ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.
শতাব্দ প্ৰতিনিধি,তেজপুৰ,২জুলাইঃ কালি পুৱতি নিশা মিছামাৰীত নিহত হৈছে এটা কম বয়সীয়া দঁতাল হাতী। আজি পোহৰলৈ অহা তথ্য অনুসৰি মিছামাৰীৰ কালামাটি বন্যপ্ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত অঞ্চলত এই শোকাৱহ ঘটনাটো সংঘটিত হয়। উল্লেখযোগ্য যে,মিছামাৰিস্থিত সেনা ছাউনীৰ লামা কেম্প চৌহদত বিদ্যুৎস্পৃষ্ট হৈ কালি পুৱতি নিশা বন্যহস্তীটোৰ মৃত্যু ঘটে। উল্লেখযোগ্য যে,খাদ্যৰ সন্ধানত সঘনাই সোণাই-ৰূপাই অভয়াৰণ্যৰ পৰা বন্য হস্তীৰ জাক ওলাই আহি মিছামাৰীৰ বিভিন্ন অঞ্চলৰ লগতে সেনা ছউনিতো প্ৰৱেশ কৰি ইয়াৰ ভঁৰালত মজুত থকা ৰছদ আদি ভক্ষণ কৰি আহিছে। যোৱা সময়চোৱাত তিনি-চাৰিটা হাতী বা অকলশৰীয়া হাতীয়ে এনে উপদ্ৰৱ চলাই আহিলেও পৰহি নিশা এটা প্ৰায় ২০-২৫জনীয়া হাতীৰ জাক বনাঞ্চলৰ পৰা ওলাই আহে। ইয়াৰে ভিতৰত লামাকেম্পৰ ভিতৰত প্ৰৱেশ কৰা কমবয়সীয়া মতা হাতীটোৱে ইয়াত থকা এজোপা কঁঠাল গছৰ ওচৰলৈ অহা অৱস্থাত কাষতে থকা এটা বিদ্যুৎ খুঁটাত ভেজা দি নিহত হোৱা অৱস্থাত পুৱা উদ্ধাৰ কৰা হয়। উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰ সংলগ্ন খুঁটাটোত বিজুটিৰ বাবেই বিদুৎ প্ৰবাহিত হৈ আছিল আৰু তৎকালেই হাতীটোৰ মৃত্যু ঘটিছিল। এই ঘটনাৰ পাছতে খুটাটোৰ বিদ্যুৎ সংযোগ কৰ্টন কৰে সেনাই। কালি পুৱতি নিশা প্ৰায় ৪-৩০বজাত এইবিষয়ে বনবিভাগক জনোৱা হয় আৰু ঘটনাস্থলীত শোণিতপুৰ বন্যপ্ৰাণী সংমণ্ডলৰ বিষয়াৰ লগতে নামেৰী,কালামাটি বনাঞ্চলিক কাৰ্যালয়ৰ বনবিষয়া তথা গাভৰু বীট কাৰ্যালয়ৰ বনকৰ্মী আদিৰ উপস্থিতিত মৃত হাতীটোৰ মৰণোত্তৰ পৰীক্ষা কৰি লামা কেম্প চৌহদতে হাতীটোৰ মৃতদেহ পোতা হয়। যোৱা নিশাও পুনৰ হাতীৰ এটা জাক সেনা ছউনিত প্ৰৱেশ কৰিছিল যদিও নিশাই জাকটোক বনকৰ্মীয়ে খেদি পঠায় ।
ইপিনে চাৰিদুৱাৰৰ দুই নম্বৰ মোলান গাঁৱত তিনিদিন পূৰ্বে এজন লোকক হত্যা কৰা আৰু এটা ঠেঙত আঘাতপ্ৰাপ্ত বনৰীয়া হাতীটোৱে আশে পাশে উপদ্ৰৱ অব্যাহত ৰাখিছে । প্ৰকাণ্ড হাতীটো আঘাতপ্ৰাপ্ত হৈ থকাৰ বাবেই অধিক উগ্ৰ হৈ উঠাৰ উপৰি মানুহক আক্ৰমণ কৰিবলৈ উদ্যৎ হয় বুলি একাংশ লোকে মন্তব্য কৰাৰ লগতে হাতীটোৰ ক্ষেত্ৰত বন বিভাগৰ শীৰ্ষ মহলে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উঠিছে ।
পূৰ্বৱৰ্তী লেখা