মহাকাশতো জীৱাশ্ম!

বিজ্ঞানীয়ে আৱিষ্কাৰ কৰিলে মৃত তাৰকাৰাজ্য

0 10
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৩ জুলাইঃ মহাকাশৰ প্ৰতি মানুহৰ কৌতুহলৰ অন্ত নাই। মহাকাশৰ বিষয়ে জানিবলৈ অধ্যৱসায়ৰ অন্ত নাই। বিভিন্ন আৱিষ্কাৰৰ জৰিয়তে মহাকাশৰ বিভিন্ন স্তৰ অহৰহ আমাৰ বাবে নতুনকৈ মুকলি হৈ আহি আছে। এইবাৰ ৰহস্যৰ নতুন খিৰিকী খোল খাইছে। তাৰ মাজেৰে অজ্ঞাত পোহৰৰ সোঁত আহিছে। যাৰ নাম পেগাছাছ পঞ্চম। শেহতীয়াকৈ পেছাদাৰী জ্যোতিৰ্বিজ্ঞানীসকলে ইয়াক আৱিষ্কাৰ কৰিছে। ই এক প্ৰকাৰৰ বামন তাৰকাৰাজ্য। ইয়াত হাইড্ৰজেন বা হিলিয়ামতকৈ গধুৰ প্ৰায় একোৱেই নাথাকে। সকলো চিন দেখাৰ পিছত বিজ্ঞানীসকলে বিশ্বাস কৰিবলৈ লৈছে যে ই এখন প্ৰাচীন তাৰকাৰাজ্যৰ অৱশিষ্ট, মৃত তাৰকাৰাজ্য। বা, ঠিক মৃত্ নহয়, আচলতে ই এক জীৱাশ্ম-তাৰকাৰাজ্য। যিটো মহাকাশ বিজ্ঞানত এক অতি নতুন ধৰণৰ আৱিষ্কাৰ হিচাপে আলোচনা কৰা হৈছে। এনে আৱিষ্কাৰে আমাক সঠিকভাৱে ক’ব যে তাৰকা ৰাজ্যবোৰ কেনেকৈ গঠন হৈছিল। এই জীৱাশ্ম-তাৰকাৰাজ্যসমূহৰ বিশ্লেষণে মহাকাশ বিজ্ঞানক বহু দিশত সমৃদ্ধ কৰিব। এই নতুন আৱিষ্কাৰৰ বিজ্ঞানীসকলৰ মুৰব্বী এমিলি চাৰ্লছে কয় যে, এনে মৃত তাৰকাৰাজ্যৰ সৈতে কাম কৰাৰ ডাঙৰ সমস্যাটো হ’ল ইহঁতৰ প্ৰায়ে উজ্জ্বল তৰা নাথাকে। ফলত সেইবোৰ চিনি পোৱা আৰু পৰীক্ষা কৰাটো কঠিন হৈ পৰে। পৰিচয়ৰ ক্ষেত্ৰত দেখা গৈছে যে, এই সকলোবোৰ তাৰকাৰাজ্যৰ ‘নক্ষত্ৰীয় জনসংখ্যা’ অতি প্ৰাচীন।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More