মহিলাৰ ওপৰত আক্ৰমণ:শোণিতপুৰ জিলা গোৰ্খা সন্মিলন আৰু গোৰ্খা ছাত্ৰ সন্হাৰ যৌথ বিবৃতি

0 6

শতাব্দ প্ৰতিনিধি,তেজপুৰ,১৪অক্টোবৰ: যোৱা ছয় অক্টোবৰত শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বৰঘাট অঞ্চলত বসবাস কৰা একমাত্ৰ গোৰ্খা সম্প্ৰদায়ৰ ঘৰৰ জীয়ৰী বোৱাৰীৰ ওপৰত চলা আক্ৰমণৰ বাবে অসম গোৰ্খা সন্মিলন আৰু সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলা সমিতিৰ তৰফৰ পৰা তীব্ৰ ক্ষোভ প্ৰকট কৰিছে।আজি দুয়োটা সংগঠনে প্ৰকাশ কৰা এক যৌথ বিবৃতিত এই কথা কোৱা হৈছে৷উল্লেখযোগ্য যে, এই সন্দৰ্ভত আক্ৰমণকাৰীক তৎকালীনভাৱে কৰায়ত্ত কৰি দৃষ্টান্তমুলক কঠোৰ শাস্তি বিহাৰ দাবীৰে শোণিতপুৰৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক স্মাৰক পত্ৰ প্ৰদান কৰিছে সংগঠন দুটাই । আজি নিৰ্যাতিত গোৰ্খা পৰিয়ালটোৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা বাবে ব্যৱস্থা লবলৈ দাবী জনোৱাৰ লগতে জিলা প্ৰশাসনৰ ফালৰ পৰা ৰাজহুৱা সভাৰ জৰিয়তে পৰিয়ালটোক অভয়দানৰ দৰে কাৰ্যব্যৱস্থা গ্ৰহণৰ বাবে অনুৰোধ জনাইছে দুয়োটা সংগঠনে।বিবৃতিটোত লগতে উল্লেখ কৰা হয় যে, বৰঘাট অঞ্চলত বসবাস কৰা উক্ত পৰিয়ালটো, সেই একে স্থানতে শত বৰ্ষ ধৰি বসবাস কৰা একমাত্ৰ পৰিয়াল৷ যথেষ্ট মাটি বাৰী সম্পত্তিৰ অধিকাৰী উক্ত পৰিয়ালটোৰ ওপৰত পূৰ্বৰে পৰা অন্যায় অত্যাচাৰ চলি থকা কথা পোহৰলৈ আহিছে বুলিও বিবৃতিটোত উল্লেখ কৰা হয়। গতিকে বিষয়টোৰ প্ৰতি প্ৰশাসনে উচিত ব্যৱস্থা লোৱাৰ বাবে দাবী জনাইছে দুই সংগঠনে । তাৰোপৰি, আজিৰ যুগতো নাৰীৰ ওপৰত এনে আক্ৰমণ কোনোপধ্যে মানিব নোৱাৰা অমানুষিক বৰ্বৰতা বুলি উল্লেখ কৰি এনে বৰ্বৰলোকৰ বিৰুদ্ধে কঠোৰতম ধাৰা আৰোপ কৰাৰ বাবে দাবী জনায়। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, ঘটনাটোকলৈ বহুতে সাম্প্ৰদায়িক ৰহণ সানি বিষয়টোক জটিল ৰূপলৈ পৰিৱৰ্তিত কৰাৰ প্ৰয়াস হয়তো চলাই আছে বুলিও উল্লেখ কৰি বিবৃতিটোত তেনে কোনো সম্প্ৰীতি বিনষ্টকাৰী পদক্ষেপৰ পক্ষত আমি সামাজিক সংস্থা সংগঠন হিচাপে সহমত পোষণ নকৰোঁ বুলিও দুয়োটা সংগঠনে স্পষ্ট কৰি দিছে। অৱশ্যে “আক্ৰমণকাৰী মুছলমান সম্প্ৰদায়ৰ লোক হয়, আমি দুস্কৃতিকাৰী-আক্ৰমণকাৰী বুলি গণ্য কৰিছোঁ” বুলি বিবৃতিটোত উল্লেখ কৰি লগতে উল্লেখ কৰা হয় যে দুই চাৰি গৰাকী লোকৰ নিকৃষ্ট অপকৰ্মৰ বাবে সম্প্ৰদায়ৰ ওপৰত মন্তব্য কৰা অনুচিত বুলি জ্ঞান কৰোঁ৷ কিন্তু মাধ্যমবোৰৰ ক্ষীপ্ৰ প্ৰচাৰে ইতিমধ্যে ঘটনাটোক অন্য দিশ, সাম্প্ৰদায়িক বিভেদৰ বীজ ৰোপণ কৰা অনুমান হৈছে বুলিও বিবৃতিটোত অভিযোগ কৰা হৈছে । সেয়েহে, নিৰ্যাতিত পৰিয়ালটোক উপযুক্ত ন্যায় প্ৰদান কৰা আৰু আক্ৰমণকাৰীক কঠোৰ শাস্তিৰ দাবী কৰি সম্প্ৰীতিৰ কাৰ্য ব্যৱস্থা ধৰাৰ বাবে সকলো দল সংগঠনলৈ আহ্বান জনাইছে দুয়োটা সংগঠনে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More