মহাকাশলৈ চীনৰ তিনি মহাকাশ বিজ্ঞানী

নিৰ্মাণ সম্পূৰ্ণ কৰিব মহাকাশ কেন্দ্ৰ

0 22
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৫ জুনঃ চীনে আজি (৫ জুন) তিনিজন মহাকাশচাৰী কঢ়িয়াই নিয়া এটা ৰকেট নিক্ষেপ কৰি নিজৰ নতুন মহাকাশ কেন্দ্ৰটোৰ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ অভিযানত আৰু এখোজ আগুৱাইছে। বেইজিঙক মহাকাশ শক্তি হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত চলোৱা এই অভিযান মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে। উত্তৰ-পশ্চিম চীনৰ গোবি মৰুভূমিৰ জিউকুয়ান উৎক্ষেপণ কেন্দ্ৰৰ পৰা এই ৰকেট প্ৰেৰণ কৰা হৈছে। বিজ্ঞানী দলটো ছমাহ সময় টিয়ানং মহাকাশ কেন্দ্ৰটো সম্প্ৰসাৰণ কৰাত ব্যস্ত থাকিব। শ্বেনঝৌ-১৪ৰ মিছন কমাণ্ডাৰ চেন ডং (৪৩) আৰু দলৰ সতীৰ্থ লিউ ইয়াং (৪৩) আৰু কাই জুজে (৪৬)— এই আটাইকেইজন চীনৰ মহাকাশচাৰী ডিচেম্বৰ মাহত পৃথিৱীলৈ ঘূৰি আহিব। দলটোৱে গ্ৰাউণ্ড টীমৰ সৈতে সহযোগিতা কৰি মহাকাশ কেন্দ্ৰটোৰ নিৰ্মাণ সম্পূৰ্ণ কৰিব। কেন্দ্ৰটো একক মডিউল গঠনৰ পৰা তিনিটা মডিউলৰ সৈতে ৰাষ্ট্ৰীয় মহাকাশ পৰীক্ষাগাৰলৈ বিকশিত কৰিব। মূল মডিউলটো হৈছে টিয়ানহে আৰু দুটা লেব মডিউল হৈছে ক্ৰমে ৱেণ্টিয়ান আৰু মেংটিয়ান। এদশক পূৰ্বে মহাকাশত চীনৰ প্ৰথমগৰাকী মহিলা মহাকাশচাৰী হিচাপে পৰিগণিত হোৱা লিউৰ সৈতে বায়ুসেনাৰ প্ৰাক্তন পাইলট চেনে আৰু মহাকাশ অভিযানৰ আত্মপ্ৰকাশ কৰা কাইয়ে ৱেণ্টিয়ান আৰু মেংটিয়ানৰ মূল মডিউলৰ সৈতে ডকিং আৰু সংহতিৰ তদাৰক কৰিব। মহাকাশ কেন্দ্ৰটোৰ ভিতৰত আৰু বাহিৰত সঁজুলি স্থাপন কৰাৰ লগতে একাধিক বৈজ্ঞানিক গৱেষণাও সম্পন্ন কৰিব। ৪ জুনত জিউকুয়ানত অনুষ্ঠিত এক সংবাদমেলত চেনে কয় যে, চীনৰ মহাকাশ কেন্দ্ৰ নিৰ্মাণৰ পৰ্যায়ত শ্বেনঝৌ-১৪ অভিযান এক গুৰুত্বপূৰ্ণ পদক্ষেপ। কমেও এটা দশকৰ আয়ুসকালৰ বাবে এই মহাকাশ কেন্দ্ৰটোৰ ডিজাইন কৰা হৈছে। উল্লেখ্য যে, ২০২১ চনৰ এপ্ৰিল মাহত টিয়ানহে কোৰ মডিউল মুকলি কৰা হৈছিল আৰু ৱেণ্টিয়ান লেব মডিউল জুলাই মাহত আৰু অক্টোবৰ মাহত মেংটিয়ান মুকলি কৰাৰ কথা আছে। শ্বেনঝৌ-১৪ৰ অভিযাত্ৰীসকল কক্ষপথত থকাৰ সময়ছোৱাত টিয়ানঝৌ-৫ কাৰ্গো ক্ৰাফ্ট আৰু শ্বেনঝৌ-১৫ৰ ক্ৰুযুক্ত মহাকাশযানৰ মূল মডিউলৰ সৈতে ডক কৰাটোৰো সাক্ষী হ’ব।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More