মাৰাড’না-সাহিত্য আৰু সাহিত্যৰ মাৰাড’না
দাদুল দেৱকৃষ্ণ বৰুৱা
আৰ্জেণ্টিনাৰ ফুটবল যাদুকৰ ডিয়েগো মাৰাড’নাৰ খেলক কোৱা হয় খেলপথাৰৰ কবিতা। তেওঁৰ অবিহনে দোহা বিশ্বকাপেই প্ৰথম বিশ্বকাপ। বহু লেখকে মাৰাড’নাৰ বিষয়ে বিভিন্ন প্ৰবন্ধ লিখিছে। সৃষ্টি হৈছে ভালেমান গ্ৰন্থ। এইগৰাকী কিংবদন্তিয়ে নিজেই নিজৰ বিষয়ে কৈ গৈছে— I am Maradona, who makes goals, who makes mistakes. I can take it all, I have shoulders big enough to fight with everybody. কাটাৰত চলি থকা ফুটবল মহাকুম্ভৰ মাজতে তেওঁৰ বিষয়ে লিখা দুই-এক সাহিত্য কৰ্মৰ মাজত ডুব দিওঁ আহক।
৬৮-৭০ চেণ্টিমিটাৰ পৰিধিৰ এটা গোলক। ওজন প্ৰায় ৪৫০ গ্ৰাম। ডিয়েগ’ আৰ্মাণ্ডো মাৰাড’না নামৰ এজন যাদুকৰে সেই গোলাকাৰ বস্তুটোৰে সকলো অসাধাৰণ কবিতাৰ জন্ম দিছে। বুয়েনছ আয়াৰ্ছৰ নলা আৰু বস্তিৰ পৰা ৫ ফুট ৫ ইঞ্চিৰ মানুহজনৰ উত্থান অৱশ্যেই কাব্যিক, কাৰণ তেওঁ নিজৰ আত্মজীৱনী El Diegoৰ আৰম্ভণিতে লিখিছে— “কেতিয়াবা মই ভাবোঁ; মোৰ গোটেই জীৱনটোৱে চিনেমাত খেলি আছে।”
মাৰাড’নাই তেনেকৈ ভবাটো সম্পূৰ্ণ ভুল নাছিল। তেওঁ নিজেই তেজ-মঙহৰ কবিতা, চিনেমা বা যাদুকৰী উপন্যাস। কিন্তু এই ‘সাহিত্যিক ৰচনা’ৰ বহু ৰূপো আছে। God is roundৰ লেখক জুৱান ভিল্লৰ’ই কোৱাৰ দৰে। তেওঁ কিতাপখনৰ Diego Armando Maradona : life, death, resurrection and a little more besides শীৰ্ষক অধ্যায়ত বৈচিত্ৰ্যময় মাৰাড’নাক ধৰি ৰাখিব বিচাৰিছিল। মাৰাড’নাক ডাঙৰ-দীঘল কৰিব বিচাৰিছিল, যাৰ নামত বিশেষ ধৰ্ম প্ৰবৰ্তন কৰাৰ পৰা আৰম্ভ কৰি পিজ্জাৰ নাম দিয়ালৈকে সকলো কাম কৰা হৈছিল।
খেলপথাৰৰ ভিতৰত আৰু বাহিৰত মাৰাড’না আছিল অনন্য। যদি তেওঁ খেলপথাৰত কবিতা, খেলপথাৰৰ বাহিৰত তেওঁ এখন মহান থ্ৰিলাৰ উপন্যাস— আৰম্ভণিৰ পৰা শেষলৈকে আচৰিত কথাৰে ভৰা। প্ৰতিটো অধ্যায়তে তেওঁ অবিশ্বাস্য। উৰুগুৱেৰ বিখ্যাত লেখক এডৱাৰ্ড গালিয়ানোৱে বহুমুখী মাৰাড’নাৰ বিষয়ে কৈছিল— “নায়কসকল কি দেৱতাৰ দৰে! নিজৰ খ্যাতিৰ জুইত জ্বলিবলৈ দি শাস্তি দিয়া হয়?”
এইগৰাকী ফুটবলাৰৰ শ্ৰেষ্ঠ ‘সাহিত্যিক কাম’ৰ কথা ক’লে ইংলেণ্ডৰ বিৰুদ্ধে শতিকাৰ শ্ৰেষ্ঠ গ’লৰ কথা ক’ব লাগিব। মাত্ৰ ১১ ছেকেণ্ডৰ বাবে তেওঁ মিডফিল্ডৰ পৰা বল লৈ দৌৰিছিল আৰু এটা অমৰ কবিতাৰ সৃষ্টি প্ৰক্ৰিয়া দেখি বিশ্ব স্তম্ভিত হৈছিল। কবি-সাহিত্যিকৰ মহান সৃষ্টিৰ আমি সাক্ষী হ’ব নোৱাৰোঁ। অৱশ্যে মাৰাড’নাৰ সৃষ্টি সকলোৰে সন্মুখত লিখা হৈছিল। লাখ লাখ মানুহে সেইদিনা গ্ৰীণ কাৰ্পেটত জন্ম হোৱা এটা অমৰ কবিতা দেখিছিল। দিনটোৰ সেই মুহূৰ্তটো বিশেষ, কিন্তু নিশ্চিতভাৱে একমাত্ৰ নহয়। ইমানবোৰ মহাকাব্যিক মুহূৰ্তৰ জন্ম দি বহুতৰে দেৱতা হৈ পৰিল মাৰাড’না। কিন্তু সেই দেৱত্বৰ বোজা তেওঁ নিজেই সম্পূৰ্ণৰূপে বহন কৰিব পৰা নাছিল। নিজকে তেজ-মঙহৰ মানুহ বুলি প্ৰমাণ কৰিবলৈ যেন বাৰে বাৰে ছন্দ হেৰুৱাই পেলাইছিল।
বৈচিত্ৰ্যময় সেই মানুহজনৰ বাওঁ ভৰিখনে অৱশ্যে কেতিয়াও নিজৰ দেৱত্ব হেৰুওৱা নাছিল। ভগৱানৰ পৰা পোৱা উপহাৰ হিচাপেই ৰৈ গৈছে চিৰকালৰ বাবে। মাৰাড’নাক সকলোখিনিলৈ নাচাওঁ বুলি চকু আঁতৰাই ৰাখিব পাৰিলেও তেওঁৰ সেই বাওঁ ভৰিখন; যাক কেতিয়াও উপেক্ষা কৰিব নোৱাৰি। তেওঁৰ সেই একক পদেৰেই লিখা হৈছে অসামান্য স্তবগাথা। ফুটবল তাৰকাগৰাকীৰ সতীৰ্থ হোৰ্হে ভালডানোৱে এবাৰ কৈছিল— “মাৰাড’নাৰ বাওঁ ভৰিত থকা সময়কণৰ দৰে ইমান সুন্দৰ অভিজ্ঞতা কোনো বলৰে আন কেতিয়াও হোৱা নাই।”
জীৱনকালতে মাৰাড’না সাধুকথাত পৰিণত হৈছিল। ফুটবল সাহিত্যৰ কবি গালিয়ানো, যাৰ গ্ৰন্থ Soccer in Sun and Shadowক ক্ৰীড়া সাহিত্যৰ One Hundred Years of Solitudeৰ উত্তৰ বুলি কোৱা হয়। সেই গালিয়ানোৱে কিতাপখনৰ ‘মাৰাড’না’ শিতানৰ এঠাইত লিখিছিল— “মাৰাড’না নেপলছত (ইটালীৰ এখন চহৰ) চেইণ্ট মাৰাড’না হৈ পৰিল। কেৱল সেয়াই নহয়, প্ৰকৃত চেন্ট ছান জিনাৰোক নেপলছৰ মানুহে মাৰাড’নাইজ কৰিছিল। ৰাজপথত তেওঁলোকে এই দেৱতা (মাৰাড’না)ৰ চুটি কাপোৰ পিন্ধা ছবি বিক্ৰী কৰিছিল, যিবোৰ মাডাৰ মেৰীয়ে পোহৰাই তুলিছিল।”
মাৰাড’নাৰ বিষয়ে লিখা এই শব্দবোৰ যিকোনো সাহিত্যিক কৃতিত্বৰ সমতুল্য। কিন্তু ভিল্লোৰ’ৰ লেখা পঢ়িলে হৃদয়খন ফুলি উঠে— “যেতিয়া তেওঁৰ হাতত বল নাথাকিছিল, তেতিয়া মাতৃ দিৱসত তেওঁ আদমতকৈয়ো অধিক অকলশৰীয়া অনুভৱ কৰিছিল।” মাৰাড’নাৰ বিষয়ে ইয়াতকৈ ভালকৈ কি প্ৰকাশ কৰিব পাৰি!
কেৱল গালিয়ানো বা ভিল্লৰ’ৱেই নহয়, আন বহু লেখকে মাৰাড’নাৰ বিষয়ে হৈ চৈ কৰিছিল। মাৰিঅ’ বুৰ্গাছ যোছাৰ বিষয়েও ক’ব পাৰোঁ। মাৰাড’নাৰ প্ৰতি আকৃষ্ট হৈ পেৰুৰ এই নোবেল বিজয়ী লেখকে Maradona and the Heroes শীৰ্ষক ৰচনা এখনত লিখিছে— “মাৰাড’না এজন জীৱন্ত দেৱতা, যাক মানুহে নিজেই পূজা কৰিবলৈ সৃষ্টি কৰিছে।” আৰ্জেণ্টিনাৰ লেখক জুয়ান ছাষ্টুৰিয়ানে কয়— “তেওঁ আছিল এজন শিল্পী; য’ত একো নাছিল তাতো তেওঁ কিবা এটা সৃষ্টি কৰিছিল।”
মাৰাড’নাৰ বিষয়ে এখন তথ্যচিত্ৰত কিংবদন্তিগৰাকীৰ ভাতৃক সোধা হৈছিল যে তেওঁক মাৰাড’নাৰ সৈতে তুলনা কৰিব পাৰি নেকি? ভায়েকৰ উত্তৰ আছিল— ”তেওঁ আন এটা গ্ৰহৰ মানুহ।”
আনটো গ্ৰহ কেনেকুৱা, আমি নাজানো। কিন্তু এইটোৱেই সেই গ্ৰহ য’ত মাৰাড’নাই এহাতে স্বৰ্গ আৰু আনখন হাতত নৰক লৈ খোজ কাঢ়িছিল। তেওঁ আছিল প্ৰশংসা আৰু নিন্দাৰ মাজৰ ক্ৰুচত ওলমি থকা এক ৰহস্য। মাৰাড’না আছিল নিঃসন্দেহে প্ৰেমৰো নাম। তেওঁৰ সংঘাতপূৰ্ণ চৰিত্ৰটো গালিয়ানোৰ মন্তব্যত অধিক স্পষ্ট হৈ পৰিছে— “মাৰাড’নাই পৃথিৱীৰ সংঘাতবোৰক মূৰ্ত কৰি তুলিছে, যিটো আন কোনোৱে নোৱাৰে। কিন্তু কল্পনাই যে কাম কৰিব পাৰে সেই কথা প্ৰমাণ কৰাৰ ক্ষমতা থকা বিশেষ মানুহজনেই আছিল তেওঁ। সেইটোও এনে এখন পৃথিৱীত য’ত কল্পনাৰ কোনো স্থান নাই। এইবোৰৰ বাবেই সকলো ফুটবলপ্ৰেমী তেওঁৰ প্ৰতি চিৰকৃতজ্ঞ হোৱা উচিত।”
ফুটবল কিংবদন্তিগৰাকীৰ মৃত্যুৰ দুবছৰৰ পাছত আমি এতিয়া এনে এটা সময়ত থিয় দিছোঁ যি সময়ত নতুন চেম্পিয়ন লাভ কৰিবলৈ বিশ্বকাপে ডেউকা মেলিছে। মাৰাড’না অবিহনে বিশ্বকাপ!— ইমান সোনকালে তেনেকুৱা কিবা এটা চাবলৈ বিশ্ব হয়তো সাজু নাছিল। কিন্তু শ্ব’ চলি থাকিব লাগিব— the shows must go on! হয়তো মাৰাড’নাই ক্ৰুইফ আৰু গাৰিঞ্চাছৰ সতে অন্যলোকত বহি বিশ্বকাপৰ খেল চাই আছে। তেওঁৰ চকু হয়তো ১৮ ডিচেম্বৰৰ ফাইনেলত! গ্ৰুপৰ প্ৰথমখন মেচত পৰাস্ত হোৱা লিয়নেল মেছিৰ হাতত বিশ্বকাপ তুলি দিবলৈ তেওঁ কি ওপৰৰ পৰাই হাত জোকাৰিব?