মহাকাশত হৃদস্পন্দন! আছে নেকি কোনোবা দূৰ-সুদূৰত?

0 11

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৫ জুলাই : পৃথিৱীৰ বাহিৰত ক’ৰবাত জীৱন আছে নে নাই, বা জীৱনৰ কোনো ইংগিত আছে নে নাই, এই লৈ বিজ্ঞানীসকল অতি কৌতুহলী। কৰি আহিছে বহু গৱেষণা। সেয়ে এই গ্ৰহৰ বাহিৰত এনে কোনো সংকেত পালে তেওঁলোক উত্তেজিত হৈ পৰে। এনে উত্তেজনা পুনৰ সৃষ্টি হৈছে বিজ্ঞানীসকলৰ মাজত। গৱেষকসকলে হৃদস্পন্দনৰ দৰে এক ৰহস্যময় ৰেডিঅ’ তৰংগ চিনাক্ত কৰিছে। বিজ্ঞানীসকলে ইয়াক Fast Radio Burst বা FRB বুলি কয়। বিজ্ঞানীসকলে কয় যে হৃদস্পন্দন সদৃশ সংকেতটো প্ৰায় এক বিলিয়ন আলোকবৰ্ষ দূৰত থকা এখন তাৰকাৰাজ্যৰ পৰা আহিছিল। কিন্তু এই সংকেতৰ প্ৰকৃত অৱস্থান আৰু কাৰণ এতিয়াও তেওঁলোকৰ বাবে বৰ স্পষ্ট নহয়। ১৩ জুলাইত গৱেষকসকলে এই ৰেডিঅ’ বিস্ফোৰণৰ সবিশেষ ‘নেচাৰ’ আলোচনীত প্ৰকাশ কৰে। ‘ফাষ্ট ৰেডিঅ’ বাৰ্ষ্ট’ বা ‘এফ আৰ বি’ হৈছে কোনো অজ্ঞাত উৎসৰ পৰা উৎপত্তি হোৱা ৰেডিঅ’ তৰংগ; মিলিছেকেণ্ডৰ বিস্ফোৰণত হোৱা তৰংগ। আৰু কেইমিলিছেকেণ্ডৰ পিছত সিহঁত সম্পূৰ্ণৰূপে নোহোৱা হৈ যায়। কিন্তু ইয়াৰ মাজতে কিছুমান অংশ সম্পূৰ্ণৰূপে হেৰাই যোৱা নাই। এই তৰংগবোৰৰ প্ৰায় ১০ শতাংশই পুনৰাবৃত্তি কৰে। সেই পুনৰাবৃত্তিমূলক তৰংগটোৰ আৰ্হি বা প্ৰকাৰ গৱেষকসকলৰ কাণত হৃদস্পন্দনৰ দৰেই। ২০০৭ চনত বিজ্ঞানীসকলে প্ৰথমবাৰৰ বাবে এই ‘এফ আৰ বি’ চিনাক্ত কৰিছিল। তেতিয়াৰ পৰা বিজ্ঞানীসকলে বিশ্বব্ৰহ্মাণ্ডৰ বিভিন্ন দূৰৈৰ উৎসৰ পৰা বহুবাৰ এই তৰংগবোৰ ধৰা পেলাবলৈ সক্ষম হৈছে। মেছাচুচেটছ ইনষ্টিটিউট অৱ টেকন’লজিৰ জ্যোতিৰ্পদাৰ্থ বিজ্ঞান আৰু মহাকাশ গৱেষণাৰ গৱেষক ডেনিয়েল মিচিলিয়ে জনোৱা মতে, ২০১৯ চনৰ ২১ ডিচেম্বৰত CHIME টেলিস্কোপ (এবিধ অতি শক্তিশালী টেলিস্কোপ) ব্যৱহাৰ কৰি জ্যোতিৰ্বিজ্ঞানীসকলে কিছুমান তৰংগ ধৰা পেলাইছিল যিয়ে তেওঁলোকক আচৰিত কৰি তুলিছিল। তেওঁলোকে ধৰা পেলোৱা দ্ৰুত ৰেডিঅ’ বিস্ফোৰণটো সকলো দিশতে আচৰিত আছিল। এই সংকেতৰ নাম আছিল ‘FRB 20191221A’। তিনি ছেকেণ্ড ধৰি চলিছিল। ই সাধাৰণ এফ আৰ বিতকৈ হাজাৰ গুণ বেছি দীঘল আছিল। এই প্ৰসংগটোৰ প্ৰতি মিচিলিৰ ব্যাখ্যা— এয়া আছিল অস্বাভাৱিক। দীঘলীয়াও আছিল। এই বিস্ফোৰণবোৰ মাজে মাজে আছিল, তিনি ছেকেণ্ডলৈকে চলিছিল। সেই শব্দৰ ধৰণটো বহুখিনি হৃদস্পন্দনৰ দৰেই। তাৰ পিছৰ পৰা অৱশ্যে এই বিস্ফোৰণৰ পুনৰাবৃত্তি হোৱা নাই বুলি বিজ্ঞানীসকলে কয়। সেই দূৰৈৰ স্থানত কাৰ হৃদয় উৰি ফুৰে? তাত কাৰ হৃদস্পন্দন শুনা যায়? এতিয়াৰ পৰা মহাকাশ বিজ্ঞানী আৰু গৱেষকসকলে এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰিব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More