মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে জন্ম হৈছিল চন্দ্ৰৰ!

এই আচৰিত পৰিঘটনা কিদৰে হৈছিল সম্ভৱ?

0 16

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১2 অক্টোবৰ : চন্দ্ৰৰ সৈতে আমাৰ ৰোমান্টিকতা বা উন্মাদনাৰ অন্ত নাই। কবিতা-গীত-সাহিত্যত কিমানবাৰ যে চন্দ্ৰৰ বিষয় আহিছে তাৰ হিচাপ নাই। চন্দ্ৰৰ বিষয়ে এই নান্দনিক প্ৰথাৰ সমান্তৰালভাৱে মানুহে চন্দ্ৰৰ জন্মৰ বিষয়েও বহু চিন্তা কৰিছে। বহু কথা আৱিষ্কাৰ হৈছে। কিমানযে তত্ত্ব গঢ় লৈ উঠিছে। এনেবোৰ তত্ত্ব পিছত খাৰিজ কৰা হয়। কিন্তু শেহতীয়াকৈ চন্দ্ৰৰ ব্ৰহ্মাণ্ডবিজ্ঞানৰ ওপৰত এক নতুন গৱেষণা হৈছে আৰু সেই গৱেষণাত নতুন নতুন তথ্য ওলাইছে। গৱেষকসকলে দাবী কৰিছে যে চন্দ্ৰটো সৃষ্টি কৰিবলৈ বেছি সময় লগা নাছিল! মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে চন্দ্ৰ গঠন হৈছিল। বিজ্ঞানীসকলে কয় যে পৃথিৱীৰ এই উপগ্ৰহটো গঠন হ’বলৈ শতিকা নালাগিল, অতি কম সময়ৰ ভিতৰতে চন্দ্ৰ গঠন হৈছিল। চন্দ্ৰৰ ব্ৰহ্মাণ্ড বিজ্ঞানৰ ওপৰত বহু অধ্যয়ন কৰা হৈছে। কিন্তু এই উপগ্ৰহটো ঠিক কেনেকৈ সৃষ্টি হৈছিল, তাৰ সবিশেষ বিজ্ঞানীসকলৰ বাবে সঠিকভাৱে স্পষ্ট নহয়। ই বহুলাংশে ৰহস্যত আবৃত হৈয়েই আছিল। কিন্তু শেহতীয়াকৈ কৰা এক অধ্যয়নত বিজ্ঞানীসকলে চন্দ্ৰৰ উৎপত্তি সম্পৰ্কে নতুন তথ্য প্ৰকাশ কৰিছে। ‘ইনষ্টিটিউট ফৰ কম্পিউটেচনেল কচম’লজি’ৰ গৱেষকৰ এটা দলে জনোৱা মতে, মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে চন্দ্ৰ গঠন হৈছিল। তেওঁলোকে দাবী কৰে যে ‘থিয়া’ নামৰ মহাজাগতিক বস্তু এটাই পৃথিৱীত আঘাত কৰাৰ লগে লগে চন্দ্ৰৰ সৃষ্টি হৈছিল। থিয়াৰ আকাৰ মোটামুটি মংগল গ্ৰহৰ সমান আছিল। থিয়াই পৃথিৱীৰ লগত হিংস্ৰভাৱে সংঘৰ্ষত লিপ্ত হৈছিল। গৱেষকসকলে সেই অতীতৰ মহাজাগতিক পৰিঘটনাবোৰ কৃত্ৰিম আৰ্হিত পুনৰ সৃষ্টি কৰিছে। দেখা গ’ল যে এক হিংস্ৰ সংঘৰ্ষত পৃথিৱী আৰু থিয়াৰ পৰা কিছু পদাৰ্থ নিৰ্গত হৈছিল আৰু ই লগে লগে পৃথিৱীৰ চাৰিওফালে এক নিৰ্দিষ্ট কক্ষপথত ঘূৰিবলৈ আৰম্ভ কৰিছিল। এই গৱেষণা পত্ৰখন প্ৰকাশ পাইছিল দ্য এষ্ট্ৰ’ফিজিকেল জাৰ্নেল লেটাৰ্ছত। নাছাই দাবী কৰিছে যে চন্দ্ৰৰ ব্ৰহ্মাণ্ডবিজ্ঞানৰ ওপৰত কৰা এই গৱেষণা পৃথিৱীৰ বাবেও ফলপ্ৰসূ হ’ব, চন্দ্ৰৰ ওপৰত কৰা এই গৱেষণাই বিজ্ঞানীসকলকো পৃথিৱীত মানুহ কেনেকৈ আবিৰ্ভাৱ হ’ল সেই কথা বুজিবলৈ সহায় কৰিব। প্ৰায় চাৰে চাৰি বিলিয়ন বছৰৰ আগতে চন্দ্ৰৰ সৃষ্টি হৈছিল। সাধাৰণতে বিশ্বাস কৰা হয় যে পৃথিৱীত হোৱা এক বৃহৎ উত্তাল পৰিস্থিতিৰ ফলত চন্দ্ৰৰ সৃষ্টি হৈছিল যিয়ে ইয়াৰ পদাৰ্থবোৰ বাহিৰলৈ পেলাই দিছিল। আনকি কিছুমানে কয় যে চন্দ্ৰটো পৃথিৱীৰ এটা অংশৰ পৰা গঢ় লৈ উঠিছে আৰু চন্দ্ৰ গঠন হোৱাৰ পাছতেই প্ৰশান্ত মহাসাগৰৰ সৃষ্টি হৈছে!

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More