মিজোৰামত দেশৰ ভিতৰতে এইডছ আক্ৰান্ত সৰ্বাধিক

ভয়ংকৰ পৰিসংখ্যাই বঢ়াইছে উদ্বেগ

0 16

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৪ আগষ্ট : মিজোৰামত ৰাষ্ট্ৰীয় গড়ৰ তুলনাত ১০ গুণ বেছি এইডছ ৰোগী আছে। এই তথ্য প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় এইডছ নিয়ন্ত্ৰণ সংস্থাই। দেশৰ ভিতৰতে সৰ্বাধিক এইডছ ৰোগীৰ সংখ্যা মিজোৰামত আছে। ১০.৯১ লাখ লোকৰ ভিতৰত (২০১১ চনৰ লোকপিয়ল অনুসৰি) তাত থকা ২.৩০ শতাংশ লোক এইচ আই ভিৰ বলি হৈছে। অৰ্থাৎ সেই ৰাজ্যত ২৭৩৭০ জন লোক এই ৰোগত আক্ৰান্ত হৈছে।১৯৯০ চনত মিজোৰামত প্ৰথমজন এইডছ ৰোগী পোৱা গৈছিল। তেতিয়াৰ পৰা কেৱল এইডছত ৩৫০৬ জন লোকৰ মৃত্যু হৈছে। ৰাজ্যিক এইডছ কণ্ট্ৰল ছ’চাইটি অৱ মিজোৰামে প্ৰকাশ কৰা অনুসৰি দেশৰ বাকী অংশতকৈ মিজোৰামত ১০ গুণ বেছি এইডছ আক্ৰান্ত হৈছে। মিজোৰামৰ পিছতে আছে নাগালেণ্ড। ইয়াত মুঠ জনসংখ্যাৰ ১.৪৫ শতাংশ লোক এইডছত আক্ৰান্ত। মিজোৰামৰ ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ মুৰব্বী ডাঃ লালথাংলিয়ানাই প্ৰশাসনিক পৰ্যায়ত এই ঘটনা সন্দৰ্ভত সতৰ্কবাণী প্ৰদান কৰিছে। পৰিসংখ্যাই দেখুৱাইছে যে দেশত এইডছত আক্ৰান্ত লোকৰ সংখ্যা যুৱক-যুৱতীসকলৰ মাজত সৰ্বাধিক। ২৫ৰ পৰা ৩৪ বছৰ বয়সৰ লোকৰ ভিতৰত মিজোৰামত এইডছৰ প্ৰাদুৰ্ভাৱ সৰ্বাধিক। দেখা গৈছে যে মুঠ জনসংখ্যাৰ প্ৰায় ৪২.১২ শতাংশই যুৱক-যুৱতীসকলৰ মাজত এই এইডছক দানৱীয়ভাৱে আক্ৰমণ কৰি আছে। দেশত ৩৫ৰ পৰা ৪৯ বছৰ বয়সৰ ২৭ শতাংশ যুৱক এইডছত আক্ৰান্ত। দেখা গৈছে যে দেশত ৬৫ শতাংশ এইডছ ৰোগীৰ সংক্ৰমণ হৈছে যৌন সম্পৰ্কৰ জৰিয়তে। বাকী ৩১ শতাংশই শিৰাত দিয়া ঔষধৰ পৰা বিয়পি পৰা বুলি জানিব পৰা গৈছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More