মুক্তিৰ পূৰ্বেই তেজপুৰৰ শিৱম ক্ৰিয়েশ্যনৰ দ্বাৰা নিবেদিত চলচ্চিত্ৰ “অনুৰ” এ কঢ়িয়ালে বিশেষ সন্মান

কেৰালাৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত অনুৰাধা শৰ্মা পূজাৰীৰ কাহিনীৰ "অনুৰ"

0 97

মঞ্জুল বৰুৱা পৰিচালিত মুম্বাইৰ প্ৰসিদ্ধ ৰজত কাপুৰ, ডাঃ জাহানাৰা বেগম অভিনিত চলচ্চিত্ৰখনৰ সকলো কুশীলৱলৈ শুভেচ্ছা

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৪ অক্টোবৰ : অসমীয়া চলচ্চিত্ৰ উদ্যোগলৈ আন এক আশাৰ বতৰা কঢ়িয়াই তেজপুৰৰ পৰা শিৱম ক্ৰিয়েচনৰ ডাঃ গোপেন্দ্ৰ মোহন দাসৰ দ্বাৰা প্ৰযোজিত বহুল চৰ্চিত “অনুৰ’ৰ এইবাৰ অফিচিয়েল চিলেকচন হৈছে ভাৰতৰ বিখ্যাত ‘কেৰালা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ 2022 (International Film Festival of Kerela -IFFK2022) ত।IMG 20221024 WA0092 উল্লেখ্য যে IndianCinemaNow শাখাত ভাৰতৰ বছৰটোৰ শ্ৰেষ্ঠ ৭ খন চিনেমাৰ ভিতৰত ‘অনুৰ’ অন্তৰ্ভুক্তি হোৱাত তেজপুৰবাসীৰ লগতে ৰাজ্যখনৰ চলচ্চিত্ৰ জগতে গৌৰৱ অনুভৱ কৰিছে। উল্লেখ্য যে তেজপুৰৰ সচেতন সাংস্কৃতিক কৰ্মী তথা বিশিষ্ট চিকিৎসক ডাঃ গোপেন্দ্ৰ মোহন দাস প্ৰযোজিত ,বহু চৰ্চিত “অনুৰ” পৰিচালনা কৰিছে এগৰাকী দক্ষ যুৱ পৰিচালক তথা বহুকেইটা ৰাজ্যিক – ৰাষ্ট্ৰীয় সন্মানেৰে বিভূষিত মঞ্জুল বৰুৱাই। আনহাতে মুম্বাইৰ ছিৰিয়াছ অভিনেতা ৰজত কাপুৰেও অভিনয় কৰা এই চলচ্চিত্ৰখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে ইতিমধ্যে বহু মঞ্চ নাট আৰু চলচ্চিত্ৰত মননশীল অভিনয়ৰে ৰাজ্যখনৰ ৰুচিশীল দৰ্শকৰ সমাদৰ লাভ কৰা তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ আজীৱন সদস্যা ডাঃ জাহানাৰা বেগমে ।ৰাজ্যখনৰ বিশিষ্ট গল্পকাৰ – ঔপন্যাসিক, সাংবাদিক সাহিত্য অকাডেমি বঁটাপ্ৰাপক অনুৰাধা শৰ্মা পূজাৰীৰ গল্প সংকলন “এজন পুৰুষ আৰু এজন নাৰী গল্প“ৰ “ভাল পোৱাৰ সময়” শীৰ্ষক এটি বিশেষ গল্পৰ কাহিনীৰ আধাৰত মঞ্জুল বৰুৱাৰ চিত্ৰনাট্য আৰু সংলাপ, সুমন দুৱৰাৰ চিনেমাটোগ্ৰাফী, জনপ্ৰিয় কন্ঠশিল্পী তৰালী শৰ্মাৰ সংগীত, অমৃত প্ৰীতমৰ চাউণ্ড ডিজাইন, গৰিমা শইকীয়া গাৰ্গৰ কষ্টিউম, তীব্ৰজ্যোতি বৈৰাগীৰ ৰূপসজ্জা টোৱেন চাঙৰ সম্পাদনা,পণজিৎ চাংমাইৰ কলা নিৰ্দেশনা, মুম্বাইত খ্যাতি লাভ কৰা অসম সন্তান দেৱজিৎ চাংমাইৰ ৰি ৰেকৰ্ডিং আৰু মিক্সিং, দেৱজিৎ গায়নৰ লোকেশ্যন চাউণ্ডৰ “অনুৰ” ৰ আন বিভিন্ন চৰিত্ৰ ৰূপায়ন কৰিছে ক্ৰমে – বলোৰাম দাস, উদয়ন দুৱৰা,বিভূতি ভূষণ হাজৰিকা,বিদ্যাভাৰতী, কুল কুলদীপ,ৰাজশ্ৰী শৰ্মাকে ধৰি দক্ষ অভিনেতা অভিনেত্ৰীয়ে। অহা ২৭ জানুৱাৰীত মুক্তি লাভ কৰিব লগা “অনুৰ”এ মুক্তিৰ পূৰ্বেই সন্মানীয় কেৰালা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত হোৱাত স্বাভাৱিকতে উৎফুল্ল হৈ পৰিছে তেজপুৰবাসী। ইতিমধ্যে তেজপুৰৰ বাণ থিয়েটাৰৰ পৰিয়ালে প্ৰয়োজকৰ লগতে অভিনেত্ৰী ডাঃ জাহানাৰা বেগম প্ৰমুখ্যে চলচ্চিত্ৰখনৰ সৈতে জড়িত সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More