মাৰ্ঘেৰিটাৰ অবৈধ কয়লাখনিত পুনৰ ৩ শ্ৰমিক নিহত

নিশাৰ ভিতৰতে মৃতদেহ পুতি প্ৰমাণ নষ্টৰ অপচেষ্টা কয়লা চোৰৰ

0 28

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৯ ছেপ্টেম্বৰ : তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অবৈধ কয়লা খনিত পুনৰ মৃত্যুমুখত পৰিছে ৩ জন  শ্ৰমিক ৷ জানিব পৰা মতে মালো গাঁৱৰ এক দুৰ্গম অঞ্চলত থকা চোৰাং কয়লা বেপাৰীৰ অবৈধ ’খাদান’ত (ৰেট হ’ল মাইনিং) দেওবাৰে খনন চলাই থকাৰ সময়ত বিষাক্ত গেছ নিৰ্গত হোৱাৰ ফলত ৩ জন শ্ৰমিকৰ ঘটনাস্থলীতে মৃত্যু হোৱাৰ উপৰি আন কেইবাজনো শ্ৰমিক আহত হয় ৷ নিহত শ্ৰমিক ৩ জন ক্ৰমে বঙাইগাঁও জিলাৰ যোগীঘোপাৰ ছহিদুল ইছলাম, হুছেইন আলী আৰু আনজন গোৱালপাৰা জিলাৰ বগুৱানৰ আছমত আলী বুলি প্ৰকাশ ৷ সূত্ৰমতে প্ৰায় এমাহ পূৰ্বে তেওঁলোকে লিডুৰ কয়লা খনিত কাম কৰিবলৈ আহিছিল ৷ দেওবাৰে জনৈক ডেভিদ নাগা আৰু আৰ খান নামৰ ব্যক্তিদ্বয়ৰ অবৈধ ’খাদান’ত খনন চলাই থকাৰ সময়তে সংঘটিত দুৰ্ঘটনাত তেওঁলোকে প্ৰাণ হেৰুৱাৰ লগতে আন কেইবাজনো আহত হয় ৷ অভিযোগ অনুসৰি দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছত নিশাৰ ভাগতে জে চি বি ব্যৱহাৰ কৰি গাত খান্দি তিনিটা মৃতদেহ পুতি পেলাই প্ৰমাণ নষ্ট কৰাৰ অপচেষ্টা চলোৱা হয় যদিও সতীৰ্থ শ্ৰমিকে পুৱতি নিশা যোগীঘোপাৰ শ্ৰমিক কেইজনৰ পৰিয়ালক এই শোকাবহ ঘটনাৰ বিষয়ে অৱগত কৰাৰ পাছতে সমগ্ৰ ঘটনা পোহৰলৈ আহে ৷ বিষয়টোৱে ৰাজ্যজুৰি চৰ্চা লাভ কৰাৰ পাছতে সক্ৰিয় হৈ পৰে তিনিচুকীয়া আৰক্ষী ৷ ঘটনা সন্দৰ্ভত তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক দেৱজিত দেউৰীয়ে কয় যে জনৈক ডেভিদ নাগা নামৰ ব্যক্তিজনৰ অবৈধ কয়লা খনিত সংঘটিত এই ঘটনাৰ বিষয়ে আৰক্ষীয়ে ইতিমধ্যে প্ৰায় সকলো তথ্য উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷ সোধপোছৰ বাবে আৰক্ষীয়ে ইতিমধ্যে ৪/৫ জন ব্যক্তিক আটক কৰিছে আৰু তেওঁলোকে নিজৰ ভাষ্যত উক্ত দুৰ্ঘটনাৰ লগতে মৃতদেহ পুতি ৰখাৰ কথা সদৰি কৰিছে ৷ সেই অনুসৰি মাৰ্ঘেৰিটাৰ পৰা এটা আৰক্ষীৰ দল ঘটনাস্থলীলৈ ৰাওনা হৈছে ৷ কিন্তু অঞ্চলটো যথেষ্ট দুৰ্গম হোৱাৰ বাবে আৰক্ষীৰ অভিযানত কিছু সময় লাগিছে ৷ ইয়াৰোপৰি আৰক্ষী অধীক্ষকজনে কয় যে মৃতদেহ তিনিটা যদি গাতে লাগি থকা অৰুণাচলৰ দিশে পুতি থোৱা হৈছে তেতিয়া আকৌ কেতবোৰ আইনী প্ৰক্ৰিয়া অনুসৰণ কৰিব লাগিব ৷ উল্লেখ্য যে মাৰ্ঘেৰিটাৰ উত্তৰ-পূৱ কয়লাক্ষেত্ৰত অবৈধ খনিৰ ভিতৰত খননৰ সময়ত শ্ৰমিক মৃত্যুমুখত পৰাৰ ঘটনা নতুন কথা নহয় ৷ স্থানীয় সূত্ৰমতে অধিকাংশ ঘটনাতে অবৈধ খনিৰ ভিতৰত আবদ্ধ হৈ মৃত্যুমুখত পৰা শ্ৰমিকক তাতেই এৰি অহা হয় । কোনো কোনো ক্ষেত্ৰত শ্ৰমিকক উদ্ধাৰ কৰা হয় যদিও সেই তথ্য কয়লা মাফিয়াই ধনৰ বিনিময়ত থাপিথুপি থবলৈ সক্ষম হয় ৷ চোৰাং কয়লা মাফিয়াৰ দৌৰাত্ম্যত মৃত্যু উপত্যকাত পৰিণত হোৱা মাৰ্ঘেৰিটাত বিগত ২৬ জুলাইৰ নিশা লিডুৰ ১ নং কয়লাপাৰাৰ শুভম দাস নামৰ যুৱকজনৰ অকাল মৃত্যুৰ পাছত পুনৰ ২৭ জুলাইৰ নিশা চোৰাং কয়লা মাফিয়াৰ নিৰ্দেশত টিৰাপ কলিয়ৰীৰ ৬ নং লাইনৰ এক অবৈধ কয়লা খনিত খনন চলাবলৈ গৈ খনিৰ ভিতৰত সংঘটিত বিষাক্ত গেছ বিস্ফোৰণৰ ঘটনাত চাৰিজন শ্ৰমিক অগ্নিদগ্ধ হোৱাৰ লগতে ইয়াৰে এজন নিহত হোৱাৰ ঘটনা সংবাদ মাধ্যমযোগে পোহৰলৈ আহিছিল ৷ ২৬ আৰু ২৭ জুলাইত সংঘটিত দুৰ্ভাগ্যজনক ঘটনা সন্দৰ্ভত মাৰ্ঘেৰিটা আৰক্ষী অথবা মহকুমা প্ৰশাসনৰ ওচৰত কোনো তথ্য নাছিল যদিও সংবাদকৰ্মীৰ অনুসন্ধানত এই কথা পোহৰলৈ আহিছিল যে অগ্নিদগ্ধ শ্ৰমিক তিনিজনক ঘটনাৰ নিশাই চিকিৎসাৰ বাবে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ প্ৰায় ২০/২১ বছৰীয়া ছফিকুল ইছলাম, জয়নাল ইছলাম আৰু বি ইছলাম নামৰ শ্ৰমিক কেইজনক হোটেলত আহাৰ বনাই থকাৰ সময়ত ষ্ট’ভ বিস্ফোৰণৰ ফলত অগ্নিদগ্ধ হোৱা বুলিহে চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল ৷ কিন্তু অবৈধ কয়লাখনিত সংঘটিত এই দুৰ্ঘটনা পোহৰলৈ আহিবলৈ ধৰাত বিপদৰ আশংকাত চিকিৎসা চলি থকাৰ মাজতে কয়লা মাফিয়াই তেওঁলোকক দ্বিতীয় দিনাই মেডিকেলৰ পৰা লৈ যায় ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More