মাজুলীৰ বহুমুখী উৎপাদনকাৰী কমল পায়েং আৰু মিনু পায়েং

0 122

পৰাণজ্যোতি বৰা,মাজুলী,২৭ মে’ মাজুলীৰ মৎস্য উৎপাদনকাৰী কমল পায়েঙে তিনি বিঘাকৈ মাটিত গোম ধানৰ খেতি কৰি দেখুৱাইছে এতিয়া তেঁও এজন সফল কৃষক বুলি । কমল পায়েঙে ২নং বৰগঞাত নিজৰ তিনি বিঘা মাটিত এইবাৰ গোমধানৰ খেতি কৰি অভিলেখ সংখ্যক উৎপাদন কৰিবলৈ সক্ষম হৈছে । মাজুলী জিলা কৃষি বিভাগে যোগান ধৰা গোমধানৰ বীজৰ জৰিয়তে খেতি কৰিছিল কমল পায়েঙে। সম্প্ৰতি তেঁও গোমধান বৰ্তমান চপাই আছে । চাৰিজন মানুহ কামত লগাই আদৰ্শ কৃষক কমল পায়েঙে নিজৰ পত্নী- পুত্ৰৰ লগত বৰ্তমান দিনে ৰাতিয়ে গোমধান তোলাত ব্যস্ত আছে । কমল পায়েং এজন বিখ্যাত মাছ পালক । তেওঁৰ বৃহৎ পুখুৰীত মাছ উৎপাদন কৰা উপৰি কৃত্ৰিম প্ৰজনন পদ্ধতি প্ৰয়োগ কৰি মাছৰ পোনা উৎপাদন কৰে । কমল পায়েঙৰ পত্নী মিনু পায়েঙো এগৰাকী আদৰ্শ কৃষক । স্বামী কমল পায়েঙৰ মৎস্য উৎপাদন কৰা বৃহৎ পুখুৰীৰ পাৰত পত্নী মিনু পায়েঙে গঢ়ি তুলিছে বৃহৎ পাছলিৰ বাগান । স্বামীৰ লগত সকলো কৃষি কাৰ্যত পত্নী মিনু পায়েঙে সন্মুখৰ পৰা সহায় কৰে । আদৰ্শ কৃষক কমল পায়েঙে নিজৰ ঘৰতেই মাছৰ খাদ্য প্ৰস্তুত কৰা এটা বৃহৎ কাৰখানা প্ৰস্তুত কৰিছে ।তেওঁৰ প্ৰতিষ্ঠানত বিভিন্ন প্ৰকাৰৰ মাছৰ খাদ্য প্ৰস্তুত কৰি প্ৰচুৰ লাভ অৰ্জন কৰিছে । পায়েঙে শেহতীয়াকৈ “অঞ্জলী মিঠাতেল” নামৰ মিঠাতেল প্ৰস্তুত কৰা এটা মিল স্থাপন কৰি খাটি মিঠাতেল প্ৰস্তুত কৰি বিক্ৰী কৰি আছে । শেহতীয়াকৈ, কঠোৰ পৰিশ্ৰমী পায়েঙে গোমধানৰ পৰা বিভিন্ন খাদ্য, মাছৰ দানা প্ৰস্তুত কৰি লাভ অৰ্জন কৰিছে । আদৰ্শ কৃষক কমল পায়েং আৰু পত্নী মিনু পায়েঙৰ অভিনৱ আৰু বহুমুখী উৎপাদন কৌশল মাজুলীৰ নতুন প্ৰজন্মৰ বাবে আদৰ্শ হৈ পৰিছে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More