মাৰ্ঘেৰিটাত চাহ শ্রমিকৰ জলন্ত সমস্যা সমাধানৰ দাবীত  আটছাৰ ধৰ্ণা

0 13

শতাব্দৰ মাৰ্ঘেৰিটা প্রতিবেদক ৩১ মেঃ আটছাৰ মাৰ্ঘেৰিটা শাখা আৰু চাহ জনজাতি মহিলা সমিতিৰ যুটীয়া উদ্যোগত আজি মাৰ্ঘেৰিটাত এক প্রতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে | চাহ শ্রমিক সকলৰ জলন্ত সমস্যা সমূহৰ সমাধানৰ দাবীত মাৰ্ঘেৰিটা চাহ বাগিচাত ৰূপায়ন কৰে দুঘন্টীয়া ধৰ্ণা কাৰ্যসূচী | পুৱা সাত বজাৰ পৰা আৰম্ভ কৰা প্রতিবাদী কাৰ্যসূচীত আটছাৰ মাৰ্ঘেৰিটা শাখা, নামদাং উপশাখা ,চাহ জনজাতি মহিলা সমিতিৰ বিষয়ববীয়া সকলৰ লগতে স্থানীয় ভালে সংখ্যক চাহ শ্রমিকে অংশগ্রহণ কৰে | মাৰ্ঘেৰিটা শাখা সমিতিৰ ভাৰপ্রাপ্ত সভাপতি মুকুন্দ গোৱালা আৰু সম্পাদক নোৱেল পাত্র স্বাক্ষৰিত এক স্মাৰক পত্রও প্রদান কৰে | প্রতিবাদকাৰীসকলে চাহ শ্রমিকক দেওবাৰৰ ছুটী সহ মজুৰি ৩৫১ টকা কৰাকে ধৰি বাৰ দফীয়া দাবী সম্বলিত স্মাৰক পত্র প্রদান কৰে | প্রতিবাদকাৰীসকলে বিভিন্ন শ্লগানেৰে পৰিবেশ উত্তাল কৰি তোলে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More