মাৰ্ঘেৰিটাৰ অবৈধ কয়লা খননত জড়িত শাসকীয় দলৰ নেতাঃ এ আই টি ইউ চি

নিহত ৩ শ্ৰমিকৰ পৰিয়ালক ১কোটিকৈ ক্ষতিপূৰণ, চৰকাৰী চাকৰি দিয়াৰ লগতে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ নেতৃত্বত তদন্ত সমিতি গঠনৰ দাবী

0 56

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২১ ছেপ্টেম্বৰ : তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অবৈধ কয়লা খনিত দেওবাৰে কৰুণভাৱে মৃত্যুমুখত পৰা ৩জন নিৰীহ শ্ৰমিকৰ পৰিয়ালক ১কোটিকৈ ক্ষতিপূৰণ আৰু চৰকাৰী চাকৰি প্ৰদানৰ দাবী জনাইছে অ’ল ইণ্ডিয়া ট্ৰেড ইউনিয়ন কংগ্ৰেছে (এ আই টি ইউ চি) ৷ আজি এক বিবৃতিত এ আই টি ইউ চিৰ অসম ৰাজ্যিক সমিতিৰ সম্পাদক ৰঞ্জন চৌধুৰীয়ে ৰাজ্য চৰকাৰক এই দাবী জনোৱাৰ লগতে সমগ্ৰ বিষয়টো তদন্তৰ বাবে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ নেতৃত্বত এখন উচ্চস্তৰীয় তদন্ত সমিতি গঠনৰ বাবেও দাবী জনায় ৷ বিবৃতিটোত চৌধুৰীয়ে অভিযোগ কৰে যে জিলা প্ৰশাসনৰ জ্ঞাতসাৰেই মাৰ্ঘেৰিটাত মহকুমাত কয়লাৰ অবৈধ খনন অব্যাহত আছে ৷ কিন্তু শাসকীয় দলৰ একাংশ নেতাৰ পৃষ্ঠপোষকতাত এই অবৈধ বেহা চলি থকাৰ বাবে প্ৰশাসনে মুকবধিৰৰ ভূমিকা গ্ৰহণ কৰিবলৈ বাধ্য হৈছে বুলি তেওঁ কয় ৷ প্ৰণিধানযোগ্য যে মাৰ্ঘেৰিটা মহকুমাৰ মোলাং পাহাৰৰ দুৰ্গম অঞ্চলত থকা ডেভিদ নাগা নামৰ চোৰাং কয়লা বেপাৰীৰ অবৈধ খনিত খনন চলাই থকাৰ সময়ত বিষাক্ত গেছ নিৰ্গত হোৱাৰ ফলত দেওবাৰে ঘটনাস্থলীতে মৃত্যু ঘটিছিল বঙাইগাঁও জিলাৰ যোগীঘোপাৰ ছহিদুল ইছলাম, হুছেইন আলী আৰু গোৱালপাৰা জিলাৰ বগুৱানৰ আছমত আলী নামৰ ৩জন শ্ৰমিকৰ ৷ অবৈধ কয়লা খনি বা ’খাদান’ত (ৰেট হ’ল মাইনিং) কাম কৰাৰ বাবে শ্ৰমিক যোগান ধৰা ঠিকাদাৰৰ ফান্দত ভৰি দি প্ৰায় এমাহ পূৰ্বে লিডুৰ কয়লা খনিত কাম কৰিবলৈ অহা শ্ৰমিক ৩জনৰ মৃত্যুৰ পাছত কয়লা মাফিয়াই নিশাৰ ভাগতে জে চি বি ব্যৱহাৰ কৰি গাত খান্দি মৃতদেহ তিনিটা পুতি সকলো প্ৰমাণ নষ্টৰ অপচেষ্টা চলায় ৷ সোমবাৰে নিশাৰ ভাগত ৩ শ্ৰমিকৰ মৃতদেহ তিনিচুকীয়াৰ অসামৰিক চিকিৎসালয়লৈ অনা হয় ৷ মঙ্গলবাৰে অন্যান্য আনুষ্ঠানিকতা আৰু মৰণোত্তৰ পৰীক্ষাৰ অন্তত ইতিমধ্যে নষ্ট হ’বলৈ ধৰা মৃতদেহকেইটা পৰিয়ালৰ লোকক চমজাই দিয়া হ’য় ৷ অৱশ্যে আৰক্ষীয়ে এই পৰ্য্যন্ত দুৰ্ঘটনা সংঘটিত হোৱা অবৈধ কয়লা খনিটোৰ মালিক ডেভিদ নাগা নামৰ চোৰাং কয়লা মাফিয়াটোক ধৰিবলৈ সক্ষম হোৱা নাই ৷ লক্ষ্যনীয়ভাৱে মাৰ্ঘেৰিটাৰ অবৈধ কয়লা খনিত এনে এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতো অধিকাংশ দল, সংগঠনে ৰহস্যজনক মৌনতা অৱলম্বন কৰি অহা দেখা গৈছে ৷ অৱশ্যে মাৰ্ঘেৰিটাৰ অবৈধ খনিত শ্ৰমিকৰ মৃত্যুৰ ঘটনা কোনো নতুন কথা নহয় ৷ প্ৰভাৱশালী চোৰাং কয়লা মাফিয়া চক্ৰই ধনৰ বলেৰে সকলো পক্ষকে মেনেজ কৰি বেছিভাগ ক্ষেত্ৰতে এনে ঘটনাসমূহ গাপ দি আহিবলৈ সক্ষম হৈছে ৷ সূত্ৰমতে অধিকাংশ ঘটনাতে অবৈধ খনিৰ ভিতৰত আবদ্ধ হৈ মৃত্যুমুখত পৰা শ্ৰমিকক তাতেই এৰি অহা হয় । কোনো কোনো ক্ষেত্ৰত শ্ৰমিকক উদ্ধাৰ কৰা হয় যদিও সেই তথ্য কয়লা মাফিয়াই ধনৰ বিনিময়ত থাপিথুপি থবলৈ সক্ষম হয় ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More