মানাহ ৰাষ্ট্ৰীয় উদ্যান  আৰু পৰ্যটকৰ বাবে বৰ্ধিত মাচুল

0 143
হিৰণ্য শৰ্মা
 দুদিনমান আগতে মানাহ  মাউজিগেন্দ্ৰী ইক’ টুৰিজিম ছ’চাইটিৰ  সদস্য  তথা পক্ষীবিদ ৰুস্তম বসুমতাৰীৰ  পষ্ট এটাৰ পৰা গম পালো  বিটিচি চৰকাৰে মানাহৰ প্ৰৱেশ মাচুল, হাতী চাফাৰিৰ, কেমেৰাৰ বাবদ লোৱা সকলোধৰণৰ মাচুল ব্যাপক হাৰত হঠাতে বঢ়াই  দিছে।
এই ক্ষেত্ৰত  হয়তো বনবিভাগ আৰু বিটিচি চৰকাৰে ভূটানৰ দৰে গুণগত পৰ্যটন বা quality tourism ক অগ্ৰাধিকাৰ দিয়াৰ  চিন্তা-চৰ্চা কৰিছে। অৱশ্যে ভূটানেই নহয় বহু দেশে সাধাৰণ  কম বাজেটৰ  ভ্ৰমণকাৰীক উৎসাহিত নকৰি বেছি বাজেটৰ ভ্ৰমণকাৰীসকলকহে আদৰিব খুজিছে। ভূটান চৰকাৰে লোৱা ব্যৱস্থাৰ সপক্ষে যুক্তি নিশ্চয় আছে। বেছি ভ্ৰমণকাৰী আহিলে পৰিৱেশৰ ওপৰতো বিৰূপ প্ৰভাৱ কিছু পৰে।
কিন্তু মানাহৰ  কথা কিছু সুকীয়া। মই  ক্ষেত্ৰ সঞ্চালক  হিচাপে মানাহত যোগদান  কৰিছিলো ২০১৫ চনৰ শেষৰ ফালে । সেই   সময়লৈকে মানাহত গঁড় তথা অন্যান্য জন্তুৰ অবৈধ চিকাৰ চলিয়ে আছিল। মই লক্ষ্য  কৰিলো মানাহৰ  ক্ষেত্ৰত  দাঁতিকাষৰীয়া গাঁওবাসীসকল কিছু নিস্পৃহ, তাতে অতি গুৰুত্বপূৰ্ণ  পৰ্যটন উদ্যোগতো তেখেত সকলৰ অতি নগন্য  সংখ্যকহে জড়িত। আকৌ অন্যান্য চৰকাৰী বিভাগবোৰৰ জনকল্যানমূলক আঁচনিবোৰেও এই অঞ্চলবোৰ ঢুকি নাপায়। আমি পৰ্যটন উদ্যোগৰ প্ৰতি স্থানীয় যুৱকসকলক আকৰ্ষিত  কৰিবলৈ কিছু চেষ্টা কৰিলো।বহু যুৱক আগবাঢ়ি আহিল, আনকি বহুতে নিজৰ গো-ধন বিক্ৰী কৰিও পৰ্যটক কঢ়িয়াবলৈ জিপছী গাড়ী কিনিলে, বহুতে দেখাক দেখি ঘৰতে এটি দুটি ৰুম সাজি পৰ্যটক থাকিব দি ঘৰতে বনোৱা স্থানীয় খাদ্য পৰিবেশন কৰি পৰ্যটনৰ সময়ত কিছু পইচা উপাৰ্জন  কৰিব আৰম্ভ  কৰিলে । এইদৰে সমীপৱৰ্তী বহু পৰিয়াল পৰ্যটনৰ সৈতে জড়িত হৈ পৰাৰ লগে লগে গাঁওবাসীসকল মানাহৰ সুৰক্ষাৰ  প্ৰতিও অধিক সজাগ হৈ পৰিল। কাৰণ মানাহৰ বাবেই  বহুতে আৰ্থিক উন্নতিৰ মুুখ দেখাৰ সুযোগ ওলাল। ইয়াৰ অন্যতম ফল হিচাপে ২০১৬ চনৰ মে মাহত  নিৰ্বাচনৰ  সময়ত চোৰাং চিকাৰীৰ  হাতত  এটি গঁড় নিধন হোৱাৰ পাছত  আজিৰ তাৰিখলৈ এটিও গঁড় চিকাৰ হোৱা নাই। মোৰ কাৰ্যকালত ভূঞাপাৰা আৰু পানবাৰী বনাঞ্চলত দুটা বাঘ চিকাৰীৰ হাতত  নিহত হৈছিল যদিও গাঁওবাসী আগবাঢ়ি আহি সকলো খবৰ জনাই দিয়াত দুয়োটা ক্ষেত্ৰতে দুষ্কৃতিকাৰীসকলক আটক কৰাৰ লগতে বাঘৰ ছাল, হাড়-মূৰ আনকি ব্যৱহৃত অস্ত্ৰ পাতিবোৰো উদ্ধাৰ হৈছিল। কেতবোৰ গাঁৱত গাঁওবাসীয়ে নিজেই  মিটিং কৰি গাঁৱত অবৈধ অস্ত্ৰ পাতি ৰাখিব নোৱাৰিব বুলি সকলোকে জনাই দিছিল।
অন্য নালাগে,  পাণবাৰী বনাঞ্চলৰ কথাকে কও। মই  প্ৰথম  মানাহত যোগদান  কৰোতে পানবাৰী বিভিন্ন কাৰণত একেবাৰে দুৰ্গম  আছিল। মই পানবাৰীৰ উন্নয়নৰ  কথা আলোচনা কৰি থাকোতে মোলৈ সহযোগিতাৰ হাত আগবঢ়ালে সেই  অঞ্চলৰ বিশিষ্ট  সমাজকৰ্মী ধনঞ্জয় বসুমতাৰীৰকে আদি কৰি কেইজনমান  স্থানীয় লোকে । আমি সকলোৱে মিলি কম সময়ৰ ভিতৰতে বহু কাম কৰিব  পাৰিলো, ভিতৰৰ বহু শিবিৰত বনকৰ্মী মোতায়েন  কৰিব পৰা হল। উল্লেখযোগ্য  যে ৰাইজৰ  মাজত থাকি কাম কৰা ধনঞ্জয় বসুমতাৰী নিৰ্বাচনত জিকি বৰ্তমান  বিটিচিৰ এজন দায়িত্বশীল কাৰ্য্যবাহী সদস্য।
নাম ললে বহুতৰেই  লব লাগিব। ফুজিংচা, কালেন বসুমতাৰী, চন্দ্ৰ বসুমতাৰী, ৰেজাউল ইচলাৰী,  বাবু বসুমতাৰী, ৰমেশ বসুমতাৰী, মতিন দৈমাৰী, ধ্ৰুৱজিৎ ব্ৰহ্ম, বিপুল, বাবুল নাথ, সন্জিত দাস, মনসুখ, জহিন বৰাইক, অবিনাশ, মানিক বসুমতাৰী, মনজুৰ, সাংবাদিক  বন্ধুসকল আৰু বহুত আছে যি সকলৰ বাবে মানাহ অতি মৰমৰ।

মোৰ ব্যক্তিগত  অভিজ্ঞতাৰ  পৰাই  কব পাৰো পৰ্যটন উদ্যোগে প্ৰসাৰতা পোৱাৰ  লগে লগে তাৰ যোগাত্মক প্ৰভাৱ মানাহৰ  সংৰক্ষণৰ ওপৰতো পৰিছে। বাঘৰ সংখ্যা কম সময়তে ত্ৰিশৰ অধিক হোৱাও তাৰেই  চিন। এই সন্দৰ্ভত  মানাহলৈ গৈ অহা বহুতৰে মুখত শুনিছো তেঁওলোকে আগতকৈও বেছি জীৱজন্তু দেখিছে। এইদৰে বনাঞ্চললৈ গৈ ফুৰি অহা লোক সকলৰ  মাজত  জীৱজন্তুৰ প্ৰতি আগ্ৰহ  বহু বৃদ্ধি হোৱা দেখিছো লগতে মানাহৰ  ভিতৰত  বিভিন্ন ধৰণৰ বনাঞ্চল তথা সেইবোৰৰ succession  সম্পৰ্কে বহুতৰ কৌতুহল দেখি আপ্লুত  হৈছো । ভিতৰলৈ ফুৰিব গৈ ফটো তুলি সেইবোৰ  ফেচবুকত  তুলি ধৰি ৰাইজৰ পৰা উৎসাহ পাই ফটোগ্ৰাফীৰ  প্ৰতি আকৰ্ষিত  হৈ পৰা বহু লোকো পাইছো। কম সময়তে মানাহৰ ওচৰ পাজৰৰ এলেকাৰ পৰা নতুন পক্ষীবিদ বহু ওলাইছে , গাইড হিচাবেও  বহু যুবক ওলাই  আহিছে।
মানাহত পৰ্যটন উদ্যোগ একেবাৰেই  চালুকীয়া অৱস্থাতে আছে। মই  অস্বীকাৰ নকৰো যে অত্যধিক পৰ্যটক আহিলে কু প্ৰভাৱো পৰে। কিন্তু  সুপ্ৰভাৱ আৰু কু প্ৰভাৱৰ তুলনা কৰি মই মানাহৰ  ক্ষেত্ৰত  এই অভিমতত  আহিছো যে মানাহৰ দাঁতি কাষৰীয়া এলেকাবোৰত চৰকাৰৰ জনকল্যাণমূলক  আঁচনিসমূহৰ জৰিয়তে
জীৱন যাত্ৰাৰ  মান উন্নত  নোহোৱালৈকে চৰকাৰে চালুকীয়া  পৰ্যটন উদ্যোগটোত ৰাজহ বঢ়োৱাৰ কথা ভাবিব নালাগে। কেইবছৰমান আগলৈকে এই উদ্যোগত  জড়িত বহু সংখ্যক যুৱকেই বেকাৰ  আছিল আৰু বহুতে অসমৰ বাহিৰত  চিকিউৰিটি গাৰ্ডৰ চাকৰি বাদ দি আহি ঘৰত থাকি কষ্টেৰে দুই পইচা উপাৰ্জন  কৰিবলৈ সক্ষম হৈছে।

মোৰ বিশ্বাস  বহুতে নাজানে মানাহলৈ কেনে শ্ৰেণীৰ পৰ্যটক আহে। মই  দেখিছো সৰহ সংখ্যকেই কম বাজেটত চলা লোক। মোৰ কাৰ্যকালত  সেই  সময়ৰ ভাৰতৰ জাতীয় ব্যাঘ্ৰ  সংৰক্ষণ প্ৰকল্পৰ সদস্য সচিব দেৱব্ৰত ছোৱেইন আহি পৰ্যটকৰ বাবে থকা সুবিধা চাব খুজি বাহবাৰীত  MEWS ৰ অতিথিশালালৈ গৈ কোঠাবোৰ চাই ভাড়া দিনে দুই তিনি হাজাৰৰ সলনি পাঁচ/ছয় হাজাৰ টকা লবলৈ কৈছিল। তেখেতক MEWS কৰ্তৃপক্ষই  জনাইছিল মানাহলৈ অহা সৰহ ভাগ পৰ্যটকৰেই বাজেট কম। একেদৰে মই বিদেশী পৰ্য্যটকৰ  ক্ষেত্ৰতো দেখিছো সকলোৱেই যে ধনী তেনে নহয়, সৰহ সংখ্যকেই  কম বয়সীয়া আৰু কম বাজেটৰ অতিথিশালাত থাকিব বিচাৰে। আনকি কেইবাদিনো মই সন্ধিয়া সময়ত বাঁহবাৰী পৰা ঘূৰি আহোতে গাড়ীৰ বাবে ৰৈ থকা বিদেশী পৰ্যটকক বৰপেটা ৰোডলৈ মোৰ চৰকাৰী গাড়ীতে আনিছো। যি সকলে ৰাতি বৰপেটা()ৰোডৰ হোটেলত থাকি পিছদিনা  পুৱাই বৰপেটাৰোড  ৰেলষ্টেচনৰ পৰা ” মানাহ-ৰাইনো” নামৰ যাত্ৰীবাহী ৰেলখনেৰে গুৱাহাটীলৈ যাবলৈ ঠিৰাং কৰিছে।বহু বিদেশী পৰ্যটক আগতীয়াকৈ বন্দবস্ত  কৰি MAOZIGENDRI ECO TOURISM SOCIETYৰ সেই  Three star, Five ষ্টাৰ শ্ৰেণীৰ অন্তৰ্ভূক্ত  নোহোৱা অতিথিশালাত  কমখৰছতে কেইবাদিনো থাকে আকৌ ৰুস্তম বসুমতাৰী আদি পক্ষীবিদসকলক গাইড হিচাবে লৈ অন্যান্য  বন্যপ্ৰাণী এলেকাবোৰলৈও যায়, এই  বিদেশী সকল যে বৰ ধনী তেনে নহয়, বেছি ভাগেই মানাহৰ  প্ৰেমত দূৰদূৰণিৰ  পৰা আহে। আচলতে এওঁলোকে হে প্ৰকৃত গুণসম্পন্ন  পৰ্যটক।
কাজিৰঙাৰ  ‘বৰগছ’ ৱাইল্ড গ্ৰাছত ৰাতি কটোৱা শ্ৰেনীৰ লোক মানাহলৈ খুব কম আহে আৰু সেই  হোটেলবোৰতকৈ কোনো গুণে কম নোহোৱা আৰু সুন্দৰ পৰিবেশৰ MUSA ত বহু কম খৰছত ৰাতি থাকে।
মই আগতে বিটিচিৰ মিটিঙত  আলোচনা প্ৰসংগত কৈছিলো যে বৃহত্তৰ  মানাহৰ দাঁতি কাষৰীয়া গাঁওবোৰক সামৰি ( আটাইকেইখন  জিলাৰে) এখন জিলা পৰিষদ গঠন হব লাগে, যিখন এই এলেকা সমূহৰ প্ৰতি দায়বদ্ধ  থাকিব । নহলে no development zone ত বাস কৰা লোক সকল সদায়েই  অৱহেলিত হৈ থাকিব। উগ্ৰপন্থীৰ সমস্যায়ো  কোঙা কৰা এই অঞ্চল সমূহ উন্নয়নৰ  ক্ষেত্ৰত  এতিয়ালৈকে বহু পিছুৱাই আছে, তাতে কভিডৰ বাবে সৃষ্টি হোৱা পৰিস্থিতিয়েও বহুতৰ অৱস্থা পনীত হাঁহ নচৰাৰ দৰে কৰিছিল।

মানাহলৈ অকল  উচ্চ বাজেটৰ লোক সকল অহাটো বিচৰাৰ সময় এতিয়াও  হোৱা নাই।  পৰ্যটকসকলে যে মানাহৰ  ক্ষতিহে সাধন কৰে সেইটো সম্পূূৰ্ণ সত্য নহয়, ল’ৰা-ছোৱালী লৈ অহা লোক সকলে যথেষ্ট পৰিমাণে বন্যপ্ৰাণী সংৰক্ষণৰ আৱশ্যকতাৰ বিষয়েও অৱগত হয়।
হঠাতেই পৰ্যটকৰ বাবে  বিভিন্ন মাচুলবোৰ বঢ়াই  দিলে ই বহু লোকচান কৰিব। পশ্চিমবংগৰ  পৰীক্ষিত, অতনু বসুৰ দৰে বহু লোকে মানাহলৈ লগত বন্ধু লৈ বছৰি আহে, আনকি বহুতে খৰছ কমাবলৈ নিজেই  ৰান্ধি-বাঢ়ি খাই  আৰু ইয়াৰ  পৰা গৈ ফেচবুকত ফটোবোৰ দি ৰাইজৰ মাজত নিস্বাৰ্থ ভাবে মানাহৰে প্ৰচাৰ  কৰে। বেছি ব্যয়বহুল হলে বহুতেই বাদ দিব মানাহলৈ অহা।
মই  অৱগত যে পৰ্যটন কথা কোৱা বাবে বহুতে মোক বেয়া পাব। কিন্তু মই  যিখিনি লিখিছো, বহু বছৰ বন বিভাগত কাম কৰা তদুপৰি কাজিৰঙা, মানাহ আদিত কাম কৰি হোৱা উপলব্ধিৰহে এয়া বহিৰ্প্ৰকাশ। ভাৰতৰ দৰে বিশাল  জনবসতিৰ এলেকাত সমীপৱৰ্তী এলেকাৰ  জনসাধাৰণক লগত লব নোৱাৰিলে হাজাৰ  চেষ্টা কৰিলেও কোনো বন্যপ্ৰাণী এলেকাৰ সংৰক্ষণ কৰাটো অসম্ভৱ।
মানাহত কৰিব লগা বহুত আছে। পৰ্যটন উদ্যোগৰ  বাবে দৰকাৰ হোৱা চিকেন, ব্ৰয়লাৰ,  ছাগলীৰ মাংস, মাছ, জৈৱ শাক-পাচলি আদি  সমীপৱৰ্তী এলেকাতেই উৎপাদনৰ ব্যৱস্থা কৰিব পাৰিলেও  বহু নিবনুৱা যুৱকৰ সংস্থাপন হব। সেই দৰে অতিথিশালা সমূহত ব্যৱহাৰ  হোৱা গামোচা,   টাৱেল আদি ওচৰৰ Eco Development Society বোৰৰ পৰা কিনাটো বাধ্যতামূলক  কৰিলে পৰ্যটকসকলেও নতুন সোৱাদৰ মুখামুখী হোৱাৰ  লগতে বোৱনী সকলেও ঘৰতে কাম কৰি কিছু উপাৰ্জন  কৰিব পাৰিব।

উচ্চ হাৰত পৰ্যটকসকলৰ পৰা মাচুল ললে হয়তো কম সংখ্যক পৰ্যটক পৰা বিভাগৰ বেছি আয় হব , কিন্তু কম উপাৰ্জনকাৰীসকলৰ বাবে বনোৱা ( সংখ্যাত সৰহ ভাগ) অতিথিশালা বন্ধ  হব। সেইদৰে হোমষ্টে ব্যৱসায় বন্ধহৈ পৰিব, কাৰণ ধনী মানুহবোৰে য’তে ত’তেতো নাথাকে আৰু নাখায়ো। সেইদৰে বাহবাৰীৰ  প্ৰবেশদ্বাৰৰ  সন্মুখত ৰাতিপুৱাই  টেকেলী মুখত দিয়া গৰম গৰম পিঠা আৰু চাহৰ ব্যৱসায় কৰা বড়ো বাইদেউসকলৰ দুই পইছা উপাৰ্জনৰো মুদা মৰিব। কিন্তু বাহিৰত মানাহৰ  ৰাষ্টা-ঘাট, থকা খোৱাৰ  সুবিধা লৈ সমালোচনাবোৰ বাঢ়িব। এতিয়াও  অসুবিধাবোৰ আছে যদিও পৰ্যটকসকলে ইয়াত যে সহজ-সৰল স্থানীয় ৰাইজহে জড়িত আছে বুলি জানে বাবেই বেছি আপত্তি নকৰে।

(লেখক মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভূতপূৰ্ব ক্ষেত্ৰ সঞ্চালক)

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More