মাষ্টাৰ চেফ ইণ্ডিয়াৰ বিজয়ী নয়নজ্যোতিক সম্বৰ্ধনা তিনিচুকীয়া জিলা প্ৰশাসনৰ

0 29

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৪ এপ্ৰিল : ছনী টিভিৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ কুকিং ৰিয়েলিটি শ্ব’ ‘মাষ্টাৰ চেফ ইণ্ডিয়া’ৰ ছিজন ৭ ৰ খিতাপ দখল কৰি অসম তথা তিনিচুকীয়া জিলালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা তিনিচুকীয়াৰ গোবিন্দপুৰ নিবাসী নয়নজ্যোতি শ‌ইকীয়াক আজি তিনিচুকীয়া জিলা প্ৰশাসনৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷ মাষ্টাৰ চেফ ছিজন ৭ৰ বিজয়ীগৰাকীক সম্বৰ্দ্ধনা জ্ঞাপন কৰি উপায়ুক্ত স্বপ্নীল পালে সমগ্ৰ ভাৰতবৰ্ষতে অসম তথা তিনিচুকীয়া জিলাৰ নাম জিলিকাই তোলাৰ বাবে নয়নজ্যোতি শ‌ইকীয়াক অভিনন্দন জ্ঞাপন কৰাৰ লগতে অনাগত দিনত বিশ্বৰ দৰবাৰতো অসম তথা তিনিচুকীয়া জিলাখনৰ নাম জিলিকাই তুলিবলৈ সক্ষম হব বুলি আশা প্ৰকাশ কৰে ৷ মাষ্টাৰ চেফ নয়নজ্যোতি শইকীয়াৰ সফলতাই আন বহুতকে উৎসাহিত কৰিব বুলিও উপায়ুক্ত পালে উল্লেখ কৰে ৷ তিনিচুকীয়াৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা উন্নয়ন আয়ুক্ত সুশান্ত দত্তই আঁত ধৰা সম্বৰ্দ্ধনা অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত চৰফ্ৰাজ হক, অতিৰিক্ত উপায়ুক্ত মনজিৎ বৰকাকতী প্ৰমুখ্যে প্ৰশাসনৰ অন্যান্য উচ্চ পদস্থ বিষয়াসকলৰ লগতে উপায়ুক্ত কাৰ্য্যালয়ৰ কৰ্মচাৰীসকল উপস্থিত থাকে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More