শতাব্দ প্ৰতিনিধি,মাজুলী,১৯ জুনঃ মাজুলী মহাবিদ্যালয়ৰ উদ্যোগত সাহিত্য অকাডেমিৰ ‘গ্ৰামালোক’ শীৰ্ষক সাহিত্য-পাঠ তথা মুখামুখি অনুষ্ঠান আজি অনুষ্ঠিত হৈ যায়। কমলাবাৰীৰ উপকণ্ঠ বৰটানীৰ কাণকুৰিকা মধ্য ইংৰাজী বিদ্যালয়ত দিনৰ ২ বজাৰ পৰা অনুষ্ঠিত এই বিশেষ সাহিত্য-পাঠ অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয় আউনীআটী শাখা লেখিকা সমাৰোহৰ সদস্যাসকলৰ দ্বাৰা পৰিৱেশিত এটি সমবেত গীতেৰে। কাণকুৰিকা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰাজেন দুৱৰীয়াই বন্তি প্ৰজ্বলন কৰা সভাখনিত সঞ্চালনা কৰে মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দেৱজিৎ শইকীয়াই । মহাবিদ্যালয়ৰ অধ্যাপিকা মায়াশ্ৰী ডেকা হাজৰিকাই আঁত ধৰা অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি নৰেন চন্দ্ৰ ঠাকুৰীয়াই। লেখকসকলৰ সাহিত্য-পাঠৰ আৰম্ভণিতে মহাবিদ্যালয় অভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ সমন্বয়ক ড° দেৱভূষণ বৰাই উপস্থিত সকলোকে সম্বোধি বক্তব্য আগবঢ়ায়। গ্ৰামাঞ্চলৰ লেখক-সাহিত্যিকসকলৰ মাজত সাহিত্যচর্চাৰ এক মধুৰ পৰিৱেশ গঢ় দিয়াৰ উদ্দেশ্যে সাহিত্য অকাডেমিৰ দ্বাৰা অনুষ্ঠিত কৰা ‘গ্ৰামালোক’ শীৰ্ষক সাহিত্য-পাঠৰ আজিৰ অনুষ্ঠানত মাজুলীৰ বিশিষ্ট লেখক-সাহিত্যিক ক্ৰমে অৱণী বৰাই স্বৰচিত চুটিগল্প ‘মৰিশালিৰ ভূত’, ইন্দুলেখা হাজৰিকাই স্বৰচিত কেইবাটাও অণুগল্প, ডিম্বেশ্বৰ ভূঞাই ভালেকেইটা স্বৰচিত কবিতা, কৰুণা বৰাই স্বৰচিত লেখা ‘অৰণ্য সংস্কৃতি’, মিনতি শইকীয়াই স্বৰচিত কেবাটাও কবিতা পাঠ কৰে। সঞ্চালকৰ মন্তব্যত অধ্যক্ষ ড° শইকীয়াই কয়,ভাৰতীয় সাহিত্যৰ সুশ্ৰী আৰু বিকাশৰ স্বাৰ্থত উৎসৰ্গিত সাহিত্য অকাডেমিয়ে ভাৰতীয় সকলো ভাষাৰ সাহিত্যৰ উন্নতিৰ হকে পদক্ষেপ গ্ৰহণ কৰি আহিছে আৰু গ্ৰামাঞ্চলৰ লেখক-সাহিত্যিকসকলক সৃষ্টিকৰ্মৰ প্ৰতি উৎসাহিত কৰাৰ অভিপ্রায়েৰে ‘গ্ৰামালোক’ৰ দৰে অনুষ্ঠান অনুষ্ঠিকৰণৰ যোগেদি এক মহৎ পদক্ষেপ গ্ৰহণ কৰিছে। অনুষ্ঠানৰ মতবিনিময় অনুষ্ঠানত মহাবিদ্যালয়ৰ প্ৰশাসনিক সমন্বয়ক হৰেন চন্দ্ৰ শইকীয়া, অধ্যাপক অনিল চন্দ্ৰ হাজৰিকা, ড° দুলাল হাজৰিকা, মাজুলী জিলা সাংবাদিক সন্থাৰ সম্পাদক দীপু বৰা, আউনীআটী শাখা লেখিকা সমাৰোহৰ সভানেত্ৰী সুৰ শইকীয়া হাজৰিকা, সম্পাদিকা মৃণালী দেৱী, কাণকুৰিকা মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক কুমুদ চন্দ্ৰ বৰা, শিক্ষয়িত্ৰী অমিয়া দেৱী বৰঠাকুৰ আদিয়ে অংশ গ্ৰহণ কৰে। শতাধিক দৰ্শক-শ্রোতা উপস্থিত থকা অনুষ্ঠানটোৰ শেষত শলাগৰ শৰাই আগবঢ়ায় অসমীয়া বিভাগৰ অধ্যাপিক তুলসী ৰাজখোৱাই।
ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.