মহাকাশ আৱৰ্জনাৰ ফলত বিপজ্জনক বিশৃঙ্খল পৰিস্থিতিৰ উদ্ভৱ

কালপ্ৰাপ্ত ৭,৬৩০ টা উপগ্ৰহঃ ধ্বংসপ্ৰাপ্ত উপগ্ৰহৰ বিচ্ছিন্ন বিভিন্ন ধাতু পদাৰ্থ কোটিৰ হিচাপত মহাকাশত ঘূৰ্ণীয়মান

0 54

শতাব্দ বিশেষ প্ৰতিনিধি, ৬ মে’: মানৱ জাতিৰ একমাত্ৰ বসতিস্থল পৃথিৱীৰ জল-স্থল প্ৰদূষিত কৰি মানুহে এইবাৰ প্ৰদূষণৰ পোহাৰ মেলিবলৈ ওলাইছে মহাকাশ জগতত। পোহাৰ মেলাই নহয়, মহাকাশ ইতিমধ্যেই বিপজ্জনক ভাৱে প্ৰদূষিত হৈ পৰিছে। ১৯৫৭ চনৰ অক্টোবৰ মাহত ৰাছিয়াই মহাকাশলৈ উৎক্ষেপণ কৰা স্পুটনিক ১ কৃত্ৰিম উপগ্ৰহটোৰ পৰাই আৰম্ভ হৈছিল মানুহৰ মহাকাশ বিজয় যাত্ৰা। ইয়াৰ পৰৱৰ্তী সময়ত বিশ্বৰ কেইবাখনো দেশে চলোৱা মহাকাশ অভিযানে মানৱ কল্যাণৰ হকে অনেক সুযোগ-সুবিধা কঢ়িয়াই আনিছে। মহাকাশলৈ উৎক্ষেপণ কৰা কৃত্ৰিম উপগ্ৰহ সমূহৰ পৰা দ্ৰুত যোগাযোগ আৰু পৰিৱহণ ব্যৱস্থা, বতৰৰ আগজাননী, বেঙ্কিং সেৱা, বিনোদন, সামৰিক ইত্যাদি বিভিন্ন ক্ষেত্ৰত মানুহে অপৰিসীম সুযোগ লাভ কৰি জীৱন যাত্ৰাৰ মান উন্নতৰ পৰা আৰু অধিক উন্নততৰ কৰি তুলিছে। কিন্তু মানৱ কল্যাণৰ বাবেই ব্যৱহৃত এই মহাকাশ যান বা উপগ্ৰহ সমূহৰ ব্যৱহাৰৰ ক্ষেত্ৰত উৎক্ষেপণকাৰী ৰাষ্ট্ৰসমূহৰ সংযম আৰু দায়িত্বজ্ঞানহীনতাৰ বাবেই শান্ত সমাহিত মহাকাশ এতিয়া এক বিপজ্জনক স্থানলৈ পৰিণত হৈছে। ১৯৫৭ চনৰ পাছৰে পৰা এতিয়ালৈকে মহাকাশলৈ বিভিন্ন উপলক্ষত উৎক্ষেপণ কৰা হৈছে সহস্ৰাধিক উপগ্ৰহ। ইউৰোপীয় মহাকাশ সংস্থাৰ এক তথ্য অনুযায়ী বৰ্তমানলৈকে বিভিন্ন দেশে প্ৰায় ১২,১৭০ টা উপগ্ৰহ মহাকাশলৈ প্ৰেৰণ কৰিছে। ইয়াৰে ৪,৭০০ টা মান উপগ্ৰহ এতিয়াও কৰ্মক্ষম হৈ আছে আৰু ৭,৬৩০ টা উপগ্ৰহৰ আয়ুস কাল অন্ত পৰাত বা অকামিলা হৈ কক্ষপথত এতিয়া পৃথিৱীক প্ৰদক্ষিণ কৰি আছে।এক কথাত ই মহাকাশত আৱৰ্জনা হিচাপে থাকি যান-জঁটৰ সৃষ্টি কৰি মহাকাশত এক বিপজ্জনক বিশৃঙ্খল পৰিস্থিতিৰ উদ্ভৱ কৰিছে। ইয়াৰ উপৰি মহাকাশ যান বা কেনেবাকৈ ধ্বংস প্ৰাপ্ত হোৱা উপগ্ৰহৰ পৰা বিচ্ছিন্ন হৈ পৰা বিভিন্ন ধাতু জাতীয় সৰু-বৰ পদাৰ্থ কোটিৰ হিচাপত মহাকাশত ঘূৰ্ণীয়মান অৱস্থাত পৃথিৱীক অহৰ্নিশেই প্ৰদক্ষিণ কৰি আছে। ইউৰোপীয় মহাকাশ সংস্থাৰ মতে মহাকাশত এতিয়াও ১০ চেণ্টিমিটাৰ প্ৰস্থতকৈ বৃহৎ এনে বৰ্জিত পদাৰ্থৰ সংখ্যা হ’ব ৩৬,৫০০। ০.৪ ইন্সিৰ পৰা ৪ ইন্সি প্ৰস্থৰ পদাৰ্থ আছে প্ৰায় এক নিযুত। ৪ ইন্সিতকৈ সৰু কিন্তু ০.৪ ইন্সিতকৈ ডাঙৰ আকৃতিৰ এনে আৱৰ্জনাৰ পৰিমাণ হ’ল অবিশ্বাস্য ৩৩০ নিযুত। মহাকাশ সংস্থাটোৰ মতে এই সমূহ পদাৰ্থৰ মুঠ ভৰ হ’ব প্ৰায় ৯,৬০০ মেট্ৰিক টন। দেখাত ক্ষুদ্ৰাতিক্ষুদ্ৰ হ’লেও এই পদাৰ্থসমূহে ঘণ্টাত প্ৰায় ২৪,০০০ কিলোমিটাৰ বেগত মহাকাশৰ বিভিন্ন পথত বিচৰণ কৰি আছে। এনেবোৰ পদাৰ্থৰ বাবেই এতিয়া মহাকাশলৈ নতুনকৈ প্ৰেৰণ কৰিবলগীয়া উপগ্ৰহসমূহৰ বাবে বিপদসংকুল পৰিস্থিতি এটাৰ উদ্ভৱ হৈছে। ক্ষুদ্ৰাকৃতিৰ হ’লেও তীব্ৰ গতিবেগত থকা এই আৱৰ্জনা সদৃশ পদাৰ্থসমূহে মহাকাশ যান বা উপগ্ৰহৰ লগত সংঘৰ্ষ হ’লে সমগ্ৰ অভিযানটোৱেই ব্যৰ্থ হোৱাৰ সম্ভাৱনা থাকে। সাধাৰণতে যোগাযোগ আৰু পৃথিৱী পৰ্যবেক্ষণৰ বাবে প্ৰেৰণ কৰা উপগ্ৰহ সমূহৰ কক্ষপথতেই এনে দুৰ্ঘটনা ঘটাৰ সম্ভাৱনা অধিক থাকে। অনিশ্চিত ভাৱে ঘূৰ্ণীয়মান এনে পদাৰ্থ সমূহৰ সংঘৰ্ষৰ পৰা ৰক্ষা কৰিবৰ বাবেই ১৯৯৯ চনৰ পৰা ২০২০ চনৰ ভিতৰত আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰটোৰ গতিপথ ২৯ বাৰলৈকে পৰিৱৰ্তন কৰিবলগীয়া হৈছিল। ২০০৯ চনৰ ফেব্ৰুৱাৰীত ৰাছিয়াৰ এটা অকামিলা হৈ পৰা উপগ্ৰহ Kosmos 2251এ মহাকাশত কৰ্মক্ষম হৈ থকা Iridium 83 নামৰ যোগাযোগ উপগ্ৰহটোক খুন্দা মৰাৰ ফলত প্ৰায় দুহাজাৰতকৈ অধিক সৰু-বৰ আকৃতিৰ আৱৰ্জনা সৃষ্টি কৰিছিল। তেনেদৰে ২০০৭ চনৰ জানুৱাৰী মাহত চীনে অকামিলা বা আয়ুস কাল অন্ত পৰা উপগ্ৰহ মহাকাশতে ধ্বংস কৰি দিয়া প্ৰযুক্তি কৌশল এটাৰ পৰীক্ষা কৰিবলৈ গৈ এনে এটা উপগ্ৰহ ধ্বংস কৰাত সৃষ্টি হৈছিল তিনি হাজাৰৰো অধিক চিনাক্ত কৰা ধাতবীয় টুকুৰা আৰু প্ৰায় ৩২,০০০ টা ক্ষূদ্ৰাকৃতিৰ পদাৰ্থ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ সংস্থা ‘নাছা’ৰ মতে পৃথিৱীৰ পৰা ৬০০ কিলোমিটাৰ উচ্চতাত ঘূৰ্ণীয়মান আৱৰ্জনা সমূহ কেইবছৰমানৰ ভিতৰত পৃথিৱীলৈ ঘূৰি আহে কিন্তু ১০০০ কিলোমিটাৰ উচ্চতাত থকা এনে পদাৰ্থ সমূহ শতাধিক বছৰ ধৰি মহাকাশতেই ঘূৰ্ণীয়মান অৱস্থাত থাকি যায়।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা বিভাগে এনে মহাকাশীয় আৱৰ্জনাৰ গতিবিধিৰ ওপৰত চকু ৰাখিবলৈ এটা বিশেষ নিৰীক্ষণ গোট স্থাপন কৰিছে। ইতিমধ্যে এই আৱৰ্জনা সমূহৰ উপৰি ষ্টাৰলিঙ্ক, ৱান ৱেব, এমাজন আদি প্ৰতিষ্ঠানে তীব্ৰ গতিৰ যোগাযোগ ব্যৱস্থাৰ বাবে পৃথিৱীৰ নিম্ন কক্ষপথত সহস্ৰাধিক বাণিজ্যিক উপগ্ৰহ স্থাপনৰ যি কাৰ্যসূচী গ্ৰহণ কৰিছে ইয়াৰ পৰাও মহাকাশ কাৰ্যসূচী বিঘ্নিত হ’ব বুলি মহাকাশ সংস্থা সমূহে সংশয় প্ৰকাশ কৰিছে।
সকলোতকৈ গুৰুত্বপূৰ্ণ দিশটো হৈছে, মহাকাশৰ শান্তিপূৰ্ণ ব্যৱহাৰ আৰু নিৰাপত্তাক লৈ এতিয়ালৈকে বিশ্বৰ ৰাষ্ট্ৰসমূহৰ কোনো উমৈহতীয়া প্ৰচেষ্টা দেখিবলৈ পোৱা নাই। মহাকাশ নিয়ন্ত্ৰণৰ তেনে কোনো নিৰ্ধাৰিত আন্তৰ্জাতিক আইনৰ অভাৱত এতিয়া সেই সুৰুঙাৰে যাৰে যি মন যায় তাকে কৰি থকাত অদূৰ ভৱিষ্যতে ইয়াৰ ফল বিষময় হ’বগৈ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More