মুখ্যমন্ত্রীয়ে ফ্লেগ অফ কৰি মুকলি কৰিলে ৮৩ খন বেচিক লাইফ চাপ’ৰ্ট এম্বুলেঞ্চ

0 25

অসম চৰকাৰে মৃত্যুঞ্জয় সেৱালৈ আগবঢ়াইছে ১৫০ খন নতুন বেচিক লাইফ চাপৰ্ট এম্বুলেঞ্চ। ২০৩০ চনৰ ভিতৰত বছৰত ২ হাজাৰ চিকিৎসক উলিওৱাৰ লক্ষ্য নিৰ্ধাৰণ। আয়ুষ্মান ভাৰতৰ দৰে আয়ুষ্মান অসম আঁচনি গ্ৰহণৰ চিন্তা-চৰ্চা অসম চৰকাৰৰ।

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১১ আগষ্টঃ অসমৰ স্বাস্থ্য খণ্ডত আজি নতুনকৈ সংযোজিত হ’ল ৮৩ খন বেচিক লাইফ চাপ’ৰ্ট (বি এল এছ) এম্বুলেঞ্চ। উল্লেখ্য যে অসম চৰকাৰে মৃত্যুঞ্জয় সেৱালৈ আগবঢ়াইছে ১৫০ খন নতুন বেচিক লাইফ চাপৰ্ট এম্বুলেঞ্চ। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে ৰাইজৰ বাবে মুকলি কৰে ইয়াৰে ৮৩ খন বি এল এছ এম্বুলেঞ্চ। জনতা ভৱনত আয়োজন কৰা এক অনুষ্ঠানত মুখ্যমন্ত্রীয়ে ফ্লেগ অফ কৰি এম্বুলেঞ্চ কেইখন মুকলি কৰে। উল্লেখ যে ৪ কোটি টকা ব্যয়ৰে ক্ৰয় কৰা হৈছে ১৫০খন বাহন। অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ২০০৮ চনৰ ৬ নৱেম্বৰত ৰ‍াজ্যত ১০৮ মৃত্যুঞ্জয় সেৱা আৰম্ভ হৈছিল। প্ৰথম অৱস্থাত অতি কম বাহনেৰে সেৱা আগবঢ়োৱা হৈছিল। এতিয়া ৰাজ্যত ৮০০খন ১০৮ সেৱাৰ বাহন আছে। এতিয়ালৈকে ৩ কোটি ৯১ লাখে লোকে ফোন কৰিছে মৃত্যুঞ্জয় সেৱালৈ। এই সেৱাৰ যোগেদি ১৯ লাখ গৰ্ভৱতী মহিলাক সেৱা আগবঢ়োৱা হৈছে। আনহাতে এই সেৱাৰ যোগেদি ২ লাখ লোকৰ প্ৰাণ ৰক্ষাৰ ক্ষেত্ৰত সহায়ক হৈছে। মুখ্যমন্ত্রীয়ে কয় যে প্ৰত্যেক এবছৰৰ মূৰে মূৰে এশ খন বাহন সলনি কৰি থকা হৈছে। প্ৰথমে কেন্দ্ৰীয় চৰকাৰে সহায় আগবঢ়াইছিল যদিও এতিয়া স্ব-অগ্ৰাধিকাৰ পুঁজিৰ জৰিয়তে বাহনসমূহ ৰিপ্লেছমেণ্ট কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে কয় যে ১৫ বছৰৰ মূৰে মূৰে বাহনসমূহ স্ক্ৰেপলৈ প্ৰেৰণ কৰিব লাগে। কিন্তু এম্বুলেঞ্চসমূহ ১৫ বছৰ কেতিয়াও নাযায়। সেয়ে অতি কম সময়ৰ ভিতৰত নিলামৰ ব্যৱস্থা কৰা হয়। মুখ্যমন্ত্ৰীয়ে কয় যে স্ক্ৰেপত যাবলগীয়া বাহন যদি কোনোবা বেচৰকাৰী সংস্থাই বিচাৰে তেন্তে বিনামূলীয়াকৈ প্ৰদান কৰা হ’ব। চৰ্ত হ’ব মাথোঁ স্বাস্থ্য খণ্ডত ব্যৱহাৰ হ’ব লাগিব বাহনসমূহ। অসমত স্বীকৃতিপ্ৰাপ্ত মেডিকেল কলেজৰ সংখ্যা ৯খনলৈ বৃদ্ধি পালে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে ধুবুৰী চিকিৎসা মহাবিদ্যালয়ে ইতিমধ্যে নেচনেল মেডিকেল কাউঞ্চিলৰ স্বীকৃতি ল‍াভ কৰিছে। ইয়াৰ লগে লগে এতিয়া অসমত ৯ খন স্বীকৃতিপ্ৰাপ্ত মেডিকেল কলেজ হ’ল। অহা বছৰ কোকৰাঝাৰ আৰু নলবাৰী মেডিকেল কলেজৰ এখন আৰম্ভ কৰা হ’ব। পূজাৰ পূৰ্বে ৫খন মেডিকেল কলেজৰ কাম আৰম্ভ হ’ব বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰে। মুখ্যমন্ত্রীয়ে লগতে কয় যে ২০৩০ চনৰ ভিতৰত বছৰত ২ হাজাৰ চিকিৎসক উলিওৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। আনহাতে গুৱাহাটীত আৰু এখন মেডিকেল কলেজৰ কথা মুখ্যমন্ত্রীয়ে সদৰি কৰে। আয়ুষ্মান ভাৰতৰ দৰে আয়ুষ্মান অসম এক আঁচনি লোৱাৰ কথাও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। যাৰ দ্বাৰা জ্যেষ্ঠ নাগৰিক, সাংবাদিক, ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ ৰেচন-কাৰ্ড নথকা লোক আদিক সামৰি ল’ব পৰা যাব। অনুষ্ঠানত মন্ত্ৰী কেশৱ মহন্ত, স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অবিনাশ যোশীৰ লগতে স্বাস্থ্য বিভাগৰ উচ্চপদস্থ বিষয়া আৰু অন্যান্য গণ্য-মান্য ব্যক্তি উপস্থিত আছিল।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More