ম’বাইল এপ’ ব্যৱহাৰ কৰিব নজনাৰ বাবেই বিহপুৰীয়াত প্ৰধান শিক্ষকৰ আত্মহনন

ডিজিটেল চিষ্টেমৰ লগত নাছিল সু-পৰিচয়

0 59

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৩০ এপ্ৰিলঃ লখিমপুৰ জিলাৰ বিহপুৰীয়া থানাৰ অন্তৰ্গত সন্তপুৰ গাঁৱত আজি পুৱতি নিশা এজন শিক্ষকে আত্মহনন কৰা কাৰ্যই সমগ্ৰ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিহপুৰীয়া শিক্ষাখণ্ডৰ অন্তৰ্গত কলাবিল মৰনৈ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক গোপাল চন্দ্ৰ শৰ্মা [৫৬] ই ঘৰৰ কাষতে ডিঙিত চিপ লৈ আত্মহত্যা কৰা কাৰ্যই অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে । পৰিতাপৰ কথা যে সাম্প্ৰতিক সময়ত অতিকৈ প্ৰয়োজনীয় বুলি বিবেচিত হোৱা মোবাইল ফোনৰ সঠিক ব্যৱহাৰ কৰিব নোৱৰা তথা বৰ্তমানৰ ডিজিটেল চিষ্টেমৰ লগত পৰিচয় নথকাৰ বাবেই এইজন লোকে আত্মহননৰ দৰে পথ বাছি ললে বুলি চুইচাইড নোটত উল্লেখ কৰি গৈছে। উল্লেখ্য যে ম’বাইল এপ ব্যৱহাৰ কৰিব নজনাৰ বাবেই শিক্ষকজনে বিদ্যালয়ৰ বিভিন্ন কামকাজ সঠিক ৰূপত পৰিচালনা কৰাত অসুবিধাৰ সন্মুখীন হৈ এনেদৰে জীৱনৰ চৰম সিদ্ধান্ত বাছি ল’বলৈ বাধ্য হয়। তেওঁ চুইচাইড নোটত ‘বিদ্যালয়ৰ বিভিন্ন কামৰ হেচা, মোবাইলৰ Appৰ হেচা, নিজে Mobile চলাবও নাজানো, কামখিনি কৰিবও নাজানো । গতিকে মই মোৰ ৰাস্তা বাচি লৈ আত্মহত্যা কৰিছো । ঘৰৰ মানুহৰ কাৰো দোষ নাই।’ বুলি প্ৰধান শিক্ষক গোপাল চন্দ্ৰ শৰ্মাই উল্লেখ কৰে । মৃত্যুৰ সময়ত শিক্ষকজনে দুই পত্নীৰ লগতে এটি পুত্ৰ সহ বহু আত্মীয় স্বজনক এৰি থৈ যায়। তেওঁৰ মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছা পৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More