মাজুলীত  ভাৰত চৰকাৰৰ পথ পৰিৱহণ মন্ত্ৰালয়ৰ মুখ্য কাৰ্যবাহী অভিযন্তা ইউ চি কাত্তাৰ

 বিসংগতিপূৰ্ণ দলং নিৰ্মাণ স্থলী পৰিদৰ্শন 

0 23

মাজুলী যোৰহাট সংযোগী দলং নিৰ্মাণ স্থলীৰ পৰা পৰাণজ্যোতি বৰা,মাজুলী ২০ মে’:

আজি মাজুলী-যোৰহাট দলং নিৰ্মাণ স্থলীত দলংখনত হোৱা বিসংগতি পৰিদৰ্শনৰ কৰে চৰকাৰৰ পথ পৰিবহণ মন্ত্ৰালয়ৰ জ’ন ৫ ৰ মুখ্য কাৰ্যবাহী অভিযন্তা ইউ চি কাত্তাৰে।দলংখনৰ খুটা নিৰ্মাণত হোৱা বিসংগতি পৰ্যবেক্ষণ কৰি সাংবাদিকৰ আগত অভিযন্তাজনে কয় দলঙৰ কামৰ ক্ষেত্ৰত কোম্পানীৰ লগত কোনো কম্পমাইচ নকৰে চৰকাৰে। লগতে কয়- প্ৰয়োজন হলে বিসংগতি হোৱা খুটা দুটা ভাঙি পুনৰ নিৰ্মাণ কৰা হ’ব।কাৰিকৰী বিসংগতি চাই প্ৰতিবেদন ভাৰত চৰকাৰৰ হাতত দিয়া হব বুলি উল্লেখ কৰি সেই প্ৰতিবেদন মৰ্মে পুনৰ দলং নিৰ্মাণৰ কাম বৰ্তমানৰ কোম্পানীক দিব নে খুটা ভাঙি দিব সেই পৰৱৰ্তী সময়ত নিশ্চিত হব বুলি উল্লেখ কৰে।পৰিদৰ্শনৰ সময়ত বিষয়া গৰাকীক সাক্ষাৎ কৰি দলংখনৰ খুটা নিৰ্মাণত হোৱা বিসংগতি সন্দৰ্ভত মাজুলী জিলা যুৱ ছাত্ৰ পৰিষদৰ জিলা সভাপতি মুনিন্দ্ৰ ভূঞা,সাধাৰণ সম্পাদক পবিত্ৰ বৰা, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক অলিন হাজৰিকা আৰু দক্ষিণপাট আঞ্চলিকৰ কৰ্মীসকলে সমস্ত বিসংগতি বিষয়াগৰাকীক অৱগত কৰে। বিষয়াগৰাকীয়ে পৰ্যবেক্ষণ কৰি আৰু সংগঠনৰ অভিযোগ আন্তৰিকতাৰে গ্ৰহণ কৰি ৮ আৰু ১১ নং খুটাৰ সম্পূৰ্ণ উন্নত পৰীক্ষণ কৰি বিসংগতি দূৰ কৰি দলঙৰ কাম-কাজ পুনৰ সঠিকভাৱে আগবঢ়াই নিয়াৰ আশ্বাস প্ৰদান কৰে।লগতে দলং নিৰ্মাণত ভৱিষ্যতে মাজুলীবাসীক শংকা নকৰিবলৈ আহ্বান জনায় দলং নিৰ্মাণৰত কোম্পানীৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখা হ’ব আৰু আগন্তুক ১০ বছৰলৈকে কোম্পানীৰ ওপৰত দলঙৰ দায়িত্ব থাকিব বুলি উল্লেখ কৰে।দলং সংযোগী পথৰ সৈতে মুঠ ৮.২৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ মাজুলী-যোৰহাটৰ মাজত বহু প্ৰত্যাশিত দলংখনৰ কাম আৰম্ভ হওঁতেই নিৰ্মাণ কাৰ্যত হোৱা বিসংগতিয়ে দল নিৰ্মাণ কৰা কোম্পানীটো এই দলংখন নির্মাণত কিমান সফল সেই কথা মাজুলী ৰাইজে ভালদৰে বুজি উঠিছে বুলি মাজুলী সচেতন ৰাইজে মন পোষণ কৰিছে। দলং নিৰ্মাণৰ বিসংগতি সংবাদ মাধ্যমৰ লগতে সৰ্বত্ৰ চৰ্চা হোৱাত পুনৰীক্ষণ নকৰা পৰ্যন্ত ২০ টাকৈ দিনে দলং নিৰ্মাণ কাম বন্ধ ৰখা হৈছিল।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More