মাৰ্ঘেৰিটা সত্রীয়া কলা কৃষ্টি কেন্দ্রত ব’হাগৰ এসন্ধ্যা

0 16

শতাব্দৰ মাৰ্ঘেৰিটা প্রতিবেদক ৯ মেঃ মাৰ্ঘেৰিটা নগৰস্থিত সত্রীয়া কলা কৃষ্টি কেন্দ্র কালি ব’হাগৰ এসন্ধ্যা নামেৰে এক মনোগ্রহী অনুষ্ঠান অনুষ্ঠিত হয় । ডাঃ মানব্রত গগৈ, অৰুণ দত্ত, ৰাকেশ কলিতা, নকুল শইকীয়া, তোলন চন্দ্র গগৈ ফুলমাই ফুকনে বন্তি প্রজ্বলনেৰে পাতনি মেলা কাৰ্যসূচীত ডাঃ ৰাণুমনি দুৱৰা আৰু ডাঃ দিব্যা সিং উপস্থিত থাকে। |প্রত্যুষা শ্যামলী গগৈ, অয়ন ক্ষেত্র গগৈ, হৃষীকেশ শইকীয়া, ময়ুৰী দাস, শ্বাশতী শৰ্মা, মনিস্কা পূজাৰী, বিবৃতি গগৈৰ বিহুগীত, তপস্যা চেতিয়া, কংকনা ফুকন, প্রগতিময়ী শ্যাম, ৰেমনি কৌশিল্য আৰু কিষ্কিন্ধ্যা দাসৰ বিহু নাচ, লিয়না বড়োৰ আধুনিক নৃত্য, ডাঃ মানব্রত গগৈ, বৰ্ণালী বৰঠাকুৰ, শিৱানী বৰুৱাৰ বিহু সুৰীয়া গীত আৰু বৰ্ণালী চক্ৰৱত্তীৰ আধুনিক গীত পৰিবেশনে অনুষ্ঠানটি উপভোগ্য কৰি তোলে | ড° ৰুণজুন শইকীয়াই আঁত ধৰা অনুষ্ঠানটি বোৱাৰী সকলে পৰিবেশন কৰা জেং বিহুৱে সোণত সুৱগা চৰাইছিল |

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More