মানিক সাহা ত্ৰিপুৰাৰ নতুন মুখ্যমন্ত্ৰী

0 23
শতাব্দ বিশেষ প্ৰতিনিধি, ১৪ মে’ : বিপ্লৱ কুমাৰ দেৱে হঠাতে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ পাছত আজি সন্ধিয়া আগৰতলাত অনুষ্ঠিত হোৱা বিধায়িনী দলৰ এখন বৈঠকত ৰাজ্যসভাৰ সাংসদ মানিক সাহাক সৰ্বসন্মতিক্ৰমে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ পদৰ বাবে নিৰ্বাচিত কৰা হয়। বিধায়নী দলৰ বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰ যাদৱ বিজেপি দলৰ পৰ্যবেক্ষক হিচাপে উপস্থিত আছিল।এটা ৰাজনৈতিক সূত্ৰই জনোৱা মতে আজি বেছ কিছুদিনৰ পৰা মুখ্যমন্ত্ৰী দেৱ আৰু উপ মুখ্যমন্ত্ৰী জিষ্ণু দেৱবাৰ্মাৰ মাজত আভ্যন্তৰীণ কন্দলৰ সূত্ৰপাত হৈছিল। বৃত্তিত এজন দন্ত চিকিৎসাৰ অধ্যাপক ডা: মানিক সাহা ২০২০ চনত ত্ৰিপুৰা ৰাজ্যিক বিজেপিৰ সভাপতি আছিল। জানিব পৰা মতে বিপ্লৱ কুমাৰ দেৱে এতিয়াৰে পৰা ত্ৰিপুৰা ৰাজ্যিক বিজেপিৰ দায়িত্বভাৰ চম্ভালিব।উল্লেখযোগ্য যে, অহা বছৰ ত্ৰিপুৰাত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More