মাছৰহাট বৰ নামঘৰৰ (যোৰহাট জিলা) দৌল উৎসৱৰ তাৎপৰ্য

0 121

গুঞ্জ শইকীয়া

মাছৰহাট বৰ নামঘৰৰ (যোৰহাট জিলা) দৌল উৎসৱ পৰম্পৰাগতভাবে পালন কৰি অহা এক উৎসৱ। মাছৰহাট বৰনামঘৰৰ জন্মৰ লগত জড়িত এটি উৎসৱ হৈছে দৌল উৎসৱ। আমি জন্মৰে পৰা এই উৎসৱৰ লগত একাত্ম হৈ আছোঁ। বৰপেটা সত্ৰৰ দৌল উৎসৱৰ লগত আমাৰ নামঘৰৰ দৌল উৎসৱৰ বহু সাদৃশ্য দেখা যায়। মাধৱদেৱে বৰপেটা সত্ৰৰ দায়িত্ব মথুৰা দাস বুঢ়া আতাৰ হাতত অৰ্পণ কৰে। মথুৰা দাস বুঢ়া আতাই প্ৰথমবাৰৰ বাবে বৈকুণ্ঠৰ আৰ্হিত দৌল উৎসৱ পালন কৰে। তেতিয়াৰে পৰা আজিৰ তাৰিখলৈ বৰপেটা সত্ৰত বৃহৎভাৱে দৌল উৎসৱ অনুষ্ঠিত হৈ আহিছে। বিশেষকৈ পূৰ্ণিমাৰ আগদিনা আমাৰ গাঁৱৰ নামঘৰত ঘুনুচা বিয়াৰ অধিবাস পতা হয়, পূৰ্ণিমাৰ নিশা বংশীগোপাল গোঁসাইৰ বিগ্ৰহ চৰণত সম্পূৰ্ণ বৈষ্ণৱ পন্থাৰে পূজা অৰ্চনা আৰু নাম প্ৰসংগ কৰা হয়। পিছৰ দিনা পুৱা ভকত বৈষ্ণৱ একত্ৰিত হৈ গাঁৱৰ ৰাইজৰ লগতে সকলো সেৱকীকে আশীৰ্বাদ প্ৰদান কৰে। সেইদিনা পুৱা গাঁৱৰ কুলপুৰুহিত প্ৰয়াত পৰম শ্ৰদ্ধাৰ নাৰায়ণ শৰ্মাৰ গৃহত সাত্তিক প্ৰাতঃ ভোজনৰ অন্তত মাছহাট শিৱমন্দিৰত ভকত সেৱা অনুষ্ঠান অনুষ্ঠিত হয়। সমান্তৰাল ভাৱে যি সকল সেৱকীয়ে আপ্যায়ন কৰাৰ নিমিত্তে আমন্ত্ৰণ কৰে, সকলোকে আশীৰ্বাদ প্ৰদান কৰা হয়। দুপৰীয়া ভাগত ৰাইজে খন্তেক বিৰাম লোৱাৰ পিছত আবেলি আকৌ গোসাই ফুৰোৱা অনুষ্ঠান অনুষ্ঠিত হয়, সকলোতকৈ আনন্দৰ সেই পৰিবেশ অতিকে মনোৰম। গাঁৱৰ আবাল বৃদ্ধ বনিতা সকলো মিলি গোসাঁইৰ চৰণলৈ ফাকুৱা ছতিয়াই পৰস্পৰে পৰস্পৰৰ মাজত ফাকু খেলে। সমান্তৰাল ভাৱে গাঁৱৰ ৰাইজে নাম কীৰ্তন কৰে। শেষত গোসাঁইক নামঘৰলে সন্ধ্যাৰ আগে আগে প্ৰবেশ কৰাৰ সময়ত দাং ধৰি লক্ষীআই নিৰ্দেশ অনুসৰি আইৰ সেৱকে প্ৰবেশ কৰাত বাধা প্ৰদান কৰে, কাৰণ গোসাঁয়ে ঘুনুচা আইক বিবাহ কৰাৰ অজুহাতত। শেষত লক্ষীআইক বহু খাটনি ধৰাৰ পিছত গোসাঁইক নামঘৰলে প্ৰবেশ কৰাৰ অনুমতি প্ৰদান কৰা হয়। শেষত সকলোৰে মঙ্গল কামনা কৰি হৰিধ্বনিৰে অনুষ্ঠান ভাগি সামৰণি পৰে।

আমি যত জীৱ তোমাৰ পালন হৰি হৰি হৰি হৰি এ

তুমিসে পালিয়া ফুৰা হুয়া অন্তর্যামী।

আৱে যেৱে নিজ ভৃত্য বুলি পালা হৰি হৰি হৰি হৰি এ

তেৱেসে কৃপালু কৃতকৃত্য হওঁ আমি।।

আমাৰ সম্যক জ্ঞানৰে সংক্ষেপে ওপৰোক্ত কথা খিনি উপস্থাপন কৰা হৈছে, অজানিতে ক’ৰবাত ভুল হৈছে যদি শুধৰাই ল’ব আৰু লগতে ক্ষমা কৰিব।

 ঠিকনাঃ অইল ইণ্ডিয়া লিমিটেড, দুলীয়াজান (কৰ্মসূত্ৰে)
দূৰভাষ:9678003668

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More