মালয়েছিয়াত বাংলাদেশৰ পৰা নিয়োগ কৰিব ৫ লাখ শ্ৰমিক

0 16

শতাব্দ বিশেষ প্ৰতিনিধি, ১৭ আগষ্টঃ নতুন বুজাবুজি চুক্তিৰ অধীনত মালয়েছিয়াই অহা তিনি বছৰৰ ভিতৰত বাংলাদেশৰ পৰা প্ৰায় ৫ লাখ শ্ৰমিক নিয়োগ কৰিব। মালয়েছিয়াত বাংলাদেশৰ উচ্চায়ুক্ত গোলাম সৰৱাৰে জনোৱা মতে, বিগত সপ্তাহত ৫৩ জন বাংলাদেশী শ্ৰমিকক উৎপাদন খণ্ডত কাম কৰিবলৈ মালয়েছিয়ালৈ প্ৰেৰণ কৰা হৈছিল। মালয়েছিয়ান হিউমেন ৰিচ’ৰ্ছ এছ’চিয়েশ্যনৰ সভানেত্ৰী জাৰিনা ইছমাইলে কয় যে বাংলাদেশৰ শ্ৰমিকসকলে উৎপাদন খণ্ডৰ শূন্যতা পূৰণ কৰাত সহায় কৰিব। যোৱা ডিচেম্বৰ মাহত দুয়োখন দেশৰ মাজত মালয়েছিয়াত বাংলাদেশী শ্ৰমিক নিয়োগ সন্দৰ্ভত এখন বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছিল, যিটো ২০২৬ চনৰ ডিচেম্বৰলৈকে কাৰ্যকৰী হৈ থাকিব। মালয়েছিয়াৰ এছ’চিয়েটেড চাইনিজ চেম্বাৰ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ সমিতিৰ অধ্যক্ষ কুং লিন লুঙে কয়, ‘মালয়েছিয়া এতিয়াও বিদেশী শ্ৰমিকৰ ওপৰত অতি নিৰ্ভৰশীল। শ্ৰমিকৰ চৰম নাটনিৰ বাবে এই মুহূৰ্তত অৰ্ডাৰ পূৰণ কৰিব পৰা হোৱা নাই। সেয়েহে ৰপ্তানিকাৰকসকলে সমস্যাৰ সন্মুখীন হৈছে। কুং লিন লুঙে লগতে কয়, ‘বিদেশী শ্ৰমিক নিযুক্তিৰ বাবে এটা ৱান ষ্টপ ৰেফাৰেল চেণ্টাৰ থাকিব লাগে।

কিয় বাংলাদেশী শ্ৰমিকক আদৰ

বেছিভাগ বাংলাদেশী নাগৰিকে চাকৰিৰ সময়ত সোনকালে শিকিবলৈ সক্ষম আৰু আনহাতে সহযোগিতামূলক আৰু স্থানীয় কৰ্ম পৰিৱেশৰ সৈতে দ্ৰুতভাৱে খাপ খুৱাবলৈ সক্ষম। বাংলাদেশীয়ে নিয়মীয়াকৈ কৰ্মস্থলীত উপস্থিত থাকে। ইহঁত অতি উৎপাদনশীল। অভাৰটাইম কাম কৰিবলৈ ইচ্ছুক আৰু কোনো ধৰণৰ হেঁচা নোহোৱাকৈ যিকোনো বিভাগলৈ বদলি কৰিব পাৰিব।’ এইদৰে কয়-এছ’চিয়েশ্যন অৱ এম্প্লয়মেণ্ট এজেন্সী মালয়েছিয়াৰ উপ-সভাপতি সুৰেশ তানে। লগতে কয়, ‘নিয়োগকৰ্তাসকলে বাংলাদেশীক সেইবাবেই পছন্দ কৰে। কাৰণ তেওঁলোক কঠোৰ পৰিশ্ৰমী, বিশেষকৈ যিসকলে উৎপাদন আৰু নিৰ্মাণ খণ্ডত কাম কৰে। দ্ৰুতভাৱে প্ৰশিক্ষণ আৰু খাপ খুৱাবলৈ সক্ষম হয়। মালয়েছিয়াৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ সভাপতি ডাটুক ডিং হং চিঙে কয় যে, “বাংলাদেশী শ্ৰমিকসকল কঠোৰ পৰিশ্ৰমী আৰু ব্যৱসায়ীসকলে তেওঁলোকক পচন্দ কৰে।” আমাৰ সদস্যসকলে তেওঁলোকক ইয়াত কাম কৰিবলৈ আদৰণি জনাইছে। কাৰণ, শ্ৰমিক অবিহনে আমি উৎপাদনশীলতা বৃদ্ধি কৰি অৰ্থনীতি পুনৰুজ্জীৱিত কৰিব নোৱাৰো।’

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More