মাজুলীৰ সত্ৰাধিকাৰক সামাজিক মাধ্যমত বিৰূপ মন্তব্য

মাজুলীত প্ৰতিবাদ:বিৰূপ মন্তব্য প্ৰদান কৰা ব্যক্তিক আটক কৰি শাস্তিৰ দাবী

0 28

শতাব্দ প্ৰতিনিধি,মাজুলী,২৬এপ্ৰিল: সামাজিক মাধ্যম ফেচবুকত অশুভনীয় বাক্য ব্যৱহাৰ কৰি মাজুলীৰ ঐতিহাসিক আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ আৰু দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ দুজনাক অপমান কৰা কাৰ্য সহজ ভাবে লোৱা নাই মাজুলীবাসীয়ে। এই কাৰ্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে মাজুলীবাসী।পৰম্পৰা ৰীতি নীতিৰ মাজেৰে সাংস্কৃতিক ক্ষেত্ৰখনলৈ অৱদান আগবঢ়াই অহা এই সত্ৰীয়া অনুষ্ঠানসমূহৰ লগতে সত্ৰাধিকাৰসকলক কোনো উদ্দেশ্য প্ৰণোদিত ভাবে এচাম লোকে সামাজিক মাধ্যমত কৰি অহা অপমানক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিছে। কেইদিনমানৰ পূৰ্বে লখিমপুৰৰ নয়ন জ্যোতি বৰুৱা নামৰ এজন ব্যক্তিয়ে মাজুলীৰ ঐতিহাসিক আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ আৰু দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ দুজনৰ বিৰুদ্ধে ফেচবুকত অশুভনীয় বাক্য ব্যৱহাৰ কৰি এটা পোষ্ট দিয়ে। সত্ৰাধিকাৰ দুগৰাকীক অপমান কৰাৰ বিৰুদ্ধে ২৫ এপ্ৰিলত মাজুলী আৰক্ষী থানাত বিশ্ব হিন্দু মহাসংঘ অসম, শ্ৰী শ্ৰী দাক্ষিণপাট গৃহাশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দ্দন দেৱ গোস্বামী,আউনীআটী সত্ৰৰ আইনী উপদেষ্টা ৰিংকু মণি দত্ত, মাজুলীৰ কমলাবাৰী সচেতন যুৱক ধ্ৰুৱ জ্যোতি গোস্বামীয়ে নয়ন জ্যোতি বৰুৱাৰ  ওপৰত ব্যৱস্থা গ্ৰহণৰ দাবীত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰীতম গগৈ ওচৰত এজাহাৰ দাখিল কৰিছিল।ইতিমধ্যে এজাহাৰৰ ভিত্তিত আৰক্ষী থানাত ব্যক্তিজনৰ বিৰুদ্ধে ২০/২২ নম্বৰত গোচৰ ৰুজু কৰি ব্যক্তিজনক আটক কৰিবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষীয়ে। আজি মাজুলীৰ ঐতিহাসিক আউনীআটী সত্ৰলৈ সোমোৱা মূল তোৰণৰ সন্মুখত সত্ৰৰ বৈষ্ণৱ, স্থানীয় ৰাইজে সত্ৰাধিকাৰৰ বিৰুদ্ধে সামাজিক মাধ্যমত অশুভনীয় মন্তব্য প্ৰদান কৰা ব্যক্তিক শীঘ্ৰে আটক কৰি শাস্তিৰ দাবীত এক প্ৰতিবাদী সভা আয়োজন কৰে।মাজুলী জিলা মইনা পাৰিজাতৰ সভাপতি লোহিত বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা প্ৰতিবাদী সভাখনৰ আঁত ধৰে মাজুলী মহাবিদ্যালয়ৰ অধ্যাপক তুলসী ৰাজখোৱাই।সভাত উপস্থিত থাকি অঞ্চলটোৰ সচেতন ব্যক্তি জগত হাজৰিকাই কয় সামাজিক মাধ্যমত সত্ৰাধিকাৰ দুজনৰ ওপৰত যি অশালীন মন্তব্য কৰিছে এইটো দুৰ্ভাগ্যজনক।সামাজিক মাধ্যমক চৰকাৰে নিয়ন্ত্ৰণ কৰিব লাগে বুলি দাবী জনোৱাৰ লগতে সামাজিক মাধ্যমত বিশৃংখলতাৰ সৃষ্টি কৰি বিৰূপ মন্তব্য কৰা ব্যক্তিক আটক কৰি শাস্তি প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনায়।প্ৰতিবাদী সভাত উপস্থিত থাকি মাজুলী মহাবিদ্যালয় অধ্যাপক তুলসী ৰাজখোৱাই কয় গুৰু দুজনক অপমান কৰা এই নয়ন জ্যোতি বৰুৱাক প্ৰথমেই ধিক্কাৰ দিছোঁ।প্ৰতিবাদ সাব্যস্ত কৰিছোঁ।সত্ৰীয়া সংস্কৃতিৰ সাধক অসমৰ গুৰু সকলক কোনোবাই অপমান কৰিব এইটো আমি সহি নাথাকো। সভাত উপস্থিত থাকি লোহিত বৰা, যুগল ভূঞা, ৰুদ্ৰ শৰ্মা, অতুল শৰ্মাই ভাষণ ৰাখে।প্ৰতিবাদী সভাখনত নয়ন জ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰক, এই অপমান সাহি থকা নহব, অসমৰ সংস্কৃতি ৰক্ষা কৰক, অপ সংস্কৃতি নিপাত যাওঁক, আমাক উচিত বিচাৰ লাগে আদি বিভিন্ন শ্লোগান দি পৰিবেশ উত্তাল কৰি তোলে।প্ৰতিবাদী সভাখনত মাজুলীৰ উপায়ুক্তক সত্ৰীয়া সংস্কৃতি তথা সত্ৰাধিকাৰক অপমান কৰা ব্যক্তিক আটক কৰি ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।আনহাতে নয়ন জ্যোতি বৰুৱা পলাতক অৱস্থাত আছে আৰু মোবাইল ফোনো বন্ধ কৰি ৰাখিছে বুলি মাজুলী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীৰ পৰা জানিব পৰা গৈছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More