শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৮ মে’ : তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ ১২ বছৰীয়া নাবালিকাৰ ধৰ্ষণ আৰু নৃশংস হত্যাকাণ্ডৰ মূল অভিযুক্ত আনন তাঁতী ওৰফে স্বপন তাঁতী নামৰ লম্পটটোৰ পলাতক বৰপুত্ৰই দেওবাৰে নিশা মাৰ্ঘেৰিটা থানাত আত্মসমৰ্পণ কৰে৷ যোৱা ৩ মে’ৰ পৰা পলাতক হৈ আছিল তাঁতীৰ বৰপুত্ৰ ৷ আৰক্ষীয়ে আত্মসমৰ্পণকাৰী কিশোৰজনক সোধাপোছা কৰি আছে ৷ উল্লেখ্য, প্ৰাৰম্ভিক অৱস্থাত আৰক্ষীয়ে নাবালিকাগৰাকী দলবদ্ধ ধৰ্ষণৰ বলি হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছিল যদিও পৰৱৰ্তী পৰ্যায়ত লাভ কৰা তথ্য, প্ৰমাণৰ ভিত্তিত তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দিলীপে তেনে সম্ভাৱনাৰ কথা নুই কৰি সমগ্ৰ নৃশংস ঘটনা আনন তাঁতী ওৰফে স্বপন তাঁতীৰ দ্বাৰাই সংঘটিত হোৱা বুলি সদৰি কৰিছিল ৷ অৱশ্যে ঘটনাৰ লগত আন কোনো ব্যক্তি জড়িত থকাৰ প্ৰমাণ আৰক্ষীয়ে লাভ কৰা নাই যদিও মিছা কথা কৈ আৰক্ষীক বিপথে পৰিচালিত কৰা আৰু প্ৰমাণ লুকুৱাৰ অভিযোগত তাঁতীৰ পত্নী গংগা তাঁতী ওৰফে মিনিক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে ৷ ইফালে লম্পট আনন তাঁতী ওৰফে স্বপন তাঁতীয়ে ইয়াৰ পূৰ্বেও অনুৰূপ দুষ্কৰ্ম সংঘটিত কৰাৰ অভিযোগ উঠিছে ৷ সূত্ৰমতে এনে দুষ্কাৰ্যৰ বাবেই আনন তাঁতী ওৰফে স্বপন তাঁতীক পূৰ্বৰ ভাৰাঘৰৰ পৰা মালিকে পিটি পিটি খেদি দিছিল ৷ স্মৰ্তব্য যে পলাতক লম্পট আনন তাঁতী ওৰফে স্বপন তাঁতীক তিনিচুকীয়াৰ আৰক্ষী অধীক্ষকৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অৰুণাচলৰ দেওমালী অভিমুখী পথত থকা ডিব্ৰুগড় জিলাৰ অন্তৰ্গত জয়পুৰৰ নামচাং চাহ বাগিচাৰ পৰা ৪ মে’ৰ নিশা আটক কৰিবলৈ সক্ষম হৈছিল ৷ কিন্তু বিধ্বস্ত পথৰ বাবে আৰক্ষীৰ গাড়ী বেয়া হোৱাৰ সুযোগ লৈ হত্যাকাৰীটোৱে পলায়নৰ চেষ্টা চলোৱাৰ সময়ত আৰক্ষীয়ে দুজাঁই গুলীচালনা কৰিবলগীয়া হয় ৷ উক্ত গুলীত আহত তাঁতীক প্ৰথমে মাৰ্ঘেৰিটা এফ আৰ ইউত প্ৰাথমিক চিকিৎসা প্ৰদানৰ অন্তত মাজনিশা তিনিচুকীয়াৰ অসামৰিক চিকিৎসালয়লৈ অনা হয় আৰু তাৰ পৰা ডিব্ৰুগড়স্থ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৷ তাঁতী বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে ৷ ইতিমধ্যে নাবালিকাৰ ধৰ্ষণ আৰু নৃশংস হত্যাকাণ্ডৰ মূল অভিযুক্ত আনন তাঁতীৰ বিচাৰ ফাষ্ট ট্ৰেক আদালতত হোৱাৰ লগতে আৰক্ষীয়ে ৩০ দিনৰ ভিতৰত এই গোচৰ সংক্ৰান্তীয় চাৰ্জছীট দাখিল কৰিব বুলি তিনিচুকীয়াৰ আৰক্ষী অধীক্ষকে নিশ্চিতি প্ৰদান কৰিছে ৷
ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.