মানসিক ৰোগৰ চিকিৎসকৰ ওচৰলৈ কিয় যাব লাগে

কেন্দ্ৰীয় মহাবিদ্যালয়ৰ মহিলা গোটৰ উদ্যোগত কাকৈ উচ্চ মাধ্যমিক বিদ্যালয় বক্তৃতানুষ্ঠান

0 74

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ৩১ মেঃ শৰীৰটোত সাধাৰণ খুঁট এটা লাগিলেই বা বতৰ সলনি হৈ চৰ্দি কাহ হ’লে আমি চিকিৎসকৰ ওচৰলৈ যাওঁ। যোৱাত বাধা নাই, যাব নালাগে বুলিও নকওঁ, বৰঞ্চ সৰু-সুৰা অসুবিধাতে চিকিৎসকৰ কাষ চাপিব লাগে বুলি পৰামৰ্শ দিয়া হয় যাতে কোনো হেমাহীত সি ডাঙৰ ৰোগত পৰিণত নহয়। কিন্তু মানৱ জীৱনত দেহ আৰু মন দুয়োটাৰে গুৰুত্ব আছে। দেহ-মন দুয়োটাৰে সুস্থতা অতি প্ৰয়োজনীয়। কিন্তু দেহক গুৰুত্ব দিয়াৰ বিপৰীতে মনক গুৰুত্ব দিয়া নহয়। শৰীৰত ৰোগ যেনেদৰে হয় তেনেদৰে মনতো ৰোগ হয়। সকলোৱে কম-বেছি পৰিমাণে মানসিক ৰোগত ভোগে। মনটো কেতিয়াবা সাংঘাটিক বেয়া লাগে। ঋণাত্মক চিন্তাই আৱৰি ধৰে। কান্দিব মন যায়, খং উঠে। এইধৰণৰ লক্ষণ যেতিয়া ফুটি উঠে মনটো ভাল লগাবলৈ আমি চেষ্টা কৰোঁ। কিন্তু সেই চেষ্টাত কেতিয়াবা সফল হওঁ কেতিয়াবা বিফল। বিফল হৈ অধিক বেয়ালৈ গতি কৰিলে কিছুমান অসামাজিক বা অঘটন ঘটি যোৱা পৰিলক্ষিত হয়।তথাপি কিন্তু মানসিক চিকিৎসকৰ কাষ চপা প্ৰৱণতা আমাৰ সমাজত নাই। মানসিক চিকিৎসালয়ত যোৱা মানেই ‘পগলা’ আখ্যা দিয়া আমাৰ মানুহৰ দৃষ্টিভংগীয়ে এই ক্ষেত্ৰত বাধা হৈ থিয় দি থাকে। ফলত আমাৰ সমাজত এক প্ৰদূষণৰ সূচনা হৈছে। বায়ু প্ৰদূষণ, মাটি প্ৰদূষণ দৰেই এক সাংঘাটিক ভয়ানক প্ৰদূষণ এই সমাজ প্ৰদূষণ। এই সমাজ প্ৰদূষণ ৰোধৰ উদ্দেশ্য আজি কেন্দ্ৰীয় মহাবিদ্যালয়ৰ মহিলা গোটৰ উদ্যোগত কাকৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত মানসিক স্বাস্থ্য আৰু হাইজিনৰ (সুস্থতা) সন্দৰ্ভত এক বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়। বক্তৃতানুষ্ঠানত মানসিক ৰোগ বিভাগৰ চিকিৎসক ডাঃ বিৰিণা বৰগোহাঁয়ে মানসিক ৰোগ, লক্ষণ আৰু প্ৰতিকাৰৰ ওপৰত বিশদভাবে বক্তৃতা আগবঢ়ায়। শৰীৰৰ লগতে মানসিক স্বাস্থ্য যদি ভালে নাথাকে তেন্তে সুস্থ সমাজ সম্ভৱ নহ’ব। সমাজ প্ৰদূষণ ৰোধৰ বাবে মানুহৰ মানসিক স্বাস্থ্য শক্তিশালী কৰিবলৈ ধ্যান যেনেদৰে উপযোগী তেনেদৰে নিজক সময় দিয়া, নিজক বুজি উঠা, সন্তানক সময় দিয়া, ভাল লগা কামত মনোনিবেশ কৰা আদিৰ লগতে মানসিক চিকিৎসকৰ পৰামৰ্শ লোৱাৰ প্ৰৱণতা গঢ়ি উঠাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। অনুষ্ঠানত কেন্দ্ৰীয় মহাবিদ্যালয়ৰ অধ্যক্ষ গোলাপ শৰ্মা বৰুৱা লগতে বহু কেইজন অধ্যাপক-অধ্যাপিকা উপস্থিত থাকে। ছাত্ৰ-ছাত্ৰীসকলেও ঔৎসুক্যৰে কৰা বহু প্ৰশ্নৰ উত্তৰ চিকিৎসক গৰাকীয়ে সাৱলীলভাৱে ব্যক্ত কৰে। অনুষ্ঠানটো কাকৈ উচ্চ মাধ্যমিক বিদ্যালয়ত সম্পন্ন কৰাৰ বাবে বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মোহিনী শইকীয়াই কেন্দ্ৰীয় মহাবিদ্যালয়ৰ মহিলা সংস্থাটোৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More