মিশ্ৰৰ চমকঃ লখিমপুৰত ১২ ঘণ্টাত তিনি নকল সোণ বেপাৰী ধৃত

0 24
  •  ১৫ দিনৰ ভিতৰত অপৰাধীক নিজে আহি ধৰা দিয়াৰ নিৰ্দেশ আৰক্ষী অধীক্ষকৰ
    শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২২ মে’ ঃ দেওবাৰে নিশা প্ৰায় ৮ বজাত লখিমপুৰ জিলাত নতুনকৈ যোগদান কৰা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই কৰ্তব্যত যোগদান কৰাৰ ১২ ঘণ্টাৰ ভিতৰতে আজি ৩ টাকৈ নকল সোণৰ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ নকল সোণৰ বেহাৰ বিৰুদ্ধে আজি তেওঁ জিলাখনৰ বঙালমৰাৰ বালিটিকা, হৰিপুৰ আদিত অভিযান চলাই এই তিনিটা অপৰাধীক গ্ৰেপ্তাৰ কৰে৷ ধৃত লোককেইজন হৈছে চাদ্দাম হুছেইন, চৰিফুল ইছলাম আৰু গুলজাৰ হুছেইন৷ এই আটাইকেইজনে দীৰ্ঘদিন ধৰি নকল সোণৰ বেহাৰ লগত জড়িত হৈ বিভিন্নজনক প্ৰৱঞ্চনাৰে লাখ লাখ টকা লুণ্ঠন চলাই আহিছিল৷ আনন্দ মিশ্ৰই লখিমপুৰত যোগদান কৰাৰ খবৰ লাভ কৰাত বহু অপৰাধী এতিয়া ভয়ত কম্পমান হৈছে৷ ইয়াৰে ২-৩ জনে আকৌ চুবুৰীয়া ৰাজ্য অৰুণাচললৈ পলায়ন কৰিছে৷ ইফালে আজি লখিমপুৰৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই অপৰাধীসকলক কঠোৰ সকীয়নি দি কয় যে অপৰাধীসকল নিজে নিজে আহি ধৰা দিয়ক, মই আনিবলৈ গলে বেয়া হ’ব৷ অহা এসপ্তাহৰ ভিতৰত ৰাইজে এক্সন দেখিবলৈ পাব৷ ইয়াত সকলো দুৰ্নীতি মুক্ত কৰা হ’ব৷ ১৫ দিনৰ ভিতৰত সকলো বদমাছ হয় জেলত থাকিব নহয় লখিমপুৰৰ বাহিৰত থাকিব বুলিও তেওঁ কয়৷ প্ৰয়োজন সাপেক্ষে উদ্ধৰ্তম কতৃৰ্পক্ষৰ অনুমতি লৈ আমি অৰুণাচলতো অভিযান চলাম৷ পূৰ্বতে এনে অপাৰাধৰ লগত জড়িত থকা কোনো ব্যক্তি সাৰি নাযাব আৰু বেয়া মানুহৰ কাৰণে ইয়াত কোনো স্থান নাই বুলি তেওঁ কয়৷ ড্ৰাগছ, নকল সোণ, জাল নোট আদিৰে ভৰি পৰা লখিমপুৰ জিলাত আনন্দ মিশ্ৰই নিশা কৰ্তব্যত যোগদান কৰিয়েই অভিযান আৰম্ভ কৰাত লখিমপুৰবাসীয়ে সন্তোষ প্ৰকাশ কৰিছে৷ ইফালে আজি আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই আৰক্ষী বিষয়াসকলৰ লগত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More