মহাবীৰ লাচিত বৰফুকনৰ জন্মজয়ন্তী উদযাপন উপলক্ষে ভট্টদেৱ বিশ্ববিদ্যালয়ত মনোজ্ঞ বক্তৃতানুষ্ঠান

0 120

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২২ নৱেম্বৰঃ মহাবীৰৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তী উদযাপনৰ অংশ হিচাপে আজি ২২ নৱেম্বৰত পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ উদ্যোগত আৰু বজালী জিলা প্ৰশাসনৰ সহযোগত “লাচিত বৰফুকনৰ জীৱন‌ আৰু কৃতিত্ব” বিষয়ক এটি বিশেষ বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰা হয়। ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ২ নং ডিজিটেল প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা এই বক্তৃতা অনুষ্ঠানত খ্যাতনামা ইতিহাসবিদ, চিন্তাবিদ আৰু নিৱন্ধকাৰ অধ্যাপক সুনীল পৱন বৰুৱাই মুখ্য বক্তৃতা প্ৰদান কৰে। ভট্টদেৱ বিশ্ববিদ্যালয়ৰ শৈক্ষিক পঞ্জীয়ক ড° সুভাষ চন্দ্ৰ দাসে বক্তৃতা অনুষ্ঠানটি মুকলি কৰি তেওঁৰ উদ্বোধনী ভাষণত লাচিত বৰফুকনৰ কৃতিত্বৰ মূল্যায়ন কৰে আৰু বিশ্ববিদ্যালয়ত এনে এক অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবে ইতিহাস বিভাগৰ শলাগ লয়। ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপক অৰিন্দম তালুকদাৰে সভাপতিত্ব কৰা বক্তৃতা অনুষ্ঠানটিত মুখ্য বক্তা সুনীল পৱন বৰুৱাই উত্তৰ আধুনিক যুগত প্ৰকৃত ইতিহাস চৰ্চাৰ প্ৰাসঙ্গিকতা আৰু গুৰুত্বৰ কথা দোহাৰি এনে প্ৰেক্ষাপটত আজি চাৰিশ বছৰ পাছতো লাচিত বৰফুকনৰ লেখীয়া অসমৰ এগৰাকী জাতীয় বীৰৰ জীৱন আৰু কৃতিত্বৰ বিষয়ে প্ৰামাণিক অধ্যয়নৰ আৱশ্যকতাৰ ওপৰত আলোকপাত কৰে। অধ্যাপক বৰুৱাই তেওঁৰ মনোগ্ৰাহী ভাষণত লাচিত বৰফুকনৰ লগতে অসমৰ ইতিহাস চৰ্চাৰ বিভিন্ন দিশৰ বিষয়ে খৰচি মাৰি আলোচনা কৰে। বক্তৃতা অনুষ্ঠানৰ শেষত হোৱা আলোচনাত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ শিক্ষক- শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় চিন্তাবিদসকলে ভাগ লৈ লাচিত বৰফুকনৰ জীৱন আৰু কৃতিত্বক ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্য্যায়লৈ লৈ যোৱাৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা বিশেষ পদক্ষেপৰ শলাগ লয় আৰু লাচিত বৰফুকনৰ জীৱন আৰু কৃতিত্বৰ বিষয়ে বিশদভাৱে গৱেষণা চলাই এখন প্ৰামাণ্য জীৱনীভিত্তিক গ্ৰন্থ প্ৰকাশ কৰাৰ বাবে উদ্যোগ ল’বৰ কাৰণে চৰকাৰ আৰু ৰাজ্যৰ উচ্চ শিক্ষা অনুষ্ঠান, বিশ্ববিদ্যালয় সমূহক আহ্বান জনায়। ইতিহাস বিভাগৰ সহকাৰী অধ্যাপক সুৰেন দাসে আঁত ধৰা বিশেষ বক্তৃতা অনুষ্ঠানৰ শেষত বিভাগীয় সহযোগী অধ্যাপক মুকুল পাটগিৰিয়ে শলাগৰ শৰাই আগবঢ়ায়। উল্লেখ্য যে লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জন্ম জয়ন্তী উদযাপনৰ লগত সংগতি ৰাখি ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উদ্যোগত বিশ্ববিদ্যালয়ৰ ছাত্ৰসকলৰ মাজত পষ্টাৰ অংকন প্ৰতিযোগিতা আৰু ৰচনা প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More