মাছ ধৰি খায় লুইতৰ শিহু

1 49
সুমিত দাস.
মাছ ধৰি খায় লুইতৰ শিহু।
মঙ্গলবাৰে উৰুকা বুধবাৰে বিহু।।
লোহিতৰ বিহু ঐ মাছ ধৰি খায়।
বছৰেকৰ বিহু ঐ আহে আৰু যায়।।
সোনোৱাল কছাৰীসকলৰ বিহুনামত লুইতৰ শিহুৰ কথা উল্লেখ আছে।শিহুৱে লুইতত মাছ ধৰি খোৱাৰ কথা আছে।অতীজৰে পৰা মানুহে লুইতত শিহুয়ে জলকেলি কৰাৰ দৃশ্য উপভোগ কৰি আহিছে।পানীৰ ওপৰলৈ ওলাই ক্ষণিকৰ বাবে শব্দ এটাৰ সৃষ্টি কৰি পুনৰ ‌পানীৰ ভিতৰলৈ সোমাই যোৱাৰ নান্দনিক দৃশ্য উপভোগ কৰি আহিছে। শিহু ককা-আইতাহঁতৰ পৰিচিত এবিধ অতি নিমাখিত জলচৰ প্ৰাণী।শিহু আজিও আছে; পিছে সংখ্যা হ্ৰাস পালে। বিভিন্ন কাৰণত বিগত সময়বোৰত বহুত শিহুৰ মৃত্যু হ’ল।
           আমাৰ জন্ম ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ কাষতে থকা হাতীঘূলি গোহাঁই গাঁৱত। গাঁওখনৰ গাতে-গা লগাই ব্ৰক্ষ্মপুত্ৰ বৈ গৈছিল। তেতিয়া অৱশ্যে ব্ৰক্ষ্মপুত্ৰ কিছু সৰু আছিল।কালক্ৰমত গড়াখহনীয়াৰ প্ৰকোপ বৃদ্ধি পোৱাত আমাৰ গাঁওখনৰ লগতে বিস্তীৰ্ণ জনবসতিপূৰ্ণ অঞ্চল ব্ৰক্ষ্মপুত্ৰৰ বুকুত জাহ গ’ল। তেতিয়াৰ সৰু নৈখনে বৃহৎ ৰূপ ধাৰণ কৰিলে। আমাৰ শৈশৱ-কৈশোৰৰ দিনবোৰত শিহু আছিল বিস্ময়। শিহুবোৰে জলকেলি কৰি থকা দৃশ্য চাবলৈ নৈৰ পাৰলৈ ঢপলিয়াই গৈছিলো।পকনীয়াবোৰত শিহুৱে সৰু মাছ ধৰি খাইছিল।পানীৰ ওপৰলৈ ওলাই আহি ক্ষণিকৰ বাবে শব্দ এটা কৰি পুনৰ সোমাই যোৱা দৃশ্যটোৱে আমাক বৰকৈ আমোদ দিছিল। এতিয়া আমি ব্ৰহ্মপুত্ৰ নৈৰ পৰা কেইমাইলমান নিলগলৈ গুচি আহিলো।আগৰ দৰে মন গ’লেই শিহুবোৰে জলকেলি কৰি থকা দৃশ্য উপভোগ কৰিব নোৱাৰোঁ।শিহুৰ সংখ্যাও কমিল।সুযোগ সুবিধা মিলিলে এতিয়াও শিহু চোৱাৰ মানসেৰে নৈৰ কাষ চাপো। কেতিয়াবা শিহুৰ সাক্ষাৎ হয়। কেতিয়াবা বিফল মন লৈ উভতিব লাগে। কিছুদিনৰ পূৰ্বে আমাৰ অঞ্চলৰ কেইজনমান বয়োজ্যেষ্ঠৰ সৈতে নৈৰ পৰিস্থিতি সম্পৰ্কে অৱগত হ’বলৈ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ দ্বিতীয় দুৱাৰমুখ কেন’পাচৰ পৰা নৈৰ গতিৰ বিপৰীতে মেচিন নাও এখন লৈ আগবাঢ়িলো।পিছে পূৰ্বৰ দৰে শিহু চোৱাৰ ভাগ্য উদয় নহ’ল।জলপথেৰে কেইমাইলমান আগবাঢ়ি যোৱাৰ পিছত হঠাৎ আমাৰ ধাৰণাক ভুল প্ৰমাণিত কৰি শিহু এটাই শব্দ কৰি জলৰাশিৰ ওপৰলৈ ওলাই ক্ষন্তেকতে পুনৰ সোমাই গ’ল।এই দৃশ্যই আমাৰ লগতে নাৱত থকা প্ৰতিজনকে আনন্দ দিলে।কিছুদূৰ আগবাঢ়ি দুখন নদীৰ সংগমস্থল পালোঁ।পাহাৰৰ পৰা খৰস্ৰোতেৰে নামি অহা দিবাং নৈ ব্ৰক্ষ্মপুত্ৰৰ সৈতে মিলিছে।দুই নদীৰ সংগমস্থলত জলপ্ৰবাহ আন ঠাইবোৰতকৈ কিছু বেছি যেন অনুভূত হ’ল।সেই স্থলৰ সৰু-বৰ পকনীয়াবোৰত একাধিক শিহু দেখাৰ সৌভাগ্য হ’ল। বহুদিনীয়া হেঁপাহ এটাই পূৰ্ণতা পোৱাত আমাৰ মনবোৰো প্ৰফুল্লিত হ’ল।
           ভাৰতীয় উপমহাদেশৰ এবিধ থলুৱা (endemic) জলজ প্ৰাণী হৈছে শিহু।জলত থকা বাবে  বহুতে মাছ বুলি ভুল কৰে যদিও শিহু প্ৰকৃততে জলচৰ স্তন্যপায়ী প্ৰাণী।ভাৰত চৰকাৰে ২০০৯ চনৰ ৫ অক্টোবৰত শিহুক জাতীয় জলচৰ প্ৰাণীৰ স্বীকৃতি প্ৰদান কৰে। ব্ৰহ্মপুত্ৰ,মেঘনা ,কৰ্ণপুলি আৰু চাংগু নদীতন্ত্ৰত শিহু পোৱা যায়।আন্ত:ৰাষ্ট্ৰীয় প্ৰকৃতি আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণ সংস্থাই শিহুক বিলুপ্তপ্ৰায় (endangered) জীৱ হিচাপে চিহ্নিত কৰিছে।মিঠা পানীৰ উৎসত শিহু পোৱা যায়।অতিকৈ নিমাখিত এইবিধ প্ৰাণী দৃষ্টিশক্তিহীন।বাদুলিৰ দৰে শব্দ তৰঙ্গৰ সহায়ত আহাৰ ধৰি খায়।এই প্ৰক্ৰিয়াৰেই ইটোৱে-সিটোৰ লগত আলাপ কৰে।পূৰ্ণবয়স্ক শিহু তিনিমিটাৰ পৰ্যন্ত দৈৰ্ঘ্যৰ হয়। শিহুৰ বৈজ্ঞানিক নাম হৈছে- Platanista gangetica gangetica.।
          বিভিন্ন কাৰণত শিহুবোৰলৈ সংকট নামি আহিছে।ভিন্ন প্ৰান্তত বান্ধ দিয়াৰ ফলত শিহুৰ আৱাসভূমি সংকুচিত হৈ আহিছে।জলত ৰাসায়নিক পদাৰ্থ মিহলি হোৱাৰ ফলতো শিহুৰ জীৱন-যাপন প্ৰত্যাহ্বানমূলক হৈ পৰিছে। মাছমৰীয়াৰ মিহি সূতাৰ ফাঁচী জালত লাগিও বহুত শিহুৰ মৃত্যু হয়।নৈৰ বুকুৰ পৰা বালি আহৰণ কৰা মেছিনৰ অংশত লাগিও শিহুৰ মৃত্যুৰ বাতৰিয়ে সংবাদ শীৰ্ষ দখল কৰে।অনেকে অন্ধবিশ্বাসৰ বলি হৈ নিমাখিত প্ৰাণীবিধক বধ কৰি তেল আহৰণ কৰে। বহুত মানুহে শিহুৰ তেলেৰে মালিচ কৰিলে সন্ধিৰ বিষৰ পৰা পৰিত্ৰাণ পাব পাৰি বুলি বিশ্বাস কৰে।
          এনেবোৰ কাৰণতে শিহুয়ে অস্তিত্বৰ সংকটত ভৰি দিছে।শিহু সম্পৰ্কত চৰকাৰী বিভাগ, বিভিন্ন বেচৰকাৰী প্ৰতিষ্ঠানে গৱেষণা অব্যাহত ৰাখিছে। জনসাধাৰণৰ মাজত ব্যাপক জনজাগৰণৰ প্ৰয়োজন হৈছে।ভাৰতৰ জাতীয় জলচৰ প্ৰাণী শিহু সংৰক্ষণৰ স্বাৰ্থত প্ৰতিজন লোক সচেতন হ’ব লাগে।
(লেখক যুৱ পৰিৱেশকৰ্মী তথা পৰিৱেশলেখক
ছৈখোৱাঘাট)
১ টা মন্তব্য
  1. Avatar of যুগল বৰা
    যুগল বৰা says

    সুন্দৰ লিখনি

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More