মিচিং ভাষা-সাহিত্য বিকাশত জাতীয় সংগঠনৰ ভূমিকা

0 721

 বিজয় বৰি

 সিঁচৰতি হৈ থকা এটা জাতিক ঐক্যবদ্ধ ৰূপত গঠনৰ মূল আধাৰ হৈছে ভাষা। এই ভাষাৰ স্বকীয় সাহিত্য, সংস্কৃতিয়ে জাতি এটাৰ অস্তিত্বৰ প্ৰথম পৰিচয়। ভাষা কেৱল মানুহৰ কথাবাৰ্তাৰে মাধ্যম নহয়, ই জাতীয় আত্মপৰিচয়। ভাষাৰ মাজতে নিহিত হৈ থাকে এটা জাতিৰ আয়ুস, নিজস্ব সত্ত্বা আৰু জাতিটোৰ স্বাভিমান। তেনে ক্ষেত্ৰত মিচিং জাতি গঠনত মিচিং ভাষা-সাহিত্যই মুখ্য ভূমিকা পালন কৰি আছে। তদুপৰি সাহিত্যক এটা জাতিৰ দাপোণ বুলি কোৱা হয়। ইফালে মিচিং ভাষা হৈছে মিচিং জাতিৰ প্ৰতীক। মিচিং ভাষা-সাহিত্যৰ দাপোণত মিচিং জাতিৰ কৃষ্টি-সংস্কৃতি, ঐতিহ্য-পৰম্পৰা প্ৰতিফলিত হৈছে। সেয়েহে ভাষাটোৰ শ্ৰীবৃদ্ধি আৰু ভাষা ৰক্ষা কৰাটো প্ৰতিগৰাকী মিচিং ব্যক্তি আৰু মিচিং জাতিৰ নামত গঢ়ি উঠা প্ৰতিটো জাতীয় দল-সংগঠনৰেই গুৰুদায়িত্ব আছে। এইখিনি কথাৰ অৱতাৰণা কৰাৰ মূলতে হ’ল মিচিং ভাষাৰ উত্তৰণৰ বাবে মিচিং জাতীয় সংগঠনসমূহে গ্ৰহণ কৰা কাৰ্যপন্থা সম্পৰ্কে পৰ্যালোচনা কৰা। উল্লেখ্য মিচিং ভাষা-সাহিত্য প্ৰসাৰ-প্ৰচাৰ আৰু বিকাশ সাধনৰ বাবে মিচিং আগম কৗবাং (সাহিত্য সংগঠন) আছে। ১৯৭২ চনৰ ১৮ এপ্ৰিলত প্ৰতিষ্ঠা লাভ কৰা মিচিং আগম কৗবাঙে মিচিং ভাষাৰ বাবে লিপি গ্ৰহণ, ব্যায়কৰণ প্ৰণয়ন, অভিধান প্ৰণয়ন আৰু সাহিত্যৰ উত্তৰণৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। এই অনুষ্ঠানৰ আপ্ৰাণ প্ৰচেষ্টাৰ ফলস্বৰূপে মিচিং ভাষাই ১৯৮৫ চনৰ ৩০ অক্টোবৰত চৰকাৰী স্বীকৃতি লাভ কৰে আৰু ৰাজ্যখনৰ ২৩০ খন প্ৰাথমিক বিদ্যালয়ত বৰ্তমান মিচিং ভাষাৰ পাঠদান চলি আছে। এইদৰে মিচিং আগম কৗবাঙৰ দ্বাৰা মিচিং ভাষা-সাহিত্য সমৃদ্ধিৰ উদ্দেশ্যে আলোচনা সত্ৰ, গৱেষণা আৰু সাহিত্য সৃষ্টিৰ পৰিৱেশ ৰচনা কৰি আছে। আনহাতে মিচিং জাতিৰ সৰ্ববৃহৎ অনুষ্ঠান হিচাপে ১৯২৪ চনত জন্ম লাভ কৰা মিচিং বাঃনৗ কৗবাং আছে। মিচিং জাতিৰ সৰ্বতো প্ৰকাৰৰ উন্নয়নৰ বাবে কাম কৰাৰ উপৰি অভিভাৱকৰ ভূমিকা পালন কৰা সংগঠনটোৱে দূৰ অতীতত অসংগঠিত ৰূপত থকা মিচিং সমাজক এটা মঞ্চত একত্ৰিত কৰোৱা হয় আৰু পৰৱৰ্তী সময়ত মিচিং বাঃনৗ কৗবাঙৰ মঞ্চত হোৱা আলোচনা মৰ্মে মিচিংসকলৰ অন্যান্য জাতীয় সংগঠনসমূহ জন্ম লাভ কৰে। আনহাতে মিচিং জাতিৰ আটাইতকৈ সক্ৰিয় সংগঠন ৰূপে তাকাম মিচিং পৰিণ কৗবাং চমুকৈ টি এম পি কে পৰিচিত। ১৯৭১ চনত ১৬ অক্টোবৰত জন্ম হোৱা ছাত্ৰ সংগঠনটোৰ মিচিং জাতিক নেতৃত্ব দিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা আছে। আজিৰ প্ৰেক্ষাপটত মিচিং জাতিক অন্যান্য সমাজৰ সৈতে চিনাকি কৰি দিয়াৰ মূলহোতা হিচাপে টি এম পি কেই গুৰীবঠা ধৰি আছে। সেইবাবে মিচিং জাতিয়ে আজি যি স্থানত অৱস্থান কৰিছে ইয়াৰ সিংহভাগ অৱদান টি এম পি কেৰ বুলি দাবী কৰিব পাৰে। কিন্তু দুৰ্ভাগ্যৰ বিষয় মিচিঙৰ ভাষা-সাহিত্য, কলা-কৃষ্টি, ৰাজনীতি, সামাজিক পদমৰ্যাদা ইত্যাদি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত জাতীয় ৰাজনৈতিক ছাত্ৰ সংগঠনটোৱে সাংগঠনিক কামকাজত মিচিং ভাষাত লিখা-মেলা কাৰ্য সন্তুষজনক নহয়। এই সংগঠনৰ তৰফৰ পৰা প্ৰকাশ পোৱা মুখপত্ৰ, স্মৃতিগ্ৰন্থ, দলিল আদিত মিচিং ভাষাক অৱহেলা কৰা দেখা যায়। উল্লেখ্য টি এম পি কেই গ্ৰহণ কৰা যিকোনো সিদ্ধান্তৰ প্ৰতি মিচিং ৰাইজে আশা পালি থাকে সেই হিচাপে এই সংগঠনটোৱে ৰাইজৰ মাজত মিচিং ভাষা-সাহিত্যৰ প্ৰতি জনসচেতনা গঢ়ি তোলাত লক্ষণীয় ভূমিকা পালন কৰিব পাৰে। আনহাতে মিচিং কলা-কৃষ্টি বিকাশৰ বাবে ১৯৮৫ চনত মিচিং দৃৰবৃ কৗবাং জন্ম হয়। মিচিং দৃৰবৃ কৗবাঙে মিচিং ভাষা-সাহিত্য-সংস্কৃতিৰ উত্তৰণ, বিকাশ আৰু সমৃদ্ধিশালী কৰি তোলাৰ ক্ষেত্ৰত বিশিষ্ট বৰঙণি আগবঢ়াই আহিছে। এই কথা সকলোৰে বিধিত যে কলা-সংস্কৃতিয়ে ভাষা-সাহিত্য জীয়াই ৰখাত গুৰুত্বপূৰ্ণ অৱদান যোগাই আহিছে। এই হিচাপে মিচিং দৃৰবৃ কৗবাঙে মিচিং সংগীত, লোকসংগীত, নৃত্য, লোকনৃত্য, লোকবাদ্য আদি সংৰক্ষণ আৰু সংবৰ্দ্ধনৰ কাম কৰি আছে। ইয়াৰ ফলত মিচিং ভাষা-সাহিত্যৰ বিকাশ লাভৰ সুবিধা হৈছে। ইফালে মিচিংসকলৰ একমাত্ৰ মহিলা সংগঠন তাকাম মিচিং মিমৗ কৗবাং (টি এম এম কে)ৰ ১৯৯০ চনৰ ১০ জানুৱাৰীত জন্ম লাভ কৰিছে। বৰ্তমান নাৰীসকলে সমাজৰ যিকোনো ক্ষেত্ৰতে সমমৰ্যাদা দাবী কৰি আছে আৰু নাৰীৰ অনুপস্থিতিত কোনো কাম সিদ্ধি নহয়। তাকাম মিচিং মিমৗ কৗবাঙে মিচিং সমাজ গঠনত অপৰিসীম অৰিহণা যোগোৱাৰ লগতে কলা-কৃষ্টি সংৰক্ষণৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে। ইফালে ১৯৯৩ চনত জন্ম লাভ কৰা মিচিং মিমাগ কৗবাং (এম এম কে) হৈছে মিচিংসকলৰ ৰাজনৈতিক সংগঠন। ইতিমধ্যে দুটা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা দলটো মিচিং ভাষা-সাহিত্য উত্তৰণৰ বাবে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা দৃষ্টিগোচৰ হোৱা নাই। এই সংগঠনটোৱে সভা-সমিতিত মিচিং ভাষাত কথাবাৰ্তা কৰে যদিও লিখিত ৰূপত সাংগঠনিক কামকাজ কৰোঁতে মিচিং ভাষা ব্যৱহাৰ নকৰে। অৱশ্যে মিচিং ভাষা-সাহিত্য বিকাশৰ বাবে চৰকাৰ-প্ৰশাসনৰ ওচৰত স্মাৰকপত্ৰ আদি প্ৰদান কৰোঁতে অন্যান্য মিচিং জাতীয় সংগঠনৰ সৈতে মিচিং মিমাগ কৗবাঙে সহযোগিতা আগবঢ়ায়। অপ্ৰিয় কথা যে মিচিং স্বায়ত্তশাসিত পৰিষদৰ ইতিমধ্যে দুবাৰ নিৰ্বাচন অনুষ্ঠিত হৈছে, এই নিৰ্বাচনসমূহত কোনো ৰাজনৈতিক দল বা প্ৰাৰ্থীয়ে নিৰ্বাচনী প্ৰচাৰ কাৰ্যত ব্যৱহৃত বেনাৰ-পষ্টাৰ বা দলীয় প্ৰচাৰ-পত্ৰ মিচিং ভাষাত প্ৰচাৰ কৰা দেখা নাই। মিচিং জাতীয় সংগঠনৰ মজিয়াত জন্ম হোৱা বা জাতীয় সংগঠনৰ সমৰ্থিত প্ৰাৰ্থীয়েও মিচিং ভাষাত নিৰ্বাচনী প্ৰচাৰ কাৰ্য চলোৱা দৃষ্টি গোচৰ হোৱা নাই।
উপৰোক্ত আলোচনা মন কৰিলে এটা কথা ওলাই পৰে যে মিচিং আগম কৗবাঙৰ বাহিৰে বাকীবোৰ মিচিং জাতীয় সংগঠনে মিচিং ভাষা-সাহিত্য বিকাশৰ বাবে আৰু মিচিং ৰাইজৰ মাজত ভাষা-সাহিত্যৰ প্ৰতি চেতনা জাগ্ৰত কৰা কাৰ্যসূচী লোৱা নাই। উল্লেখ্য যে লিপি বা সাহিত্য সৃষ্টি নেহোৱাৰ আগৰ পৰাই মানুহৰ মুখে মুখে ভাষা প্ৰচলিত হৈ আহিছে। পৃথিৱীত ব্যৱহৃত সকলো ভাষাই লিখিত ৰূপ লাভ নকৰাৰ আগতে মৌখিক ভাষা আছিল। এইদৰে মিচিং ভাষাই লিখিত ৰূপ লাভ কৰাৰ আগৰ পৰাই মানুহৰ মুখে মুখে প্ৰচলিত হৈ আহিছে আৰু তেতিয়াৰ সময়ত এই ভাষা কোৱা মানুহৰ সংখ্যা শতাংশ হিচাপত যথেষ্ট আছিল। কিন্তু বৰ্তমান সময়ত মিচিং ভাষা-সাহিত্যৰ উদ্যোগত আৰু ব্যক্তিগত পৰ্যায়ত মিচিং ভাষাত লিখা অনেক কিতাপ-পত্ৰ প্ৰকাশ পোৱাৰ পিছতো এই ভাষাৰ মৃত্যুমূখী অৱস্থাত উপনিত হোৱা বিষয়টো চিন্তাৰ কাৰণ হৈ পৰিছে। ইয়াৰ মূলতে হ’ল বৰ্তমান মিচিং মানুহে মাতৃভাষাত কথাবাৰ্তা কৰা লোকৰ সংখ্যা হ্ৰাস পাই আহিছে। বিশেষকৈ টাউন-চহৰত বসবাস কৰা মিচিং লোকসকলে মাতৃভাষাত কথা পাতিবলৈ অনীহা প্ৰকাশ কৰে। মিচিং সমাজে ক্ৰমান্বয়ে নিজৰ মাতৃভাষাত কথোপকথন কৰা পৰিহাৰ কৰি অসমীয়া বা অন্য ভাষাত পৰস্পৰে কথাবাৰ্তা কৰি ভাল পায়। অনামিচিং লোকৰ সৈতে কথা পাতোঁতে ৰাজ্যিক ভাষাত কথাবাৰ্তা কৰাতো যুক্তিসংগত, কিন্তু নিজা মানুহৰ মাজত কথা পাতোঁতেও নিজা মাতৃভাষা পৰিহাৰ কৰি অন্য ভাষাত কথাবাৰ্তা কৰি তেওঁলোকে গৌৰৱ অনুভৱ কৰে। এনে কাৰ্যই মিচিং ভাষাক অস্তিত্বৰ দিশে ঠেলি দিছে। স্মৰণযোগ্য কথা মানুহে কেৱল কথাবাৰ্তা পাতিও ভাষা এটা জীয়াই ৰাখিব পাৰে। কিন্তু কথাবাৰ্তা নাপাতিলে কেৱল লিখিত ৰূপত লাখ লাখ গ্ৰন্থ প্ৰকাশ পালেও ভাষা এটাক জীৱিত ভাষা বুলি ক’ব নোৱাৰি। উদাহৰণ স্বৰূপে সংস্কৃত ভাষাত বহুত কিতাপ-পত্ৰ আছে যদিও ই এটা মৃতভাষা হিচাপে পৰিগণিত হৈছে। মিচিং ভাষা-সাহিত্য উত্তৰণৰ ক্ষেত্ৰত মিচিং জাতীয় সংগঠনবোৰৰ নীতিও অস্পষ্ট। ভাষাৰ জৰীপ কৰোঁতে সেই ভাষাত মানুহৰ কথোপকথনৰ সংখ্যাৰ ওপৰত গণনা কৰা হয়। মাতৃভাষাটোৰ শ্ৰীবৃদ্ধি আৰু ভাষাটোক ৰক্ষা কৰাত জাতীয় দল-সংগঠনসমূহৰ কিছু কৰণীয় থাকে। সেইসমূহৰ ভিতৰত– জনগণক সচেতন কৰি বৌদ্ধিক বা সামাজিক আলোচনাৰ ভিত্তিত ভাষাটোৰ বিকাশৰ ক্ষেত্ৰত দেখা দিয়া সমস্যা সমাধান কৰা, পুথিভঁৰাল নিৰ্মাণ কৰি মিচিং ভাষাৰ পুথি অধ্যয়নৰ মানসিকতা গঢ়ি তোলা, গ্ৰন্থমেলা অনুষ্ঠিত কৰি নতুন লেখকক উৎসাহিত কৰা, মাতৃভাষাত সাহিত্য চৰ্চা কৰা লেখক-সাহিত্যসকলক বঁটা প্ৰদান কৰি উৎসাহিত কৰা, ভাষাৰ শুদ্ধ ব্যৱহাৰ কৰিবলৈ প্ৰশিক্ষণ দিয়া, সাংবিধানিক প্ৰক্ৰিয়াৰে মিচিং ভাষাক জীয়াই ৰক্ষাৰ বাবে চৰকাৰক হেঁচা প্ৰয়োগ কৰা আদি। তদুপৰি জাতীয় সংগঠনসমূহে প্ৰচাৰ কৰা গোহাৰি-পত্ৰ, প্ৰচিডিং বহী, সংগঠনৰ দ্বাৰা প্ৰকাশ কৰা মুখপত্ৰ-আলোচনী আদিত মাতৃভাষাত লিখা লেখা অগ্ৰাধিকাৰ দিব লাগে। সংগঠনৰ ফালৰ পৰা বিষয়ববীয়ালৈ প্ৰেৰণ কৰা চিঠি-পত্ৰ মিচিং ভাষাত লিখিব লাগে। ভাষাটো সুৰক্ষিত কৰিবলৈ হ’লে সংগঠিত ৰূপত আগবাঢ়িব লাগিব। এজন ব্যক্তিৰ দ্বাৰা ইয়াক ৰক্ষা, প্ৰচাৰ আৰু প্ৰসাৰ কৰা সম্ভৱ নহয়। ইয়াৰ বিপৰীতে জাতীয় সংগঠনসমূহ যদি নীৰৱ হৈ থাকে, তেওঁলোকৰ কৰণীয় দায়িত্বখিনি পালন নকৰে, ৰাইজক মাতৃভাষাৰ প্ৰতি দায়িত্বশীল কৰি যদি নোতোলে, তেতিয়াহ’লে তেওঁলোকে জনসমৰ্থন হেৰুৱাব আৰু নৈতিকভাৱেও নিজকে জাতীয় সংগঠন বুলি কৈ অহা মৰ্যাদা হেৰুৱাব। সাম্প্ৰতিক বিশ্বায়নে আমালৈ এনে এটি সন্ধিক্ষণ আনি দিছে যে এই সময়ত আমি সকলোৱে পাশ্চাত্যৰ প্ৰভাৱেৰে প্ৰভাৱিত হৈছে। একোটা জাতিৰ জাতীয়তাবোধৰ প্ৰথম তথা প্ৰধান সম্পদটো হৈছে নিজৰ মাতৃভাষা। বৰ্তমান সময়ত ভাষাটোলৈ নামি অহা বিভিন্ন ভাবুকিসমূহে প্ৰায়ে জাতিটোক বিশৃংখল কৰি পেলাইছে। দুৰ্ভাগ্যৰ কথা মিচিং সমাজৰ পৰা ভাল লেখকৰ সংখ্যা কমকৈ ওলাইছে। অধ্যয়নৰ অভাৱত লেখক সৃষ্টি হোৱা নাই। এনে বহুতো শিক্ষিত মিচিং মানুহ দেখিছো মিচিং ভাষাত ৰচনা কৰা কিতাপ-পত্ৰ পঢ়িব নজনাতো আনৰ আগত কৈ গৌৰৱবোধ কৰে। মিচিং সমাজৰ পৰা যি সামান্য পৰিমাণৰ লেখক সৃষ্টি হৈছে ইয়াৰ মাজতো সামাজিক দায়বদ্ধতাৰ অভাৱ দেখা যায়। বৰ্তমান চৰকাৰে জনজাতীয় ভাষাক জীয়াই ৰাখি প্ৰচাৰ-প্ৰসাৰৰ বাবে শিক্ষানুষ্ঠানত শিক্ষাৰ মাধ্যম হিচাপে প্ৰৱৰ্তন কৰাটো নীতিগত কথা। ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে বিগত ৭ ফেব্ৰুৱাৰীত (২০২২) ভাৰতীয় সংবিধানৰ ৩৫০ (ক) অনুেচ্ছদ আৰু ৰাষ্ট্ৰীয় নতুন শিক্ষা নীতি-২০২০ মৰ্মে অসমৰ প্ৰতিটো খিলঞ্জীয়া জনজাতীয় ভাষাক শিক্ষাৰ মাধ্যম হিচাপে স্বীকৃতি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰাটো জনজাতীয় ভাষাৰ বাবে নিশ্চিতভাৱে ভাল খবৰ। মিচিং, ৰাভা, তিৱা আৰু দেউৰী ভাষাক পঞ্চম শ্ৰেণীলৈ, কাৰ্বি ভাষাক অষ্টম শ্ৰেণীলৈ, বড়ো ভাষা আৰু গাৰো ভাষাক দ্বাদশ শ্ৰেণীলৈ নীতিগতভাৱে শিক্ষাৰ মাধ্যম হিচাপে আৰু ডিমাচা ভাষাক বিষয় ভাষা হিচাপে প্ৰৱৰ্তন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। অৱশ্যে ই বাস্তৱত কিমান কাৰ্যকৰী হ’ব সময়তহে ক’ব পৰা যাব।

ফোনঃ ৯৬১৩৬৮৮৮৫৬

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More