মাজুলীৰ সত্ৰানুষ্ঠানত সমীৰ ৰয়ৰ অৰ্কিড ৰোপন

0 23

শতাব্দ প্ৰতিনিধি, যোৰহাট, ২২ এপ্ৰিল : আজি বিশ্ব ধৰিত্ৰী দিৱস। এই ধৰিত্ৰী দিৱসৰ লগত সংগতি ৰাখি যোৰহাটৰ স্বেচ্ছাসেৱী অনুষ্ঠান দা ইভেণ্টৰ উদ্যোগত পৰিৱেশকৰ্মী সমীৰ ৰয়ৰ একক প্ৰচেষ্টাত মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰ আৰু আউনিআটী সত্ৰৰ বাকৰিত থকা বিভিন্ন গছত বিভিন্ন প্ৰকাৰৰ অৰ্কিড ৰোপন কায্যসুচী সম্পন্ন কৰে। অসমৰ বিভিন্ন স্থানত ২০২০ চনৰ পৰা পৰিৱেশ কৰ্মীজনে প্ৰাকৃতিক পৰিৱেশ সুৰক্ষা আৰু সৌন্দৰ্য্য বৰ্ধনৰ উদ্দেশ্য আগত ৰাগি চৰকাৰী কায্যালয়, প্ৰশাসনিক বিষয়া, সত্ৰাধিকাৰ, বিশিষ্ট শিল্পী, সাহিত্যিক, বুদ্ধিজীৱী, সমাজকৰ্মীৰ ঘৰত অৰ্কিড ৰোপন কৰি আহিছে। পৰিৱেশ কৰ্মীজনে অসমৰ স্বৰ্গগামী হোৱা আগশাৰীৰ শিল্পী, সাহিত্যিক, সাংবাদিকসকলৰ শ্মৃতিটো এই অৰ্কিড ৰোপন কাৰ্যসূচী পৰিচালনা কৰি আহিছে। ঠিক সেইদৰে আজি মাজুলীৰ বিখ্যাত মুখা শিল্পী, সংগীত নাটক একাডেমী বঁটা প্ৰাপক হেমচন্দ্ৰ গোস্বামীৰ, আউনিআটী সত্ৰৰ সত্ৰাধিকাৰ ড০ পিতাম্বৰ দেৱ গোস্বামীৰ, উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জৰ্নাদ্দন দেৱ গোস্বামীৰ, বিশিষ্ট সংগীত শিল্পী জুবিন গাৰ্গ আৰু অসমৰ বিশিষ্ট বৈদ্যুতিন মাধ্যমৰ সাংবাদিক তথা মাজুলীৰ সন্তান প্ৰদীপ বৰাৰ সম্মানৰ্থে মাজুলীত এই অৰ্কিড ৰোপন কৰা হৈছে বুলি জানিবলৈ দিয়ে । উল্লেখযোগ্য যে উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰক সমাজকৰ্মী জগন্নাথ অগ্নি বৰা উপস্থিত থাকি ধৰিত্ৰী দিৱসৰ লগত সংগতি ৰাখি এটা বকুল গছৰ পুলি প্ৰদান কৰাৰ পাছতে সমীৰ ৰয়ে সত্ৰাধিকাৰ গৰাকীক এখনি গামোচাৰে আদৰণি জনায়। সত্ৰাধিকাৰ গৰাকীৰ শাৰীৰিক কিছু অসুস্থতাৰ বাবে তেখেতৰ সত্ৰৰ বুঢ়াভকতে এজোপা অৰ্কিড আনুষ্ঠানিক ভাৱে ৰোপন কৰে। অৰ্কিড ৰোপন কাৰ্যসূচীত মাজুলীৰ উদীয়মান শিক্ষিত যুৱক নিলোৎপল গামে পূৰ্ণ সহযোগিতা আগবঢ়ায়। থিক সেইদৰে আউনিআটী সত্ৰটো ভকত বৈষ্ণৱ সকলে পূৰ্ণ সহযোগিতা আগবঢ়োৱা অৰ্কিড ৰোপন কাৰ্যসূচীত সমীৰ ৰয়ৰ একক প্ৰচেষ্টাক উপস্থিত সকলোৱে শলাগ জনায়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More