মহাকাশৰ ‘মালিক’ !

চন্দ্ৰত মাটি কিনিবলৈ ১ লাখ ৬৩ হাজাৰ ই-মেইল প্ৰেৰণ গ্ৰাহকৰ

0 70

 

দাদুল দেৱকৃষ্ণ বৰুৱা
স্থল, জল আৰু আকাশত হোৱা নানা ধৰণৰ যুদ্ধ সম্পর্কে জানিলেও মহাকাশযুদ্ধ এতিয়াও ছায়েন্স ফিক্সন চলচ্চিত্র আৰু কিতাপৰ পাততহে দেখা যায়। ৰামায়ণ বৰ্ণিত মেঘনাদৰ যুদ্ধ কৌশলকো আকাশী যুদ্ধৰ শাৰীতহে ৰাখিব পাৰি। অৰ্থাৎ মহাকাশ যুদ্ধ এতিয়াও কল্পবিজ্ঞান কাহিনীৰ ভিতৰতে আবদ্ধ। কিন্তু কিমান দিনলৈ? কেতিয়াবা হ’ব নেকি মহাকাশ মহাসমৰ? আমি আগুৱাই গৈ আছোঁ নেকি শিহৰণকাৰী চলচ্চিত্ৰ ‘ষ্টাৰ ৱাৰ্চ’-ৰ বাস্তৱ ৰূপ এটা দেখা পোৱাৰ দিশেৰে?
১৯৬৯ চনত নীল আর্মষ্ট্ৰঙে চন্দ্ৰপৃষ্ঠত কেৱল অৱতৰণেই কৰা নাছিল, তাত মার্কিন যুক্তৰাষ্ট্ৰৰ এখন পতাকাও উৰুৱাই আহিছিল। সেই তেতিয়াৰ পৰা এতিয়ালৈকে ৬০খনৰো অধিক দেশে মহাকাশত নিজৰ সৰৱ উপস্থিতিৰ জাননী দিছে। একাধিকে নিজকে বিভিন্ন গ্রহৰ মালিক হিচাবেও দাবী কৰিছে আৰু চন্দ্ৰত মাটি বিক্রী আৰম্ভ কৰি দিছে। ‘জোনবাইৰ দেশত’ ঘৰ সজাৰ জল্পনা কল্পনাৰ যেন বাস্তৱিক ৰূপ এয়া!
মহাকাশক লৈ বিশ্বৰ বৃহৎ শক্তিসমূহৰ মাজত যি প্রতিযোগিতা আৰম্ভ হৈছে, সেয়া হয়তো হলিউডৰ বিখ্যাত ছায়েন্স ফিক্সন চলচ্চিত্র ‘ষ্টাৰ ৱাৰ্চ’ৰ যুদ্ধৰ দৰে নহয়। তেনে ধৰণৰ একোৰে প্রমাণ এতিয়াও পোৱা হোৱা নাই। অৱশ্যে এইটোও সত্য যে, এই বিষয়টো কেৱল এতিয়া আৰু কল্পনাতেই সীমাবদ্ধ হৈ থকা নাই।
ভাৰতসহ ইতিমধ্যেই মার্কিন যুক্তৰাষ্ট্র, ৰাছিয়া আৰু চীনে ভূমিৰ পৰা ক্ষেপণাস্ত্র প্ৰয়োগেৰে কক্ষপথৰ কৃত্রিম উপগ্রহ ধ্বংসৰ প্রমাণ দিছে। প্রতিৰক্ষাৰ নামত মহাকাশত বিভিন্ন দেশৰ এনে সামৰিক উপস্থিতিক লৈ সেয়ে ভৱিষ্যতে এখন মহাকাশ যুদ্ধৰ শংকা উৰাই দিয়াটো কঠিন।
কেৱল সামৰিক দখলদাৰীয়েই নহয়, বর্তমান আর্থিক দিশৰ পৰাও গুৰুত্বপূর্ণ হৈ উঠিছে মহাকাশ। মুক্ত বজাৰৰ বাণিজ্যিক কোম্পানিসমূহে চৰকাৰবিহীন মহাকাশক ৰীতিমত বজাৰত পৰিণত কৰি পেলাইছে। আৰু এই বজাৰক লক্ষ্য কৰি বর্তমানে বিশ্বব্যাপী অন্ততঃ ১০ হাজাৰ কোম্পানী প্রতিষ্ঠিত হৈছে। ‘ফোর্বচ’ৰ এক তথ্যসূত্রৰ পৰা জনা যায় যে, বর্তমান এইসমূহ কোম্পানীৰ সন্মিলিত বজাৰ মূল্যই ৪ ট্রিলিয়ন ডলাৰ অতিক্ৰম কৰিছে।
এই অসীম মহাকাশ, তাত বিয়পি ছিটিকি থকা অসংখ্য নক্ষত্র, গ্রহ-উপগ্রহ আৰু গ্রহাণুত থকা মহামূল্যবান খনিজ সম্পদৰ মালিক কোন? মহাকাশ যুদ্ধৰ সম্ভাৱনাৰ শংকা কিমান? মহাকাশক লৈ কোনো আন্তর্জাতিক চুক্তি আছে নে নাই? কোনো দেশ এই যুদ্ধৰ মুখ্য লক্ষ্যবস্তু হ’ব পাৰে নেকি? মহাকাশ বাহিনী গঠন আৰু তাত অস্ত্রৰ মজুত আৰু ব্যৱহাৰৰ ফলাফল কেনে হ’ব আৰু হঠাৎ মহাকাশ অর্থনীতিৰ কলিটো পাহি মেলি ফুলি উঠাৰ কাৰণ লৈয়ে উদ্ভৱ হৈছে এক প্ৰশ্ন— মহাকাশৰ মালিক কোন?
মহাকাশ অসীম, যাৰ এটা অতি ক্ষুদ্র অংশ হৈছে আমাৰ সৌৰজগত। আৰু এই সৌৰজগতৰ এটা ক্ষুদ্র অংশ হৈছে পৃথিৱী। যি পৃথিৱীৰ অনেক উৎস ইতিমধ্যেই উদং হৈ পৰিছে কেৱল মানুহৰ বিলাসী জীৱনৰ চাহিদা পূৰণ কৰিবলৈ গৈ। উন্নত দেশ আৰু বাণিজ্যিক প্রতিষ্ঠানবোৰে সেয়ে এতিয়া চকু দিছে উন্মুক্ত মহাকাশত।
ড° ডেনিছ এম হ’প (Dennis M Hope) নামৰ এজন ব্যক্তিয়েতো কেইবা খোজো আগুৱাই গৈ সৌৰজগতৰ সকলো গ্রহ আৰু সেইবোৰৰ উপগ্রহৰ মালিকানাও দাবী কৰিবলৈ এৰা নাই। চন্দ্ৰত মাটি বিক্রীৰ বাবে প্রতিষ্ঠা কয়িছে ‘লুনাৰ এম্বেচি’ (Lunar Embassy) নামৰ এটা প্রতিষ্ঠান। সেই প্রতিষ্ঠানৰ ৱেবছাইত গৈ আপুনিও কিনিব পাৰে জোনৰ দেশত মাটি। শুনিবলৈ অবাস্তৱ যেন লাগিলেও বিশ্বজুৰি জোনত মাটি বিক্রীৰ অনেক ঘটনা আছে। ঘটনাৰ আৰম্ভ হৈছে বহুকেইটা দশকৰ আগতেই। ভেনিছ এম হ’পে হঠাৎ ‘লুনাৰ এম্বেচি’ নামৰ কোম্পানী প্রতিষ্ঠা কৰি সেই কোম্পানীৰ প্রধান আৰু নিজকে সৌৰজগতৰ সকলো গ্রহৰ ‘মালিক’ বুলি দাবী কৰিছে। আনকি তেওঁ সেইবোৰ ৰক্ষা কৰা আৰু তাৰ পৰা মুনাফা লাভৰ ইচ্ছাও পোষণ কৰিছে। ড° ডেনিছ এম হ’পৰ দাবী, ২০০১ চনৰ পৰা সমগ্ৰ পৃথিৱীৰ পৰা তেওঁলৈ গ্রাহকে অন্ততঃ ১ লাখ ৬৩ হাজাৰ ই-মেইল পঠাইছে। সেইসকলে জানিব বিচাৰিছিল, পৃথিৱীত থাকিয়েই তেওঁ কিদৰে চন্দ্র-দূতাবাসত বিক্রী কৰা সম্পত্তি ৰক্ষা কৰিব? হ’পৰ উত্তৰটো আছিল আৰু অবিশ্বাস্য। সকলো বিবেচনাৰ অন্তত তেওঁ এখন গণতান্ত্রিক প্রজাতন্ত্র চৰকাৰ গঠনৰ প্রয়োজনীয়তা অনুভৱ কৰে আৰু সৰ্বশেষত এখন ছায়াপথসংক্রান্তীয় বা গেলেকটিক চৰকাৰ গঠন কৰে!
এইবোৰ কাৰবাৰ আৰম্ভ হৈছিল ১৯৮০ চনতে। যেতিয়া হ’পৰ মগজুলৈ এই উদ্ভট চিন্তা আহিছিল। বিবাহ বিচ্ছেদ আৰু কর্মহীন হ’পে চন্দ্ৰৰ বিশালাকাৰ মাটিৰ কথা চিন্তা কৰিবলৈ ধৰিছিল। চন্দ্ৰৰ প্রায় ১৫ লাখ বর্গমাইলৰ বিশাল পৃষ্ঠক লৈ ব্যৱসার পৰিকল্পনা কৰে তেওঁ। এই চিন্তা দেখি হ’পক উন্মাদ আৰু এই কাণ্ডক পাগলামি বুলি ক’ব পাৰি। কিন্তু বর্তমান ছবিখন কিন্তু হ’পৰ স্বতন্ত্র আৰু উন্মত্ত পৰিকল্পনাতকৈ খুব বেছি পৃথক নহয়। চন্দ্ৰ আৰু চন্দ্ৰৰ বিভিন্ন সম্পদ ইতিমধ্যেই বিশ্বৰ বিভিন্ন দেশ আৰু ব্যৱসায় প্রতিষ্ঠানৰ নজৰ কাঢ়িছে। যাৰ আৰম্ভণি হৈছিল ১৯৬৭ চনত চন্দ্রাভিজানৰ পিছৰে পৰা। ‘দ্য ইক’নমিষ্ট’ (The Economist)ৰ এক প্রতিবেদনৰ পৰা জনা যায় যে, ২০১৫ চনত মার্কিন কংগ্রেছে মহাশূন্যত খননক বৈধতা দি এখন আইন পাছ কৰিছে। বিশ্বৰ প্রথম এনে ধৰণৰ আইন এইখন। আমেৰিকাত খনিজ সম্পদ আহৰণকেন্দ্রিক অসংখ্য প্রতিষ্ঠান আছে, এতিয়া মহাকাশ খনন সংস্থাও প্রতিষ্ঠিত হ’ব। যিবোৰে গ্রহাণুসহ বিভিন্ন গ্রহ-উপগ্রহত খনন চলাই পানীসহ বিভিন্ন ধাতু উত্তোলন আৰু সেইবোৰ বিক্রী কৰিব পাৰিব। যদিও এই ক্ষেত্ৰত বাধা হ’ব ৰাষ্ট্ৰসংঘৰ মহাশূন্য বিষয়ক এক চুক্তি। য’ত চুক্তিবদ্ধ হৈ আছে আমেৰিকা, চীন, ৰাছিয়া, যুক্তৰাজ্যসহ ১২৯খন দেশ। আৰ এই চুক্তিখন চোৱা-চিতা কৰে ৰাষ্ট্ৰসংঘৰ মহাশূন্য বিষয়ক কার্যালয়ে। যদিহে উক্ত চুক্তি বাতিল কৰা হয়, তেন্তে গ্ৰহ-গ্ৰহান্তৰত সম্পদ খননৰ নামত বাস্তৱতে ঘটিব পাৰে ষ্টিফেন স্পীলবাৰ্গৰ বহুচৰ্চিত চলচ্চিত্ৰ ‘অৱতাৰ’ত চিত্ৰিত ঘটনাৰাজি!
১৯৬৭ চনত গৃহীত হোৱা এই চুক্তিসূত্রে জনা যায় যে, মহাকাশক সমস্ত মানৱ জাতিৰ দেশ হিচাপে বিবেচনা কৰি উচিত। মহাশূন্য সকলো ৰাষ্ট্র আৰু মানুহৰ দ্বাৰা অনুসন্ধান তথা ব্যৱহাৰৰ বাবে উন্মুক্ত। কোনো সার্বভৌম ৰাষ্ট্রই চন্দ্ৰ আৰু অন্যান্য মহাকাশীয় উপাদানক নিজৰ সম্পদ বুলি দাবী কৰিব নোৱাৰিব। এইসমূহ সম্পূর্ণৰূপে শান্তিপূর্ণ উদ্দেশ্যত ব্যৱহাৰ কৰা হ’ব আৰু মহাকাশত কোনো মাৰণাস্ত্র স্থাপন কৰা নহ’ব। BBCত এই চুক্তিপত্রক ‘মহাকাশৰ সংবিধান’ বুলি উল্লেখ কৰিছে লণ্ডন স্কুল অব ইক’নমিক্সৰ ফেল’ আৰু স্পেচ পলিচি জার্নালৰ সম্পাদক ড° জিল ষ্টুৱার্টে। এই চুক্তি ভংগৰ দৰে কোনো দৃশ্যমান পদক্ষেপ এইপর্যন্ত দেখা নগ’লেও মহাকাশকেন্দ্রিক বেগবান হোৱা অর্থনৈতিক কার্যকলাপে শংকাৰ উদ্রেক ঘটায়।
বিভিন্ন গ্রহ-উপগ্রহসহ গ্রহাণুসমূহত খনন আৰু খনিজ সম্পদ আহৰণ, মহাকাশ পর্যটন, মঙ্গল গ্ৰহত বসতি স্থাপনসহ মহাকাশকেন্দ্রিক এক বিশাল অর্থনীতি আৰু বাণিজ্য গঢ়ি উঠিবলৈ আৰম্ভ কৰিছে। এল’ন মাস্কৰ ‘ষ্টাৰচিপ’, ‘ষ্টাৰলিংক’ প্রজেক্টৰ দৰে উচ্চাকাংক্ষী পৰিকল্পনাসমূহৰ পিছৰে পৰাই মূলতঃ মহাকাশ বাণিজ্য হু হু কৈ বাঢ়িবলৈ আৰম্ভ কৰিছে। ষ্টাৰচিপ প্রজেক্টৰ মাধ্যমেৰে স্পেচেক্সে কেজিয়ে প্রতি মাত্র ৫০০ ডলাৰৰ বিনিময়ত পৃথিৱীৰ পৰা কক্ষপথত ডেলিভাৰি কৰিব পাৰিব। য’ত নাছাৰ স্পেচ শ্বাটলত খৰচ পৰিব প্রতি কেজিত ২০ হাজাৰ ডলাৰ। কেৱল মাস্কৰ স্পেচেক্সেই নহয়, মহাকাশ ঘেৰি মহা পৰিকল্পনা বাস্তৱায়নৰ দৌৰত নামিছে প্রযুক্তি জায়ান্টবোৰো। যাৰ ভিতৰত জেফ বেজেচৰ ‘ব্লু অৰিজিন’, ৰিচার্ড ব্রানচনৰ ‘ভার্জিন গেলাক্টিক’ অন্যতম। তদুপৰি চীন, ৰাছিয়াসহ বিশ্বব্যাপী বিভিন্ন দেশৰ নানামুখী উদ্যোগতো আছেই।
CNN-এ কৈছে যে, মার্কিন যুক্তৰাষ্ট্রই ২০২৩ চনত নাছাৰ বাবে অন্ততঃ ২৬ বিলিয়ন ডলাৰৰ বাজেট বিচাৰিছে বাইডেন প্রশাসনে। যিটো চলিত বছৰৰ বাজেটতকৈ অন্ততঃ ৮ শতাংশ বেছি। যি ধনেৰে আমাৰ মুলুকৰ কেইবাখনো বগীবিল দলং সাজিব পৰা যাব।
দ্য ৱাছিংটন প’ষ্টৰ মতে, ২০১৫ চনত মহাকাশত কেৱল বাণিজ্যিক কার্যকলাপৰ আর্থিক মূল্য আছিল ১১০ বিলিয়ন ডলাৰ। মাত্র ১৫ বছৰৰ ভিতৰত সেয়া ৩ গুণ বাঢ়ি ২০২০ চনত হয়গৈ ৩৫৭ বিলিয়ন ডলাৰ। মহাকাশত ৪৪৭ বিলিয়ন ডলাৰৰ অর্থনৈতিক কার্যকলাপৰ ৮০ শতাংশই আছিল বাণিজ্যিক কার্যকলাপ। ফোর্বচৰ মতে, ২০৩০ চনৰ ভিতৰত মহাকাশ অর্থনীতি অন্ততঃ ১০ ট্রিলিয়ন ডলাৰত উপনীত হ’ব।
য’ত ইমান এক বিৰাট অর্থনীতি জড়িত আছে তাত ক্ষমতাৰ ৰাজনীতি প্রতিষ্ঠিত হ’বলৈ বৰ বেছি সময়ো নালাগিব। তদুপৰি বিশ্বৰ পৰাক্ৰমী শক্তিবোৰে অনুসন্ধান আৰু প্রতিৰক্ষাৰ নামত ইতিমধ্যেই বেছ কিছু সামৰিক ব্যৱস্থা গ্রহণ কৰিছে। মহাকাশত নানা দেশৰ সামৰিক উপস্থিতিসহ থাকিব এথেট ক্ষেপণাস্ত্র আৰু ছেটেলাইটকেন্দ্রিক পাৰমাণৱিক অস্ত্রৰ বিকাশ। যিটোৱে আন এক আলোচনাৰ দুৱাৰ খুলি দিয়ে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More