড”ৰ মাধ্যমত সমুদায় চিকিৎসা ব্যয় বহন কৰা আৰু প্ৰস্তাৱিত জীৱন বীমা আঁচনি শীঘ্ৰেই ৰূপায়ণ কৰিবলৈ মন্ত্ৰীগৰাকীক আহ্বান জনায়। ইয়াৰোপৰি সাংবাদিকৰ মাহেকীয়া পেঞ্চন আঁচনিৰ ধন আঠ হাজাৰ টকাৰ পৰিবৰ্তে দহ হাজাৰ টকালৈ বৃদ্ধি কৰা, জাৰ্নেলিষ্ট ফেমেলি আঁচনিৰ হিতাধিকাৰী বাচনিৰ বাবে শীঘ্ৰেই চৰকাৰী জাননী জাৰি কৰা, মাজিথিয়া দৰমহা বৰ্ডৰ পৰমাৰ্শৱলী শীঘ্ৰেই কাৰ্যকৰী কৰা, কৰ্মৰত অৱস্থাত নিহত সাংবাদিকৰ পৰিয়ালৰ বাবে ১৫ লাখ টকা আৰু আহত সাংবাদিকৰ ক্ষেত্ৰত ন্যাৰ্য ক্ষতিপূৰণৰ ব্যৱস্থা কৰা, সাংবাদিকৰ বাবে টোল কৰ ৰেহাইৰ ব্যৱস্থা কৰা আৰু হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সত্তৰ শতাংশ ওপৰত নম্বৰ লাভ কৰা সাংবাদিকৰ সন্তানক উচ্চ শিক্ষাৰ ক্ষেত্ৰত বিশেষ সুবিধা প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনোৱা হয়। প্ৰতিনিধি দলটোৱে উত্থাপন কৰা দাবী সন্দৰ্ভত বিভাগীয় মন্ত্ৰীগৰাকীয়ে ইতিবাচক পদক্ষেপ লোৱাৰ কথা প্ৰতিশ্ৰুতি প্ৰদান কৰি সাংবাদিকৰ সমস্যা সমাধানত চৰকাৰ আগ্ৰহী বুলিও জানিবলৈ দিয়ে। সাংবাদিকসকলৰ বিভিন্ন সমস্যা সমাধানৰ বাবে আলোচনা কৰিবলৈ এখন সমিতি গঠন কৰাৰ পোষকতা কৰি মন্ত্ৰীগৰাকীয়ে বাৰ্তাজীৱী সংঘৰ প্ৰস্তাৱিত প্ৰেছ একাডেমি স্থাপনৰ ক্ষেত্ৰতো চৰকাৰে সহায় আগবঢ়াব বুলি প্ৰতিশ্ৰুতি দিয়ে। ৰাজ্যৰ সাংবাদিকসকলৰ বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যথেষ্ট আগ্ৰহী বুলি মন্তব্য কৰি তেওঁ কয় সাংবাদিকৰ সমস্যাক লৈ চৰকাৰ সংবেদনশীল। অহা ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহত অসম বাৰ্তাজীৱী সংঘই ৰাজ্যখনৰ সাংবাদিকসকলক লৈ গুৱাহাটীত কেন্দ্ৰীয়ভাৱে এখন অভিবৰ্তন অনুষ্ঠিত কৰিব বুলি জানিব পাৰি মন্ত্ৰীগৰাকীয়ে সন্তোষ প্ৰকাশ কৰাৰ লগতে সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াব বুলি আশ্বাস দিয়ে। অসম বাৰ্তাজীৱী সংঘৰ প্ৰচাৰ সম্পাদক হেমন্ত বৰ্মন, কাৰ্যনিৰ্বাহক সদস্য নবনীতা কলিতা, কামৰূপ জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক তৰণী চৰণ কলিতা, নগাঁও জিলা বাৰ্তাজীৱী সংঘৰ সাধাৰণ সম্পাদক ভাস্কৰজ্যোতি মেধি, সংঘৰ দক্ষিণ পশ্চিম মণ্ডলৰ উপ-সভাপতি প্ৰকাশ ডেকা, সাংবাদিক মতিউৰ ৰহমানে অংশ গ্ৰহণ কৰা আলোচনাৰ নেতৃত্বত দিয়ে প্ৰাক্তন সাংবাদিক তথা অসম যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মাই। উল্লেখ্য যে যোৱা ১৯ আগষ্টত হাজোৰ বিষ্ণুৰাম মেধি প্ৰেক্ষাগৃহত অনুষ্ঠিত কামৰূপ জিলা সাংবাদিক সন্থাৰ ৩৩ সংখ্যক প্ৰতিষ্ঠা দিৱসত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি থাকি কামৰূপ জিলা সাংবাদিক সন্থা তথা অসম বাৰ্তাজীৱী সংঘৰ অন্তৰ্গত সাংবাদিকসকলৰ স্বাস্থ্যবীমা আঁচনিকে ধৰি বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত শীঘ্ৰেই বিভাগীয় মন্ত্ৰী পীযূষ হাজৰিকাৰ সৈতে আলোচনাত বহিব বুলি ৰাজহুৱাভাৱে প্ৰতিশ্ৰুতি দিয়া প্ৰাক্তন সাংবাদিক তথা অসম যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মাৰ নেতৃত্বতে কালি সংগঠন দুটাৰ প্ৰতিনিধিসকলে তথ্য আৰু জনসংযোগ মন্ত্ৰী পীযূষ হাজৰিকাৰ সৈতে সৌহাৰ্দ্য মূলক আলোচনাত মিলিত হয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More