মিলিব্লগাৰ : নতুন যুদ্ধাস্ত্ৰ!

0 85

দাদুল দেৱকৃষ্ণ বৰুৱা

এতিয়া ছচিয়েল মিডিয়াৰ যুগ। ট্ৰেণ্ডিঙৰ ক্ষেত্ৰত ৰিল, ব্লগিং, ভ্লগিং প্ৰথম স্থানত আছে। প্ৰায় সকলোৱেই দিনটোৰ ২৪ ঘণ্টাৰ কেবাটাও ঘন্টা মোবাইলত উপলব্ধ মনোৰঞ্জনত ব্যয় কৰিছে। পিছে আপুনি জানেনে যে এই ট্ৰেণ্ডিং নিপুণ ধৰণেৰে ‘অস্ত্ৰ’ত পৰিণত হৈছে?

মিলিটাৰী ব্লগাৰ, চমুকৈ মিলিব্লগাৰ। যুদ্ধক্ষেত্ৰৰ পৰাই খবৰ দিয়ে, ঘটনাৰ পৰিস্থিতি বৰ্ণনা কৰে। ছচিয়েল মিডিয়া মিছা কথাৰ ভঁৰাল হৈ পৰিছে। তথ্যক প্ৰকৃত বা ভুৱা বুলি বিচাৰ কৰিলেও মানুহে কেতিয়া অপপ্ৰচাৰৰ জালত ভৰি দিয়ে সেই কথাও গম নাপায়। শেহতীয়াকৈ ৱাশ্বিংটনৰ এটা গৱেষণা সংস্থাই তেওঁলোকৰ প্ৰতিবেদনত দাবী কৰিছে যে যুদ্ধৰ প্ৰেক্ষাপটত মিলিব্লগাৰৰ প্ৰভাৱ গুৰুত্বপূৰ্ণ হৈ পৰিছে। আনহাতে অলপ বিপজ্জনকো। বহু সময়ত ব্যক্তিগত স্বাৰ্থৰ বাবে ভুৱা তথ্য প্ৰদান কৰা হৈছে। সেই ব্লগাৰসকলৰ বিতৰ্কিত মন্তব্যৰ দ্বাৰা বহু লোক প্ৰভাৱিত হয়। এই সকলোবোৰৰ আঁৰত আছে এক শীৰ্ষ নেতৃত্বৰ মস্তিষ্কপ্ৰসূত ক্ষুৰধাৰ ‘কৌশল’।

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধত ছ’চিয়েল মিডিয়া অন্যতম গুৰুত্বপূৰ্ণ আহিলা হৈ পৰিছে। ড্ৰয়িং ৰূমৰ পৰা যুদ্ধক্ষেত্ৰলৈকে এতিয়া সকলোতে ব্লগাৰ আছে। ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ অন্যতম মাউথপিছ হৈ পৰিছে মিলিব্লগাৰৰ ছ’চিয়েল মিডিয়া চেনেল। ২৪ ফেব্ৰুৱাৰীত যুদ্ধ আৰম্ভ হোৱাৰ পিছত ৫০০ৰো অধিক ব্লগ সৃষ্টি হৈছে। প্ৰতিটো ব্লগ জাতীয়তাবাদী আৰু প্ৰজ্বলনশীল বাৰ্তা, যুদ্ধৰ সমৰ্থন, বিধ্বংসী মতাদৰ্শৰে ভৰপূৰ।

আমেৰিকান সংস্থাটোৰ প্ৰতিবেদন অনুসৰি যেতিয়া কোনেও ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ বক্তব্য শুনিব নিবিচাৰে তেতিয়া কিন্তু এই ব্লগাৰসকলে কোৱা কথাবোৰ মানুহে বিশ্বাস কৰি আছে। তেওঁলোকৰ কথাৰ দ্বাৰা প্ৰভাৱিত হোৱা দেখা গৈছে। দেখা গৈছে যে ক্ৰেমলিনৰ অফিচিয়েল টিভি চেনেলে যি কৈছে, ব্লগাৰসকলে যি কৈছে, সেয়া সম্পূৰ্ণ বিপৰীত। মস্কোৱে কয় যে বহু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিও তেওঁলোকে এই মিলিব্লগাৰসকলক নিয়ন্ত্ৰণলৈ আনিব পৰা নাই। কিন্তু সঁচাকৈয়ে তেনেকুৱাইনে! এই ব্লগাৰসমূহক ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে গৰিহণা দিয়ে যদিও যুদ্ধক সমৰ্থন কৰে। ইউক্ৰেইনৰ বিৰুদ্ধে অধিক আক্ৰমণাত্মক হ’বলৈ ৰাছিয়ান বাহিনীক উচটনি দিয়া অব্যাহত আছে। এই মিলিব্লগাৰসকলে টেলিগ্ৰাম, ভি কে (ইউৰোপীয় ছ’চিয়েল নেটৱৰ্ক), ইউটিউব বা আন যিকোনো মাধ্যমত কাম কৰি আছে। কোনো চৰকাৰী বিভাগে দিয়া খবৰ ব্যৱহাৰ কৰা নাই। তেওঁলোকে নিজৰ নিজৰ মতামত আৰু যুক্তি মুক্তভাৱে কৈছে। ৰাছিয়াৰ সামৰিক নেতাক সমালোচনা কৰিবলৈ ভয় নকৰাকৈ কৈছে। আনকি বহুতে ইউক্ৰেইনৰ যুদ্ধত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ব্যৰ্থতাৰ ওপৰতো আঙুলি তুলিছে। তেওঁলোকৰ প্ৰত্যেকৰে পাঁচ, দহ লাখ অনুগামী। তেনে এজন ব্লগাৰে ৰাছিয়াৰ সেনাধ্যক্ষসকলক পোনপটীয়াকৈ গৰিহণা দি কয় যে কেনেকৈ কোনো সঠিক পৰিকল্পনা অবিহনে ৰাছিয়াৰ সৈন্যক বিপদৰ মাজলৈ ঠেলি দিয়া হৈছে।

প্ৰথম অৱস্থাত পুটিনে এই সকলো ব্লগাৰক লুকুৱাই ৰাখিছিল, সমৰ্থন কৰিছিল। কিন্তু এতিয়া পৰিস্থিতি কেতিয়াবা নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈ আছে। যুদ্ধৰ সমৰ্থনত ৰাছিয়াৰ সামৰিক ব্লগাৰ চাইমন পেগভৰ এটা টেলিগ্ৰাম চেনেল আছে। চেনেলটোৰ নাম ‘ৱাৰগনজো’। পেগভে তেওঁৰ চেনেলত দাবী কৰে যে তেওঁৰ দৰে ব্লগাৰৰ হিট-লিষ্ট তৈয়াৰ কৰা হৈছে। তেওঁৰ অভিযোগ যে ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে এই কিল লিষ্ট তৈয়াৰ কৰিছে।

পেগভে দাবী কৰিছিল যে ৰাছিয়াৰ সেনাবাহিনীৰ জেনেৰেল আৰু মিলিটাৰী কমাণ্ডাৰসকলে ব্লগাৰৰ তালিকা তৈয়াৰ কৰি মন্ত্ৰালয়ক দিছিল মৃত্যুদণ্ডৰ নিৰ্দেশ। পেগভৰ এই পোষ্টটো ২.৮ কোটি লোকে চাইছে। পিছলৈ অৱশ্যে পেগ’ভে নিজৰ বক্তব্যৰ পৰা কিছু পিছুৱাই গ’ল। এই ব্লগাৰসকলক যুদ্ধৰ বাতৰি দিয়াৰ ক্ষেত্ৰত স্বচ্ছতাৰ বাবেও পুটিনে প্ৰশংসা কৰে। ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে একাংশ বিখ্যাত ব্লগাৰৰ বাবেও প্ৰচাৰ চলাইছে। ফলত এইটো স্পষ্ট যে ৰাছিয়া চৰকাৰী টিভি চেনেলৰ তুলনাত আখ্যান বেলেগ হ’লেও এই যুদ্ধ সমৰ্থক ব্লগাৰসকলৰ মূৰত শীৰ্ষ নেতৃত্বৰ অভয় হাত আছে। এয়াও মানুহৰ চকুত ধূলি মৰাৰ এক ৰণ-কৌশল।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More