মহাৰাষ্ট্ৰত ৰাজনৈতিক ”ভূমিকম্প”–অভিকেন্দ্ৰ গুৱাহাটী

মহাৰাষ্ট্ৰৰ ৪০ জন বিসম্বাদী বিধায়কে গুৱাহাটীৰ ৰেডিশ্বন ব্লুত বাহৰ পাতিছে

0 12

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২২ জুনঃ গুজৰাটৰ চুৰাটৰ পৰা আহি বুধবাৰৰ পুৱা ৪০ জন বিসম্বাদী বিধায়কে গুৱাহাটীৰ ৰেডিশ্বন ব্লুত বাহৰ পতাৰ পাছত মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ অভিকেন্দ্ৰ হৈ পৰিছে গুৱাহাটী। ইয়াৰ পূৰ্বেও গুৱাহাটীৰ পৰা আন কেইবাখনো ৰাজ্যৰ ৰাজনীতিৰ উত্থান-পতন নিয়ন্ত্ৰণ হৈছিল। শিৱসেনাৰ বিদ্ৰোহী নেতা একনাথ সিন্ধেৰ নেতৃত্বত উদ্ধৱ থাকৰে চৰকাৰৰ বিৰুদ্ধে চলা চৰকাৰ হটাও এই অভিযানত বিজেপিয়ে শেষ হাঁহি মাৰিব বুলি ধাৰণা কৰা হৈছে। মহাৰাষ্ট্ৰৰ দৰে এখন ৰাজ্যৰ ৰাজনীতি শিৱসেনাৰ নেতৃত্বত এন চি পিৰ সহযোগত নিয়ন্ত্ৰিত হৈছিল। ৰাজ্যখনত মুঠ বিধানসভাৰ আসন ২৮৮ খন। ২০১৯ ৰ ২১ অক্টোবৰত অনুষ্ঠিত হোৱা নিৰ্বাচনত বিজেপিয়ে ১০৫ খন আসন লাভ কৰাৰ বিপৰীতে শিৱসেনাই ৫৬ খন, এন চি পিয়ে ৫৪ খন কংগ্ৰেছে ৪৬ খন আৰু অন্যান্যই ১৩ খন আসন লাভ কৰিছিল।
তাৰ পাছত বহুজন বিকাশ আঘাৰী চৰকাৰ গঠন কৰিছিল উদ্ধৱ থাকৰেৰ নেতৃত্বত। মহাৰাষ্ট্ৰ দৰে এখন ৰাজ্যত বিজেপিৰ এই পতন দলটোৱে সহজভাৱে ল’ব পৰা নাছিল। সেয়েহে চৰকাৰ গঠন কৰিও ক্ষমতাত থাকিব নোৱাৰাৰ পোতক তুলিবলৈ বিজেপিয়ে সদায় চেষ্টা চলাই আহিছে।
চৰকাৰ গঠন কৰিবলৈ বিজেপিক প্ৰয়োজন হোৱা বিধায়কৰ সংখ্যা তাকৰ নাছিল। এক প্ৰকাৰৰ উলম্ব বিভাজন কৰি শিৱসেনাৰ গৰিষ্ঠ সংখ্যক বিধায়কক নিজৰ পক্ষলৈ অনাত সফল হ’ল বিজেপি। দলত্যাগ আইনৰ আওতাত নপৰিবলৈ ন্যূনতম ৩৭ জন বিধায়কে দল এৰিব লাগে যদিও শিৱসেনাৰ বিসম্বাদী মন্ত্ৰী তথা দলটোৰ প্ৰাক্তন মুখ্য সচেতক একনাথ সিন্ধেৰ দাবী তেওঁৰ সৈতে শিৱসেনাৰ ৪০ জন বিধায়কৰ সমৰ্থন আছে। ইয়াৰ উপৰিও নিৰ্দলীয় ৭ জন বিধায়কে তেওঁক সমৰ্থন দিব বুলি দাবী কৰিছে। গুৱাহাটীলৈ অহা বিসম্বাদী বিধায়ক সকলৰ ভিতৰত ৩৩ জন শিৱসেনাৰ আৰু ৭ জন নিৰ্দলীয় বিধায়ক আছে। যিকোনো মুহুৰ্ততে শিৱসেনাৰ চৰকাৰ পতন হৈ শিৱসেনাৰ বিদ্ৰোহী বিধায়কৰ সমৰ্থনত বিজেপিয়ে মহাৰাষ্ট্ৰত চৰকাৰ গঠন কৰিব বুলিয়েই এতিয়া চৰ্চা চলিছে। শেহতীয়াকৈ ৰাজনীতিত প্ৰমূল্যবোধৰ অভাৱ ঘটিছে। ধন আৰু ক্ষমতা সৰ্বস্ব ৰাজনীতিয়ে গিলি পেলাইছে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰু চৰকাৰ বচাবলৈ চেষ্টা চলাই আছে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে। চুৰাটলৈ মধ্যস্থতাকাৰী হিচাপে মিলন নাভেকাৰক প্ৰেৰণ কৰিছিল যদিও সফল নহ’ল। তেওঁলোকৰ দাবী বিদ্ৰোহী বিধায়ক সকলে এন চি পি, কংগ্ৰেছ এৰি বিজেপিৰ সৈতে লগ লাগি চৰকাৰ গঠন কৰিব লাগিব। এতিয়া গুৱাহাটীৰ ৰেডিশ্বন ব্লুৰ তৎপৰতা লৈ সতৰ্ক দৃষ্টি ৰাখিছে সকলোৱে। ৰেডিশ্বন ব্লুতে মহাৰাষ্ট্ৰৰ চৰকাৰ গঠনৰ মন্ত্ৰণা চলিব । কিন্তু সুস্থ গণতন্ত্ৰৰ বাবে ই এক চৰম আঘাত। বিজেপি শাসিত এখন ৰাজ্য হিচাপে অসমত এই পট পৰিৱৰ্তনৰ ঘাটি পতা হৈছে। সঘন যোগাযোগ ৰাখিছে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই। সুশান্ত বৰগোহাঁই আৰু পল্লৱ লোচন দাসে এই বিদ্ৰোহী বিধায়কসকলৰ সংগ দিছে। বিদ্ৰোহী শিৱসেনা বিধায়ক সকলৰ দাবী শিৱসেনাৰ বৰ্তমানৰ নেতৃত্বই হিন্দুত্ব এজেণ্ডাক বিসৰ্জন দিছে। এতিয়া সিন্ধে হৈছে উদ্ধৱ থাকৰে চৰকাৰৰ বাবে মূৰৰ কামোৰণি। বিসম্বাদৰ এনে অসুস্থ অপসংস্কৃতিৰ সৈতে নাম সাঙুৰ খালে গুৱাহাটীৰ। মহাৰাষ্ট্ৰৰ নগৰ উন্নয়ন বিভাগৰ দায়িত্বত থকা সিন্ধেৰ সৈতে আছিল দেৱেন্দ্ৰ ফাৰ্নাবিজৰ সুসম্পৰ্ক। খবৰ এনেদৰেও পোৱা গৈছে যে আৰু কেইবাজনো বিধায়ক আহি গুৱাহাটীত উপস্থিত হোৱাৰ পাছতেই গোপন বৈঠকত চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব। বিসম্বাদী ৰাজনীতিত অসমত কংগ্ৰেছ থকা সৰকা হৈছিল। সেই বিসম্বাদী ৰাজনীতিৰ নেতৃত্ব দিছিল হিমন্ত বিশ্ব শৰ্মাই। তেওঁ বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী আৰু এতিয়া যেন তেওঁৰ পৃষ্ঠপোষকতাতেই পুনৰ আৰম্ভ হৈছে মহাৰাষ্ট্ৰৰ দৰে ৰাজ্যৰ চৰকাৰ ভঙা-পতা খেল।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More