মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা লিমিটেডে মুকলি কৰিলে বহু প্ৰত্যাশিত এছ ইউ ভি” স্কৰ্পিঅ” -এন

0 26
শতাব্দ, লখিমপুৰ ১৬ জুলাইঃ  ভাৰতৰ এছ ইউ ভি ছেগমেণ্টৰ পথ প্ৰদৰ্শক মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা লিমিটেডে আজি মুকলি কৰিলে বহু প্ৰত্যাশিত এছ ইউ ভি ‘স্কৰ্পিঅ”- এন বিলাসী বাহনখন। বিশ্বনাথ অশোক অটো এল এল পি,উদ্যোগত ১১.৯৯ লাখ টকাৰ পৰা আৰম্ভ কৰি নিজৰ বহু প্ৰত্যাশিত এছ ইউ ভি ‘স্কৰ্পিঅ’-এন’ লখিমপুৰত মুকলি কৰে অভিনেত্ৰী চুমি বৰা, বিশ্বনাথ অশোক অটো এল এল পিৰ চিইঅ’ আদৰ্শ তিব্ৰেৱাল আৰু এম এণ্ড এম ৱাই-মাৰ্টৰ এন ই আৰৰ ছিনিয়ৰ এ এছ এম সয়ন্তন ৰায়ে।উল্লেখ যে এছ ইউ ভি য়ে সকলো জটিল প্ৰচলৰ পৰিৱেশন, ক্ষমতা, প্ৰযুক্তি, কৌশল, ৰাইড আৰু হেণ্ডলিং, এন ভি এইছ ৰ অভ্যন্তৰীণ অংশ আৰু ৰূপৰ মাজেৰে বৰ্তমানৰ ছেগমেণ্ট বেঞ্চমাৰ্কসমূহ উন্নীত কৰাৰ অনুমতি দিযাৰ পাছতে বাহনখন গ্ৰাহকৰ বাবে মুকলি কৰি দিছে । যোৱা ৫ জুলাইৰ পৰা ১৫ জুলাইৰ ভিতৰত ৩০ খন বিশেষ চহৰ আৰু দেশৰ বাকী অংশত এছ ইউ ভিখন টেষ্ট ড্ৰাইভৰ বাবে উপলব্ধ কৰা হৈছে, আৰু ইয়াৰ সবিশেষ জানিবৰ বাবে auto.mahindra.com/suv/scorpio-n ৱেবছাইটতো মুকলি কৰিছে । ৩০ জুলাইত পুৱা ১১.০০ বজাত মহিন্দ্ৰাৰ ডিলাৰশ্বিপত অনলাইন আৰু একেলগে মুকলি হ’ব এছ ইউ ভিৰ বুকিংৰ । স্ক’ৰপিঅ’-এনৰ বাবে ‘এড টু কাৰ্ট’ ফিচাৰ ৫ জুলাইৰ পৰা ডিলাৰশ্বিপত অনলাইনত উপলব্ধ কৰা হৈছে।‘প্ৰথম অহা, প্ৰথমে পোৱা’ৰ ভিত্তিত বুকিং কৰা হ’ব। বুকিং প্ৰক্ৰিয়াৰ সবিশেষ ৱেবছাইটত উপলব্ধ। আগন্তুক উৎসৱমুখৰ সময়ছোৱাত বাহনখনৰ ডেলিভাৰী আৰম্ভ হ’ব। ইটালীৰ পিনিনফাৰিনা আৰু মুম্বাইৰ মহিন্দ্ৰা ইণ্ডিয়া ডিজাইন ষ্টুডিঅ’ত ডিজাইন কৰা হৈছে আৰু চেন্নাইৰ ওচৰৰ মহিন্দ্ৰা ৰিচাৰ্চ ভেলী আৰু আমেৰিকাৰ মহিন্দ্ৰা উত্তৰ আমেৰিকান কাৰিকৰী কেন্দ্ৰৰ দলসমূহে ইয়াৰ কাৰিকৰী অভিযান্ত্ৰিক কাৰ্যব্যৱস্থা সমূহ কৰিছে আৰু অত্যাধুনিক ৰূপত বিশ্বমানৰ সুবিধাত নিৰ্মাণ কৰা হৈছে পুনেত।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More